নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ সাংসদ পল্লৱলোচন দাসৰ মহানুভৱতা

🔹 বিজ্ঞান পাঠ্যক্ৰমৰ ছাত্ৰীক পঢ়ুওৱাৰ দায়িত্ব গ্ৰহণ

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰ : তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাসে বালিপৰাৰ দৰিদ্ৰ ঘৰৰ এগৰাকী বিজ্ঞান পাঠ্যক্ৰমৰ ছাত্ৰীক পঢ়ুওৱাৰ দায়িত্ব গ্ৰহণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে । জানিব পৰা মতে, ৰঙাপৰা সমষ্টিৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ৰ বিজ্ঞান পাঠ্যক্ৰমৰ পঞ্চম ছেমিষ্টাৰৰ ছাত্ৰী আকাংক্ষা লহকৰৰ মাতৃ বালিপৰাৰ এৰাগাঁৱৰ বাসিন্দা পূৰ্ণিমা লহকৰে কালি সাংসদ দাসক ৰঙাপৰা মহাবিদ্যালয়ৰ যুৱ মহোৎসৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আহোঁতে সাক্ষাৎ কৰি নিজ কন্যাক পঢ়ুওৱাৰ ক্ষেত্ৰত আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱাৰ কথা অৱগত কৰে । লগতে নিজ কন্যাৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে কাতৰ আহ্বান জনায় । এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাংসদগৰাকীয়ে ছাত্ৰীগৰাকীক পঢ়ুওৱাৰ দায়িত্ব গ্ৰহণ কৰাত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে সন্তোষ প্ৰকাশ কৰিছে । উল্লেখ্য যে আকাংক্ষা লহকৰ নামৰ ছাত্ৰীগৰাকী ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সক্ৰিয় স্বেচ্ছাসেৱক ।

You might also like