বৈঠালাংছʼত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ তলত পৰিল যাত্ৰীসহ টাটা মবাইল
নিয়মীয়া বাৰ্তা, ৪ মেঃ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তৰ্গত দুৰ্গম পাহাৰীয়া অঞ্চল হাবাই ইংতিত মঙলবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ বৈঠালাংছ সাপ্তাহিক বজাৰত বজাৰ সমাপ্ত কৰি নিশা ঘৰলৈ উভতি যোৱাৰ সময়ত দুৰ্গম পাহাৰীয়া অঞ্চল হাবাই ইংতিৰ এটা কেকুঁৰি পাৰ হ’ব খোঁজোতেই টাটা মবাইলখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দʼ খাৱৈত বাগৰি পৰে । টাটা মবাইল খনে ৩৫ জনকৈ লোকক দুৰ্গম পাহাৰীয়া অঞ্চললৈ কঢ়িয়াই নি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ তলত বাগৰি পৰাৰ ফলত ৫জন যাত্ৰী ক্ৰমে কাৱে ইংতিপী,কাংবুৰা ইংতি,কামাৰ টেৰণ ,ৰঞ্জিত টেৰণ আৰু চাৰ্থে টেৰণ গুৰুতৰভাৱে আহত হয় ৷ ইতিমধ্যে বৈঠালাংছ’ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আঘাতপ্ৰাপ্ত আন কেইবাজনো যাত্ৰীক প্ৰাথমিক চিকিৎসা সেৱা প্ৰদান কৰা হৈছে ৷ আনহাতে উন্নত চিকিৎসাৰ বাবে সংকতজনক অৱস্থাত থকা ৫জনকৈ যাত্ৰীক ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ ইফালে উক্ত ভয়ানক দুৰ্ঘটনাটো কি কাৰণে সংঘটিত হ’বলৈ পালে, এই সন্দৰ্ভত বৈঠালাংছʼ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ