নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰৰ ডিচি মানবেন্দ্র সিংসহ পৰিয়াল ক’ভিড নিগেটিভ

নিয়মীয়া বাৰ্তা ১৩ জুনঃ শোণিতপুৰৰ উপায়ুক্তসহ পৰিয়ালৰ ছোৱাবৰ ফলাফল নিগেটিভ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে জিলা প্রশাসনে৷ উল্লেখ্য যে এগৰাকী ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত ৰোগীৰ সংস্পর্শলৈ অহাৰ বাবেই শোণিতপুৰ জিলা উপায়ুক্তগৰাকীৰ চৰকাৰী বাসভৱনত কর্মৰত দুগৰাকীকৈ কর্মচাৰী কালি ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি চিনাক্ত হোৱাৰ পিছত অদ্যাপি আতংক অব্যাহত আছে জিলা প্রশাসনত৷ কালি উপায়ুক্তগৰাকীৰ কার্যালয়ৰ ২২গৰাকীৰ লগতে কেইবাগৰাকী নিৰাপত্তা ৰক্ষীক চহৰখনৰ তিনিটা পৃথক স্থানত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছিল৷
উপায়ুক্তৰ কার্যালয় আৰু বাসগৃহ চৌহদ ছেনিটাইজ কৰাৰ লগতে উপায়ুক্ত মানৱেন্দ্র প্রতাপ সিংসহ পত্নী আৰু সন্তানৰো নমুনা সংগ্রহ কৰা হৈছিল৷ আনহাতে উল্লিখিত কর্মচাৰীসকলৰ নমুনাৰ ফলাফল এই পর্যন্ত ওলোৱা নাই৷ উল্লেখ্য যে শোণিতপুৰত এই বাতৰি যুগুতোৱা পৰলৈকে ৮,১১৩গৰাকীৰ ছোৱাব পৰীক্ষা কৰা হৈছে৷ বর্তমানলৈ শোণিতপুৰত ৪৯ গৰাকী ক’ভিড–১৯ ৰোগী চিনাক্ত হৈছে৷ ইয়াৰে ১৭গৰাকী সুস্থ হৈ ডঠাত ৰিলিজ দিয়া হৈছে৷ অৱশ্যে কমলকৃষ পাল নামৰ এজন কর্কট ৰোগী ক’ভিডত আক্রান্ত হোৱাৰ পিছত যোৱা ১০ জুনত তেওঁৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়তে চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে৷

You might also like