নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ : মৰিগাঁৱৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মিৰিকামাৰী চৰত কেইবাদিন ধৰি এটা বাঘে চলোৱা সন্ত্ৰাসত চৰবাসী বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। ইতিমধ্যে বাঘৰ আক্ৰমণত চৰটোত সাতটাকৈ গো-ধন নিধন হোৱাৰ পিছত চৰত বসবাস কৰা প্ৰায় ৬০/৬৫টা পৰিয়ালৰ লোক অধিক আতংকিত হৈ পৰিছে। এই খবৰ পোৱাৰ পিছত ভূৰাগাঁও আৰক্ষী আৰু বন বিভাগৰ লোক মিৰিকামাৰী চৰত গৈছিল যদিও বাঘটোৰ সন্ধান পোৱা নাছিল।নিশা হলেই চৰত বাঘটোৱে গো ধন চিকাৰ কৰি আহিছে। অৱশেষত আজি মৰিগাঁৱৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও জিলা বন বিভাগক লগত লৈ চৰত উপস্থিত হয় আৰু পৰিস্থিতি পৰ্যবেক্ষণ কৰে।। বাঘটো ওৰাঙৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে।
প্ৰেৰক আবুল কালাম