নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ শেহতীয়াকৈ ঘোষণা কৰা সাধাৰণ টেটৰ ফলাফলত ব্যাপক বিসংগতি হোৱা বুলি একাংশ প্রার্থীয়ে উত্থাপন কৰা অভিযোগৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছে ১২জনীয়া কমিটী৷ বুধবাৰে এই কথা সদৰী কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ অসম গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে প্রতিটো বিভাগৰ প্রতিনিধিৰে এই ১২জনীয়া কমিটীখন গঠন কৰা হৈছে৷ অতি কম সময়ৰ ভিতৰত বিশেষজ্ঞৰ জৰিয়তে প্রার্থীসকলে উত্থাপন কৰা অভিযোগ পৰীক্ষা কৰি কোনো প্রশ্ণৰ উত্তৰ ভুল আছিল নেকি, সেয়া বিচাৰ কৰা হ’ব৷ ডাঃ পেগুৱে কয়– ‘আমাৰ মতে সকলো ঠিকেই আছে৷ টেটৰ ফলাফলত কোনো গণ্ডগোল আমি পোৱা নাই৷ যিহেতু প্রার্থীসকলে এটা প্রশ্ণ উত্থাপন কৰিছে, সেয়েহে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ কোনকেইটা প্রশ্ণৰ উত্তৰ ভুল আছে সেয়া আমাক দেখুৱাই দিয়ক৷ ৭টা এনছাৰ কী ভুল বুলি আমাক লিখিতভাৱে অভিযোগ দিয়া হৈছে৷ অতি কম সময়ৰ ভিতৰত বিশেষজ্ঞসকলৰ দ্বাৰা এই উত্তৰসমূহ শুদ্ধ নে অশুদ্ধ সেয়া বিচাৰ কৰা হ’ব৷’
ইপিনে সকলো ঠিকে–ঠাকে থাকিলে অহা ৩১ মার্চৰ ভিতৰত হাইস্কুলৰ শিক্ষক নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰি বিশেষ টেট পুনৰ অনুষ্ঠিত কৰিবলৈ দাবী উত্থাপন কৰি অহা প্রসংগৰো তেওঁ প্রতিক্রিয়া প্রকাশ কৰে৷ শিক্ষামন্ত্রীগৰাকীয়ে কয় যে বিশেষ টেটত কোনোধৰণৰ গ্রেচ মার্ক দিয়া নহয়৷ কিয়নো একাংশ প্রার্থীয়ে গ্রেচ মার্ক প্রদানৰ বিৰোধিতা কৰি আহিছে৷ প্রয়োজন হ’লে চৰকাৰে পুনৰ টেট অনুষ্ঠিত কৰিব৷ উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত মাধ্যমিক টেটত এনছাৰ কীৰ ভুলৰ লগতে কেইবাটাও বিসংগতিৰ অভিযোগেৰে একাংশ প্রার্থীয়ে কিছুদিন পূর্বে ছেবাৰ কার্যালয় ঘেৰাও কৰিছিল৷ এই প্রতিবাদী প্রার্থীসকলে টেটৰ পুনৰ মূল্যায়নৰ দাবী উত্থাপন কৰি আহিছে৷