ৰহা নতুন চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ডঃ বিদ্যুত সংযোগ নথকা দোকানত অগ্নিকাণ্ডক লৈ ৰহস্য!
নিয়মীয়া বাৰ্তা, ২৭ মেঃ নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত তথা ৰহা নগৰৰ মধ্যস্থল ৰহা নতুন চাৰিআলিত যোৱানিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত দুখন ফল-মূলৰ দোকান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়। জানিব পৰামতে ৰহা নতুন চাৰিআলি বিগত ত্ৰিশ বছৰে ফল-মূলৰ ব্যৱসায় কৰা নাৰায়ণ দাস আৰু বিশ্ব বনিয়াৰ নামৰ ব্যৱসায়ীৰ দুজনৰ দোকানত বৃহস্পতিবাৰে মাজনিশা অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ব্যৱসায়ী দুজনৰ দোকানত মজুত ৰখা প্ৰায় দুই লক্ষাধিক টকাৰ বিভিন্ন প্ৰকাৰৰ ফল-মূল আৰু অন্যান্য সামগ্ৰী সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়। নিশা প্ৰায় বাৰবজাত সংঘটিত অগ্নিকাণ্ড ৰহা আৰক্ষীয়ে খবৰ পাই ৰহা অগ্নিনিবাৰ্পক বাহিনীৰ দ্বাৰা অগ্নি নিপাৰ্বিত কৰে । কিন্তু অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে, অগ্নি নিবাৰ্পক বাহিনীয়ে জুই নুমুৱাৰ সময়লৈকে দুখনকৈ দোকান জ্বলি ছাই হৈ গৈছিল। কিন্তু এই অগ্নিকাণ্ড কিদৰে সংঘটিত হ’ল কোনোৱে জ্ঞাত নহয় যদিত বিদ্যুতৰ সংযোগ নথকা দোকান দুখনত কেনেকৈ এই অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া অতি বিচাৰ্য বিষয় আৰু ৰহস্যজনক হৈ পৰিছে। ফল-মূলৰ ব্যৱসায়ী নাৰায়ণ দাস আৰু বিশ্ব বনিয়াৰ ভাষ্য অনুসৰি বিগত ত্ৰিশ বছৰে উক্ত স্থানতে ফল-মূলৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া ব্যৱসায়ী দুজনৰ দোকানত কোনে, কি কাৰণত অগ্নি সংযোগ কৰিলে সেয়া জ্ঞাত নহয় বুলি উল্লেখ কৰিছে। তদুপৰি উক্ত অগ্নিকাণ্ডৰৰ কাষতে থকা অন্য কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সৌভাগ্যক্ৰমে ৰক্ষা পৰে।
প্ৰেৰক ভৱজ্যোতি ডেকা