‘থেংক ইউ মোদীজী’ মাজুলীত ১ লাখ বন্তিৰে প্রধানমন্ত্রীক কৃতজ্ঞতা
‘এটা যেন সপোন’... ড০ শর্মাক লগ পাই উৎফুল্লিত ভাগিন
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ অসমৰ ৰাজনৈতিক ক্ষেত্রৰ ব্যতিক্রমী ৰাজনীতিবিদ ড০ হিমন্ত বিশ্ব শর্মা৷ এই মন্ত্রীগৰাকী যেতিয়াই যলৈকে যায়, তাতেই সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশৰ৷ তেওঁক এবাৰ কাষত পোৱাৰ হাবিয়াস থাকে বহুতৰে৷ কিন্তু এই হেঁপাহ, সপোন সপোন লগা এই মুহূর্ত যদি কাৰোবাৰ বাবে আকস্মিকভাৱ আহে সেই হেঁপাহে আহ্লাদিত কৰে সকলোকে৷ ঠিক তেনে এক ঘটনাই বৃহস্পতিবাৰে সংঘটিত হ’ল মাজুলীৰ কেইজনমান ছাত্রৰ জীৱনত৷ মাজুলীৰ শ্রীৰাম বনমালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৱিত্র দত্ত, হীৰক জ্যোতি শইকীয়া, প্রাঞ্জল শইকীয়া, বিকাশ দত্ত, চম্পক বৰুৱা, বিকাশ শইকীয়া নিতুল বৰাকে ধৰি কেইবাজনো ছাত্র গৈছিল কালি মাজুলীৰ ফুলনিত অনুষ্ঠিত হোৱা নীতিন গাডকাৰি উপস্থিত থকা জনসভালৈ৷ কিন্তু জনসভালৈ গ’লেও তেওঁলোকৰ লক্ষ্য আছিল যুৱকসকলৰ হিয়াৰ আমঠু ড০ হিমন্ত বিশ্ব শর্মা৷ তেওঁলোকে মনতে পুহি ৰাখিছিল মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক লগ পোৱাৰ ব্যাকুল হেঁপাহ৷ এই ছাত্রকেইজন পাঁচ কিলোমিটাৰ দূৰৰ পৰা খোজকাঢ়ি গৈ সভা অনুষ্ঠিত হোৱা মঞ্চৰ কাষত অপেক্ষা কৰিছিল মন্ত্রী ড০ শর্মা নামি অহালৈ৷ মন্ত্রীগৰাকী নামি অহাৰ লগে লগে এই ছাত্রকেইজন দৌৰি গৈছিল তেওঁৰ এবাৰ স্পর্শ পাবলৈ, সান্নিধ্যলৈ আহি আহ্লাদিত হৈ পৰিছিল এই ছাত্রকেইজন৷ খোজকাঢ়ি গৈ গৈ বহু মনৰ কথা আলাপ কৰিছিল মন্ত্রীজনৰ সৈতে৷ ওৰে নিশা মন্ত্রীজনৰ সৈতে পাৰ কৰা সপোন সপোন লগা মুহূর্ত ৰোমন্থন কৰি ব্যাকুল হৈ পৰিছিল ছাত্রকেইজন৷ তেওঁলোকৰ হাতত যেন লাগি আছিল মন্ত্রীজনৰ স্পর্শ, আনন্দতে খাব, শুব পৰা নাই এই ছাত্রকেইজনে, নিশা দুপৰলৈকে কেৱল চিন্তা কৰি সময় পাৰ কৰিছে কল্পনাতীত দিনটোৰ পৰিঘটনা৷ মন্ত্রীজনৰ প্রতিচ্ছবি মনত পেলাই, তেওঁৰ বন্ধুত্বসুলভ স্বভাৱত আপোন পাহৰা ছাত্রকেইজন৷ আজি বিদ্যালয়লৈ আহিও এই ছাত্রকেইজনে কেৱল ভাবিছে মন্ত্রীজনৰ কথা৷ ছাত্রকেইজনৰ সপোন যেন দিঠকত পৰিণত হ’ল, ভগৱানৰ লগত তুলনা কৰি মন্ত্রীজনক হেঁপাহ পলুৱাই কাষৰ পৰা চাই আত্মবিভোৰ মাজুলীৰ এইকেইজন ছাত্র৷ যাক লৈ এতিয়া এই অষ্টম, নৱম শ্রেণীৰ ছাত্রকেইজনৰ উলাহে নধৰা হিয়া৷
এক লাখ গছি মাটিৰ চাকিৰে লিখিলেThank You Modi Ji
বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে দলঙৰ ভূমি পূজন সম্পন্ন হোৱাৰ পিছৰ পৰাই এক আবতৰীয়া দীপাৱলী সদৃশ পৰিৱেশে বিৰাজ কৰিছে মাজুলীত৷ তাৰেই বহিঃপ্রকাশ ঘটিল মাজুলীৰ দক্ষিণপাট সত্রৰ সমীপৰ ব্রহ্মপুত্রৰ পাৰঘাট৷ বালিচৰত জ্বলিল এক লাখৰো আধিক পৱিত্র বন্তি৷ হৰি নামৰ ধ্বনিৰে মুখৰ হৈ পৰিল ব্রহ্মপুত্রৰ পাৰ৷ মাজুলীৰ বিভিন্ন স্থানৰ পৰা অহা শতাধিক লোকে বন্তি প্রজ্বলন স্থলীত সমৱেত হৈ কোনোৱে যদি গাইছে দিহানাম, কোনোৱে বজাইছে দবা, শংখ, কাঁহ, আইসকলৰ মাংগলিক উৰুলি, আৰতিয়ে মুগ্ধ কৰিছে উপস্থিত ৰাইজক৷ সন্ধিয়া প্রায় ছয় বজাত দক্ষিণপাট গৃহস্বামী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামীয়ে বন্তি প্রজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছতে টিংখাং সমষ্টিৰ বিধায়ক তথা মাজুলী সমষ্টি মুখ্যমন্ত্রী প্রতিনিধি বিমল বৰা, মাজুলী বিজেপি সভাপতি লোকনাথ কুটুম, প্রাক্তন মাজুলী জিলা বিজেপিৰ সভাপতি দীপক গোস্বামীসহ বিভিন্ন সত্রৰ পৰা অহা ভকত–বৈষ্ণৱসকলে প্রায় এক লাখ গছি বন্তি প্রজ্বলন কৰি থেংক ইউ মোদীজী বুলি লিখি প্রধানমন্ত্রীলৈ কৃতজ্ঞতা প্রকাশ কৰে৷