নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থেংক ইউ লাভলীনা

ব্রঞ্জ জয়েৰে অলিম্পিকত ইতিহাস ৰচিলে গোলাঘাটৰ বৰপথাৰৰ জীয়ৰীয়ে

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ ধন্য ভাৰত ধন্য অসম অসম কন্যা লাভলীনা বৰগোহাঁইক লৈ আজি ধন্য ভাৰত, ধন্য অসম৷ টকিঅ’ অলিম্পিকৰ পৰা এইগৰাকী অসম কন্যাই আজি দেশলৈ কঢ়িয়াই আনিলে ঐতিহাসিক ব্রঞ্জৰ পদক৷ স্বর্ণপদকৰ লক্ষ্যৰে ৰিঙত নমা লাভলীনা ছেমিফাইনেলত স্তব্ধ হ’লেও তেওঁৰ পৰা দেশবাসীয়ে লাভ কৰিলে টকি’ অলিম্পিকৰ তৃতীয়টো পদক৷ একেদৰে দীঘলীয়া অপেক্ষাৰ অন্তত ৰাজ্যবাসীয়ে লাভ কৰিলে প্রথমগৰাকী পদক বিজয়ী অলিম্পিয়ান তাৰকা৷ ১৯৪৮ৰ লণ্ডন অলিম্পিকত অবিভক্ত অসমৰ প্রখ্যাত ফুটবলাৰ ডাঃ টালিমেৰন আওৱে অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ সময়তে পোখা মেলা সেই দুর্বাৰ সপোনে আজি বাস্তৱ ৰূপ লাভ কৰিলে৷ টি আও, দীপাংকৰ ভট্টাচার্য, জয়ন্ত তালুকদাৰ আৰু শিৱ থাপাৰ দৰে তাৰকা ক্রীড়াবিদে অলিম্পিকৰ মঞ্চত প্রতিদ্বন্দ্বিতাৰে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছিল যদিও কোনো এগৰাকী ক্রীড়াবিদে দেশ তথা ৰাজ্যলৈ পদক কঢ়িয়াই আনিব পৰা নাছিল৷

কিন্তু অসমবাসীৰ সপোন পূৰণ কৰি লাভলীনাই টকিঅ’ অলিম্পিকৰ পৰা কঢ়িয়াই আনিলে ব্রঞ্জৰ পদক৷ ছেমিফাইনেলত আজি তুৰস্কৰ তাৰকা বক্সাৰ বাছেনাজ ছার্মেনেলীৰ হাতত পৰাস্ত হৈ ব্রঞ্জৰ পদকতে সন্তুষ্ট থাকিলেও অসম কন্যাক লৈ প্রতিগৰাকী অসমবাসী আজি গর্বিত৷ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত গোলাঘাটৰ জীয়ৰীৰ ঐতিহাসিক সাফল্যই ৰাজ্যবাসীৰ বুকু গৌৰৱত ওফন্দাই তুলিছে৷ বিশ্বজয়ৰ দুর্বাৰ হেঁপাহ বুকুত বান্ধি আজি পুৱা ছেমিফাইনেলৰ যুঁজত নমা লাভলীনাই প্রথমটো ৰাউণ্ডত শক্তিশালী প্রতিদ্বন্দ্বী ছার্মেনেলীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি দেশবাসীৰ মনত আশাৰ সঞ্চাৰ কৰিছিল যদিও অদম্য শক্তিৰ অধিকাৰী তুৰস্কৰ বক্সাৰগৰাকীৰ আক্রমণাত্মক ক্রীড়াশৈলীয়ে অসম কন্যাক বেকফুটলৈ ঠেলি দিয়ে৷ বিশ্বৰ শীর্ষস্থানপ্রাপ্ত প্রাক্তন বিশ্ব চেম্পিয়ন প্রতিদ্বন্দ্বীগৰাকীৰ চমকপ্রদ শাৰীৰিক মুভমেণ্ট, ডিফেন্স আৰু কাউণ্টাৰ এট্যাকৰ সন্মুখত লাভলীনা অস্বস্তিত পৰিবলগীয়া হয়৷

দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডত অধিক আক্রমণাত্মক খেলেৰে ছার্মেনেলী অপ্রতিৰোধ্য হৈ ৰয় আৰু ৫–০ৰ ব্যৱধানত ছেমিফাইনেলত শেষ হাঁহি মাৰে৷ এইদৰে টকি’ অলিম্পিকত অসমৰ উদীয়মান বক্সাৰগৰাকীৰ স্বপ্ণৰ দৌৰ অন্ত পৰে৷ টকি’ৰ বক্সিং ৰিঙৰ পৰা লাভলীনাই দেশলৈ সোণ অথবা ৰূপৰ পদক কঢ়িয়াই আনিব নোৱাৰিলেও অসম তথা ভাৰতৰ বাবে এয়া এক বৃহৎ প্রাপ্তি৷ কিয়নো ইয়াৰ পূর্বে মাত্র দুগৰাকী বক্সাৰেহে অলিম্পিকৰ পৰা দেশলৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ তাৰকা বক্সাৰ বিজেন্দৰ সিঙে ২০০৮ত অলিম্পিকৰ ব্রঞ্জৰ পদক জয় কৰি ভাৰতীয় বক্সিং জগতলৈ নৱজাগৰণ কঢ়িয়াই আনিছিল৷ ইয়াৰ পাছত ২০১২ৰ লণ্ডন অলিম্পিকত উত্তৰ–পূবৰ গৌৰৱ এম চি মেৰীকমে ভাৰতৰ হৈ বক্সিঙত দ্বিতীয়টো ব্রঞ্জৰ পদক অর্জন কৰে৷ অসম কন্যা লাভলীনাই আজি ৯ বছৰৰ অপেক্ষাৰ অন্ত পেলাই বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱৰ পৰা ভাৰতলৈ বক্সিঙৰ তৃতীয়টো পদক কঢ়িয়াই আনে৷

এই ঐতিহাসিক সাফল্যৰে ২৩ বছৰীয়া বক্সাৰগৰাকীয়ে দেশৰ ক্রীড়া ইতিহাসত সোণালী আখৰেৰে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল৷ উল্লেখ্য যে অলিম্পিকলৈ যোগ্যতা অর্জন কৰা অসমৰ প্রথমগৰাকী মহিলা ক্রীড়াবিদ লাভলীনাৰ সাফল্যই শেহতীয়াকৈ সমগ্র ৰাজ্যতে ব্যাপক উৎসাহ–উদ্দীপনা সৃষ্টি কৰিছিল৷ অলিম্পিকৰ দৰে বিশ্বৰ সর্ববৃহৎ ক্রীড়া সমাৰোহত অসম কন্যাৰ এই ঐতিহাসিক প্রদর্শনে অসমৰ ক্রীড়া জগতলৈ নতুন সম্ভাৱনাৰ জোৱাৰ কঢ়িয়াই আনিছে৷ লাভলীনাৰ ব্রঞ্জ জয়ে ৰাজ্যৰ নৱপ্রজন্মক নতুন সপোন দেখাৰ সাহস যোগাব৷ গোলাঘাটৰ বৰপথাৰৰ বোকা–পানী গচকি বিশ্ব বক্সিঙৰ সুবিশাল ক্ষেত্রখনত শক্তিশালী খোজ দিয়া উদীয়মান বক্সাৰগৰাকীৰ এই সাফল্যই অনাগত দিনত অসমৰ পৰা নিশ্চয়কৈ নতুন অলিম্পিয়ান সৃষ্টি কৰিব৷ শতাব্দী প্রাচীন অলিম্পিকত পদক জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰা এইগৰাকী দুৰন্ত অসম কন্যাক ৰাজ্যবাসীয়ে জনাইছে আন্তৰিক ধন্যবাদ৷ থেংক ইউ লাভলীনা৷

You might also like