নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষা বিভাগৰ জাননীয়ে শ’লঠেকত পেলাইছে কামৰূপ জিলাৰ টেট শিক্ষকক

নিয়মীয়া বার্তা, ২৯ জুনঃ ক’ৰোনা মহামাৰীয়ে ৰাইজক পেলাই আহিছে শ’লঠেকত৷ এটাৰ পিছত আন এটা সমস্যাৰ উদ্ভৱ হোৱাত জর্জৰিত হৈ পৰিছে ৰাজ্যৰ জনসাধাৰণ৷ আনফালে, লকডাউনৰ সময়ছোৱাত ন্ধ হৈ আছে বিদ্যালয়সমূহ৷ ফলত বিদ্যালয়সমূহৰ শিক্ষকসকল সম্প্রতি নিজ নিজ ঘৰত আবদ্ধ৷ কিয়নো, ভাৰাঘৰত থাকিবলৈ নিদিয়ে ঘৰৰ মালিকে৷

ঠিক তেনে সময়তে জিলা প্রাথমিক শিক্ষা বিষয়াৰ কার্যালয়ৰ পৰা অহা এটি জাননীয়ে শ’লঠেকত পেলাইছে কামৰূপ জিলাৰ একাংশ শিক্ষকক৷No.EED-193/MISC/PT-I/2020/687-96 নম্বৰৰ জাননীৰ দ্বাৰা ধুবুৰী জিলা প্রাথমিক শিক্ষা বিষয়াই তৎকালে জিলাখনত কর্মৰত শিক্ষকসকলক জিলা মুখ্য কার্যালয়ত উপস্থিত থাক্বিলৈ জনায়৷ এই জাননী লাভ কৰি ধুবুৰী জিলাত কর্মৰত কামৰূপ জিলাৰ টেট শিক্ষকসকল চিন্তিত হৈ পৰিছে৷

কিয়নো, এই শিক্ষকসকলে ধুবুৰী জিলাৰ বিভিন্ন এলেকাত ঘৰ ভাৰাত লৈ শিক্ষকতা কৰি আহিছে৷ তেনেস্থলত ক’ৰোনা মহামাৰীৰ আতংকত বিদ্যালয়সমূহ ন্ধ হৈ পৰাত শিক্ষকসকল নিজ নিজ ঘৰত আছে৷ ভাৰাঘৰ এৰি অহা শিক্ষকসকলে শিক্ষা বিভাগৰ জাননী লাভ কৰি ভাৰাঘৰৰ মালিকক ফোনযোগে যোগাযোগ কৰে যদিও ভাৰাঘৰৰ মালিকসকলে ক’ৰোনা মহামাৰীৰ সময়ত সেই শিক্ষকসকলক তালৈ যোৱাটো বিচৰা নাই৷

এনে এক সন্ধিক্ষণত ভাৰাঘৰত থকা টেট শিক্ষকসকল চিন্তিত হৈ পৰিছে৷ এফালে শিক্ষা বিভাগৰ কঠোৰ নির্দেশ, আনফালে ভাৰাঘৰৰ মালিকৰ কঠোৰ সিদ্ধান্ত৷ এতিয়া কি কৰিব এই শিক্ষকসকলে শিক্ষকসকলে সেয়ে শিক্ষা বিভাগক অনুৰোধ জনাইছে প্রথমতে তেওঁলোকৰ থকাৰ ৱস্থা কৰিবলৈ৷

You might also like