থানাৰ বাহিৰত এজাহাৰ লিখিবলৈ কিয় থাকে মানুহ? গ্রেপ্তাৰ কৰক
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰ: দুর্নীতি আৰু দালালৰাজৰ বিৰুদ্ধে পুনৰ কঠোৰ হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ জনতা ভৱনৰ পৰা থানালৈ বিস্তাৰিত হৈ পৰা দালালৰ দপদপনি বন্ধ হ’ব লাগিব বুলি আজি স্পষ্টকৈ সকীয়াই দিয়ে মুখ্যমন্ত্রীগৰাকীয়ে৷ মাটিৰ দালাল আৰু ডিটিঅ’ অফিচৰ দালালৰ বিৰুদ্ধে কঠোৰ হোৱা মুখ্যমন্ত্রীয়ে কালি উনুকিয়ালে আৰক্ষী থানাৰ আন এক দালালৰ অধ্যায়৷
বৃহস্পতিবাৰে ছুপাৰ মার্কেটত উৰণীয়া সেতু মুকলি কৰি দিয়া অনুষ্ঠানত ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে এই দালালৰাজৰ কথা আঙুলিয়াই আৰক্ষী থানাৰ অ’চিসকলক সকীয়াই দি কয়– থানাৰ বাহিৰত এজাহাৰ লিখিবলৈ বহি থকা লোকসকলক শীঘ্রেই গ্রেপ্তাৰ কৰক, অন্যথা মই গ্রেপ্তাৰ কৰিম৷ মুখ্যমন্ত্রীৰ অভিযোগ– অ’চিয়ে এফ আই আৰ নিলিখে৷ বাহিৰত এজন লোক বহি থাকে, তেওঁহে এজাহাৰ লিখে৷ এই লোকজনে আইনৰ যি ধাৰা লগাব নালাগে, তাক লগাই দিয়ে আৰু যি ধাৰা লগাব লাগে তাক নলগায়৷ স্বামী–স্ত্রীৰ মাজত থকা কাজিয়ৰ ক্ষেত্রতো অপ্রয়োজনীয় এনেধৰণৰ আইনী ধাৰা লগায়, ফলত এই কাজিয়া কেতিয়াও সমাধানলৈ নাহে৷ থানাৰ বাহিৰত এই এজাহাৰ ৰাইটাৰ কিয়? শীর্ষ বিষয়াসকলে ইয়াৰ সপক্ষে মাত দিয়ে৷ যদি এজাহাৰ ৰাইটাৰজনৰ ইমানেই প্রয়োজন, তেন্তে তেওঁ থানাৰ দায়িত্ব লওক, থানাৰ অ’চি বাহিৰত বহক৷
মুখ্যমন্ত্রীয়ে কয়– আমি বেয়া কামবোৰক জষ্টিফাই কৰিবলৈ চেষ্টা কৰি আহিছোঁ৷ এয়া আমাৰ স্বভাৱ হৈছে৷ এই স্বভাৱৰ দিন উকলিব লাগিব৷ থানাত এতিয়াৰে পৰা এজাহাৰ এছ আয়ে লিখিব লাগিব৷ তেওঁ কঠোৰভাৱে সকীয়াই দি কয়– থানাৰ দালালক অ’চিয়ে গ্রেপ্তাৰ নকৰিলে মই ব্যৱস্থা ল’ম৷ চৰকাৰী অফিচত কোনো বাহিৰা লোক থাকিব নোৱাৰে৷ ছিষ্টেমৰ লগত যিমানবোৰ দালাল আছে, এই গোটেইবোৰ আমি নোহোৱা কৰিম৷