🔹 থিতাতে দুজনৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ৩ আগষ্ট : যোৱানিশা লখিমপুৰৰ বাইপাছত পুনৰ সংঘটিত হল এক ভয়ংকৰ দুৰ্ঘটনা। এখন ব্ৰীজা গাড়ীয়ে ৰখাই থোৱা এখন ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি চূৰমাৰ হৈ পৰে। এই দুৰ্ঘটনাত গাড়ীখনৰ দুজনকৈ আৰোহীৰ থিতাতে মৃত্যু হোৱাৰ উপৰি চালকজন গুৰুতৰভাৱে আহত হয়। নিশা প্ৰায় দহ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰচণ্ড জোৰে খুন্দা মৰাৰ শব্দ শুনি স্হানীয় লোকে গৈ চালকজনক আৰু লোক দুজনৰ মৃতদেহ দুটা গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে আৰু গুৰুতৰভাৱে আহত চালকজনক লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা ব্ৰীজা গাড়ীখনৰ নম্বৰ হল এ এছ-০৭ এম-৩৯০৪। স্হানীয় একাংশ লোকে জনোৱা মতে, নগৰৰ পৰা বোৱালগুৰি হৈ তীব্র বেগত গৈছিল দুৰ্ঘটনা সংঘটিত কৰা ব্ৰীজা গাড়ীখন। তীব্র বেগত বোৱালগুৰি হৈ বাইপাছত উঠাৰ পাছতে ৰখাই থোৱা ট্ৰাকত খুন্দিয়াই গাড়ীখন দুৰ্ঘটনাত পতিত হয় আৰু দুজনৰ মৃত্যু হয়। দুৰ্ঘটনাৰ পাছত নিশাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহতকেইজনৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন উদ্ধাৰ কৰি সদৰ থানালৈ নিয়ে। নিহত দুজনৰ এজন যুৱক আৰু আনগৰাকী যুৱতী। জানিব পৰা মতে, গাড়ীখনৰ গৰাকী আছিল লখিমপুৰৰ ছিয়াজুলী ষ্টেচন তিনিআলি নিবাসী ৰাজু ঠাকুৰ। তেৱেঁই গাড়ীখন চলাইছিল। আনহাতে, নিহত দুজন হল কদম কছাৰীৰ চুমী সোণোৱাল আৰু যতীন মৰাং। আহত চালক ৰাজু ঠাকুৰৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ স্হানান্তৰ কৰা হৈছে। উল্লেখ্য যে স্হানীয় লোকৰ অভিযোগ মতে লখিমপুৰৰ বাইপাছটো এতিয়া অনৈতিক কাৰ্য্যৰ থলীত পৰিণত হৈছে। মদ ভাং, নিষিদ্ধ দব্য সেৱন কৰি গাড়ী চলোৱা, অনৈতিক কেতবোৰ কাম-কাজৰ বাবে বাইপাছত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। মাথোঁ কেইদিনমান পূৰ্বে বাইপাছটোৰ অভাৰব্ৰীজৰ কাষত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে যোৱানিশা এই ঘটনাটো সংঘটিত হয়। ৰাইজে বাইপাছত আৰক্ষীৰ টহলদাৰী দল নিয়োগৰ পোষকতা কৰিছে।
প্ৰেৰক জীৱন গোস্বামী