নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হটবেডত পৰিণত ফাঁচীবজাৰ–পাণ্ডু–আঠগাঁও; গুৱাহাটীত ভয়ংকৰ সংক্রমণ

নিয়মীয়া বাৰ্তা, ২২ জুনঃ বিশ্বজুৰি সংহাৰী ৰূপ লোৱা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ আতংক সর্বত্র বিয়পি পৰিছে৷ দিনকদিনে বৃদ্ধি পোৱা ক’ৰোনা ৰোগীয়ে ৰাজ্যবাসীক আতংকিত কৰি তুলিছে৷

সমান্তৰালভাৱে পৰিস্থিতি অধিক ভয়াৱহতাৰ দিশে গতি কৰিছে ৰাজধানী চহৰ গুৱাহাটী৷ ভ্রমণ বৃত্তান্ত নোহোৱাকৈয়ে এজনৰ পাছত আন এজন লোক ক’ৰোনাত আক্রান্ত হোৱাত মহানগৰীখনত সামাজিক সংক্রমণৰ আশংকা কৰা হৈছে৷ চিকিৎসকৰ পৰা ব্যৱসায়ীলৈ, আৰক্ষীৰ পৰা চোৰলৈ, ৰিক্সাচালকৰ পৰা বনকৰা মহিলালৈ, শাক–পাচলি বেপাৰীৰ পৰা সুৰাৰ বিপণীত কাম কৰা কর্মচাৰীলৈ মহানগৰীখনত আক্রান্ত লোকৰ তালিকাত অন্তর্ভুক্ত হৈছে৷ বিগত ২৪ ঘণ্টাত মহানগৰীত পুনৰ ৭৬জন লোক আক্রান্ত হৈছে৷ কামৰূপ মহানগৰ জিলা প্রশাসনৰ এটা সূত্রই সদৰী কৰা অনুসৰি গুৱাহাটীত ২৪ ঘণ্টাত প্রথমবাৰৰ বাবে ৭৬জন লোক আক্রান্ত হৈছে৷ ইয়াৰ লগে লগে গুৱাহাটীত ক’ৰোনা আক্রান্ত লোকৰ সংখ্যাই অতিক্রম কৰিলে ৫শৰ সীমা৷

চৰকাৰী ৱেবছাইটে উল্লেখ কৰা তথ্য অনুসৰি দেওবাৰে সন্ধিয়াপর্যন্ত গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ জিলাত ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা ৫৫২গৰাকী৷ ইয়াৰে ২১৬গৰাকী লোক বর্তমান চিকিৎসাধীন৷ সুস্থ হৈ ঘৰলৈ ওভতা লোকৰ সংখ্যা হৈছে ৩২৯গৰাকী৷ ইপিনে মাহনগৰীৰ আৰক্ষী থানাসমূহতো এতিয়া ক’ৰোনাৰ আতংক৷ হাতীগাঁও, দিছপুৰ আৰু গীতানগৰ আৰক্ষী থানাৰ পাছত এইবাৰ হাহাকাৰ লাগিছে পাণবজাৰ আৰক্ষী থানাত৷ এজন গৃহৰক্ষী জোৱানসহ মুঠ ৪গৰাকী পাণবজাৰ আৰক্ষী থানাৰ জোৱান আক্রান্ত হৈছে ক’ৰোনা ভাইৰাছত৷ প্রাপ্ত তথ্য অনুসৰি পুষ্পাৰাণী দাস, ছহিদুল ইছলাম তালুকদাৰ, হেৰম্ব কলিতা আৰু দণ্ডি কুমাৰ নামৰ আৰক্ষী লোককেইজনৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ আটাইকেইগৰাকীক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ ইয়াৰ পূর্বে পাণবজাৰ আৰক্ষী থানাৰ এজন উপ–পৰিদর্শক ক’ভিড–১৯ত আক্রন্ত হৈছিল৷ লক্ষণীয় যে আজি আক্রান্ত হোৱা পুষ্পাৰাণী দাস নামৰ মহিলা কনিষ্টবলগৰাকী আছিল পাণবজাৰস্থিত আৰক্ষী বিষয়া আৱাসিক কলনীৰ৷ তেওঁ বাস কৰা ব্লকটোত পাণবজাৰৰ উপৰি ভৰলু, পল্টনবজাৰ থানাৰ কেইবাজনো উচ্চপদস্থ আৰক্ষী বিষয়াই বাস কৰে৷ সম্প্রতি এই অঞ্চলটো কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ পুষ্পাৰাণী দাসৰ সংস্পর্শলৈ অহা এডিচিপি পঞ্জী দুৱৰা, আৰক্ষী বিষয়া দিলীপ ভৰালী, মৃণাল দাস, এচিপি অৰুণিমা ভূঞা আৰু এছ আই ৰাজু মিলিৰ লগতে পংকজ মহন্ত নামৰ এজন আৰক্ষী বিষয়াকো কোৱাৰেণ্টাইনত ৰখা হৈছে৷ আনহাতে, মহানগৰীৰ ফাঁচীবজাৰ, পাণ্ডু, বিমলা নগৰ, আঠগাঁও, পাণবজাৰ আদি অঞ্চল ক’ৰোনাৰ হটবেডত পৰিণত হৈছে৷ এই অঞ্চলসমূহত প্রতিদিনে আক্রান্ত ধৰা পৰিছে৷

মালিগাঁৱৰ বিভিন্ন অঞ্চলত আজিৰ দিনটোত ৭জন লোকৰ শৰীৰত ক’ৰোনা ধৰা পৰিছে৷ আক্রান্ত লোককেইজন সজল বর্মন, সুব্রত সেন, ৰাকেশ কুমাৰ, নিতু দেৱী, বুবুল কলিতা আৰু ব্রজেন হাজৰিকা বুলি জানিব পৰা গৈছে৷ পাণ্ডু এফ আৰ ইউত এই লোককেইজনৰ ছোৱাব নমুনা সংগ্রহ কৰা হৈছিল৷ বিমলানগৰৰ কনটেইনমেণ্ট জ’নত ১৩জন লোক আক্রান্ত হৈছে৷ স্মর্তব্য যে কালি ফাঁচীবজাৰৰ গোৱেংকা ট্রেডার্ছৰ তিনিজন কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ যোৱা ১৭ জুন পর্যন্ত কাপোৰৰ বিপণী খোলা আছিল৷ সেয়েহে বহু গ্রাহক ক’ৰোনাত আক্রান্ত কর্মচাৰীকেইজনৰ সংস্পর্শলৈ অহাৰ সন্দেহ কৰা হৈছে৷ আনহাতে, সুৰাৰ বিপণীত কর্মৰত নৱ বৰা নামৰ কর্মচাৰীজন হাতীগাঁৱৰ শোৱালি পথত আন ৯জন যুৱকৰ সৈতে থাকে বুলি জানিব পৰা গৈছে৷ উদ্বেগৰ বিষয় যে ক’ভিড–১৯ ধৰা পৰাৰ পূর্বে বৰা কলাইগাঁও আৰু টংলালৈ গৈছিল৷ দুয়োটা স্থানতে তেওঁ সুৰা ক্রয় কৰিছিল৷ মহানগৰীত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে কনটেইনমেণ্ট জ’নৰ সংখ্যাও বৃদ্ধি পাইছে৷ মহানগৰীত কালি পর্যন্ত ১৭৮টা অঞ্চলক কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ ইয়াৰে ১৪১টা কনটেইনমেণ্ট জ’ন সক্রিয় হৈ আছে৷

You might also like