নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত অৰেজ দম্পতীৰ হত্যাকাৰী দুই ভাতৃক গ্রেপ্তাৰ

ধন–সোণৰ লোভতে নৃশংস হত্যাকাণ্ড

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ তেজপুৰত বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা কৰা দুই হত্যাকাৰী জালত পৰিল আৰক্ষীৰ৷ কোনো আখেজ বা প্রতিশোধ পূৰণৰ বাবে নহয়, ধন–সোণৰ বাবেই অতি নৃসংশভাৱে হত্যা কৰা হৈছিল তেজপুৰৰ বৃদ্ধ দম্পতী ব্রাইন অৰেজ আৰু আশা অৰেজক৷ কর্মসূত্রে তেজপুৰলৈ আহি স্থানীয় পতিয়াচুবুৰিত বাসগৃহ সাজি ৩০ বছৰ ধৰি বসবাস কৰি অহা এই দম্পতীৰ পৰিয়ালৰ সদস্য ঘৰত নথকাৰ সুযোগ গ্রহণ কৰি যোৱা ২০ নৱেম্বৰৰ নিশা ১১.৩০মান বজাত ঘৰত প্রৱেশ কৰিছিল অপৰাধী ভাতৃদ্বয় উজ্জ্বল বেজবৰুৱা (২৪) আৰু গিতুমণি বেজবৰুৱা (২০)৷ উল্লেখ্য যে বিগত পোন্ধৰ দিন ধৰি এই হত্যাকাণ্ডৰ চহৰখনত ব্যাপক চর্চা অব্যাহত থকাৰ সময়তেই কালি নিশা আৰক্ষীৰ জালত পৰিল দুই হত্যাকাৰী ভাতৃ৷ আজি এই সন্দর্ভত শোণিতপুৰৰ উপ–আৰক্ষী অধীক্ষক ড০ ৰশ্মিৰেখা শর্মাৰ উপস্থিতিত অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতোৱে এখন সংবাদ মেলৰ আয়োজন কৰি হত্যাকাণ্ডৰ বিষয়ে অৱগত কৰে৷ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে যোৱা ২১ নৱেম্বৰৰ দিনা অৰেজ দম্পতীৰ বিবাহিত কন্যা ডেফনি আৰু ডৰ’ফিয়ে দিল্লী আৰু পুনেৰ পৰা ফোনত পিতৃ–মাতৃক যোগাযোগৰ বাবে বহুবাৰ চেষ্টা কৰিও বিফল হোৱাত তেজপুৰৰ সম্পক্য় লোকক বিষয়টো অৱগত কৰিছিল৷ ইয়াৰ পাছতেই স্থানীয় পতিয়াচুবুৰিৰ একাংশ লোকৰ স’তে সম্পক্য় লোকে অৰেজ দম্পতীৰ বাসগৃহ চৌহদত উপস্থিত হৈ পিছফালৰ দুৱাৰখন খোলা অৱস্থাত প্রত্যক্ষ কৰে৷ সেই সময়তে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী দলৰ সৈতে প্রৱেশ কৰি দম্পতীটোক মৃত অৱস্থাত উদ্ধাৰ কৰে৷ বাসগৃহটোৰ ভিতৰৰ বয়বস্তু আৰু সা–সামগ্রী ছেদেলি–ভেদেলি হৈ থকাৰ প্রতি লক্ষ্য ৰাখি স্বাভাৱিকতে ডকাইতিৰ সন্দহ কৰা হৈছিল৷ হত্যাকাৰীৰ সন্ধানত স্নিফাৰ ডগো ব্যৱহাৰ কৰিছিল আৰক্ষীয়ে৷ ইয়াৰ পাছতে ২২ নৱেম্বৰৰ দিনা দিল্লী আৰু পুনেৰ পৰা জোঁৱাইসহ দুই কন্যা তেজপুৰত উপস্থিত হৈ এজাহাৰ দাখিল কৰে৷ তেজপুৰ কছাৰীগাঁও আৰক্ষী চকীৰ অন্তর্গত পতিয়াচুবুৰিত সংঘটিত এই ঘটনা সম্পক্য় এজাহাৰখন আৰক্ষীয়ে পঞ্জীয়নভুক্ত কৰাৰ সমান্তৰালভাৱে আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্তৰ নেতৃত্বত চি আই ডিৰ দ্বাৰা তদন্ত আৰম্ভ কৰাৰ লগতে এক বিশেষ গোটৰ জৰিয়তেও তদন্ত চলাই থকা হৈছিল৷ এই তদন্তসমূহৰ ফলস্বৰূপে লাভ কৰা গোপন তথ্যৰ ভিত্তিত কালি নিশা অভিযান চলাই অৰেজ দম্পতীটোৰ বাসগৃহৰ কাষৰে চৌহদত ভাৰাতীয়া হিচাপে থকা উজ্জ্বল বেজবৰুৱা আৰু সমীপৱত্ বেবেজীয়াৰ পৰা গিতুমণিক আটক কৰে৷ ধৃত দুই ভাতৃৰ পৰা অৰেজ দম্পতীটোৰ ঘৰৰ পৰা ডকাইতি কৰা সোণ–ৰূপৰ আ–লংকাৰৰ লগতে কেতবোৰ সামগ্রী উদ্ধাৰ কৰা হয় যদিও টেমাত থকা ৫০ হাজাৰ টকাৰ খুচুৰা পইচাসহ কিছু পৰিমাণৰ নগদ ধন দুই ভাতৃয়ে ইতিমধ্যে মদ–ভাং খাই শেষ কৰা বুলি স্বীকাৰ কৰিছে৷

আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত ধৃত ভাতৃদ্বয়ে যোৱা ২১ নৱেম্বৰৰ নিশা প্রথমে চকুৰে কম দেখা ৮৫ বছৰীয়া ব্রাইন অৰেজক ডিঙি চেপি হত্যা কৰাৰ পাছত পত্নী আশা অৰেজক চোকা অস্ত্রৰে হত্যা কৰা বুলি স্বীকাৰ কৰিছে৷ উল্লেখ্য যে নলবাৰী জিলাৰ ঘগ্রাৰ সাগৰকুছি গাঁও নিৱাসী তথা পিতৃ মনোজ বেজবৰুৱাক হত্যা কৰাৰ গোচৰতো উজ্জ্বল বেজবৰুৱা আৰু গিতুমণি বেজবৰুৱা অভিযুক্ত হৈছিল৷ এই হত্যাকাণ্ডত জডিত থকাৰ অপৰাধত উজ্জ্বলে কাৰাবাসো খাটিবলগীয়া হৈছিল যদিও নাবালক হোৱা হেতু গিতুমণি শাস্তিৰ পৰা ৰক্ষা পৰিছিল৷ কাৰাবাসৰ পৰা ওলোৱৰ পাছতে যোৱা প্রায় পাঁচ বছৰ ধৰি তেজপুৰতে দুই ভাতৃয়ে পৃথকে পৃথকে ভাৰাতীয়া হিচাপে থাকিবলৈ লৈছিল৷ গিতুমণিয়ে স্থানীয় বেবেজীয়া অঞ্চলত থকাৰ বিপৰীতে উজ্জ্বলে বৃদ্ধ দম্পতীটোৰ কাষৰে এঘৰত ভাৰাতীয়া হিচপে থাকিবলৈ লৈছিল৷ বিগত সময়ছোৱাত মটৰচাইকেল চুৰিকাণ্ডৰ সৈতে জডিত হৈ থকা এই দুই অপৰাধী ভাতৃৰ চকুত পৰিছিল পৰিয়ালৰ আন সদস্য অবিহনে বৃদ্ধ দম্পতীটো থকা বাসগৃহটোলৈ৷ ইয়াৰ পাছতেই অতি শীতল মস্তিষ্কৰে দুই ভাতৃয়ে ২০ নৱেম্বৰৰ নিশা বাসগৃহটোত প্রৱেশ কৰি ডকাইতি কাণ্ডতে ক্ষান্ত নাথাকি অতি নৃশংসভাৱে হত্যা কৰিলে অৰেজ দম্পতীক৷ উল্লেখ্য যে আজি এখন সংবাদ মেলত অৰেজ দম্পতীৰ জেজাৱাইসহ উপস্থিত থকা দুই কন্যাই সাংবাদিকৰ আগত আগবঢ়োৱা বক্তব্যত কয়– দেশৰ ভিন্ন প্রান্তত কর্মসূত্রে ঘূৰি ফুৰা মোৰ পিতৃ ৩৫ বছৰ পূর্বে তেজপুৰত চাকৰি কৰাৰ সময়তে নিজ ভূমি হিচাপে গণ্য কৰিছিল এই চহৰখনক৷ যাৰ বাবে এন আৰ চি কে ধৰি বিভিন্ন তথ্যপাতিত তেজপুৰৰ স্থায়ী বাসিন্দা হিচাপে প্রতিষ্ঠা কৰি নিগাজীকৈ থাকিবলৈ লৈছিল মাৰ স’তে৷ মোৰ বৃদ্ধ পিতৃ–মাতৃৰ এনে কৰুণ মৃত্যু কেতিয়াও কামনা কাৰ নাছিলোঁ৷ যি কি নহওক, হত্যাকাণ্ড সংঘটিত হোৱাৰ ১৫ দিনৰ ভিতৰতে দুই হত্যাকাৰী গ্রেপ্তাৰ হোৱাত শোণিতপুৰ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছেছা৷ ইপিনে ভাৰতীয় দণ্ডবিধিৰ ৩০২ আৰু ৩৪নং ধাৰাৰ অধীনত গ্রেপ্তাৰ কৰা দুই অপৰাধী ভাতৃ উজ্জ্বল আৰু গিতুমণিক হাজোতলৈ প্রেৰণৰ বাবে আৰক্ষীয়ে ব্যৱস্থা গ্রহণ কৰিছে৷

You might also like