নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭ অক্টোবৰৰ পৰা ঢকুৱাখনা মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : অবিভক্ত লখিমপুৰ জিলাৰ শৈক্ষিক উত্তৰণ আৰু মাৰ্গদর্শন প্রতিষ্ঠানস্বৰূপে স্বৰাজ লাভৰ পূৰ্বেই ১৮৭২ চনত স্থাপন হৈছিল ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়। শতিকা বিস্তৃত বৌদ্ধিক তথা বিদ্যায়নিক উৎকৰ্ষ সাধনৰ মহান মন্ত্ৰেৰে অজস্ৰ মানৱ সম্পদ গঢ়ি তোলা উত্তৰ অসমৰ অন্যতম পুৰণি চৰকাৰী শিক্ষানুষ্ঠান হিচাপে পৰিগণিত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়খনে শিক্ষাৰ গৰিমা বিলাই সময়ৰ লেখেৰে ডেৰশ বছৰ সম্পূৰ্ণ কৰিলে। ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ ডেৰশ বছৰীয়া সফলতাৰ যাত্ৰা কালৰ অতীত ৰোমন্থনৰ হেতু ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহৰ বৰ্ষজোৰা ভিন্নধর্মী কাৰ্যক্ৰমণিকাৰে শুভাৰম্ভ কৰি অহা ১৭ অক্টোবৰৰ পৰা তিনিদিনীয়া বৰ্ণিল ডেৰশ বছৰীয়া জয়ন্তী মহোৎসৱৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে বিদ্যালয় পৰিয়ালে। ইতিমধ্যে ২০খনৰো অধিক উপ-সমিতি গঠন কৰি দ্ৰুতগতিত সফল প্ৰস্তুতিৰ বাবে দিনে-নিশাই প্ৰয়াস অব্যাহত ৰাখিছে উদযাপন সমিতিয়ে। উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে, ডেৰশ বছৰীয়া জয়ন্তী মহোৎসৱৰ সামৰণী অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অনুসৰি ১৭ অক্টোবৰৰ পুৱা ৮ বজাত মুখ্য প্ৰৱেশদ্বাৰ উদঘাটন কৰিব ঢকুৱাখনা উপ-জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কাৰ্তিক কলিতাই। ইয়াৰ পিছতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব প্ৰধান শিক্ষয়িত্ৰী পদ্মাৱতী কোচে। পুৱা ৮.৩০ বজাত ডেৰশ বছৰীয়া জয়ন্তীৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। পৰৱৰ্তী সময়ত দিনৰ ১১ বজাৰ পৰা “ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু মাধ্যমিক শিক্ষা : সংশয় আৰু সম্ভাৱনা” শীৰ্ষক এক মনোজ্ঞ আলোচনা সত্র অনুষ্ঠিত হ’ব। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, যোৰহাটৰ জ্যেষ্ঠ সঞ্চালক ড° অনিল বৰাৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া আলোচনা সত্ৰত মুখ্য আলোচক হিচাপে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূত আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক নেওগ, লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিত ভূঞা, খুমটাইৰ জয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° অমিয় কুমাৰ দাস। বিয়লি ২ বজাৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিচিত্ৰানুষ্ঠান। সন্ধিয়া ৬ বজাত তথ্যচিত্ৰ উন্মোচন আৰু সাংস্কৃতিক সন্ধিয়া। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা প্ৰাক্তন সতীৰ্থৰ পঞ্জীয়ন আৰু বিদ্যাৰ্থীসকলৰ মাজত সাহিত্য বক্তৃতা প্ৰতিযোগিতা। ইয়াৰ পাছতে প্ৰাক্তন প্ৰশাসনিক বিষয়া যোগেশ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হ’ব “ঢকুৱাখনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত” শীৰ্ষক আলোচনা সত্ৰ। অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক ড° পৰমানন্দ ফুকন মুখ্য আলোচক হিচাপে উপস্থিত থাকিবলগীয়া আলোচনা সত্ৰখনিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰেচম ব’ৰ্ডৰ প্ৰাক্তন সঞ্চালক ড° সোমেন্দ্ৰ নাথ বুঢ়াগোহাঞি, বেম্ব’ কুইন অৱ ইণ্ডিয়া নিৰা শৰ্মা আৰু গৰুখুঁটি প্ৰকল্পৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰাজীৱ নাৰায়ণ কলিতা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। দিনৰ ১ বজাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁয়ে ডেৰশ বছৰীয়া জয়ন্তীৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব প্ৰাক্তন সতীৰ্থৰ অন্তৰংগ আলাপ আৰু বাৰেৰহণীয়া অনুষ্ঠান। সন্ধিয়া ৬ বজাৰ পৰা প্ৰবীণ শিক্ষাবিদ জগদীশ গগৈ, চেনিৰাম বৰুৱা আৰু বিশিষ্ট নাগৰিক যতীন বৰুৱাৰ নেতৃত্বত বন্তি প্ৰজলন আৰু কাতিবিহু উদযাপন। ইয়াৰ পাছতেই অনুষ্ঠিতব্য সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব শোণিতপুৰ জিলাৰ সাংস্কৃতিক বিষয়া জিতেন কুমাৰ দাসে। তৃতীয় দিনা অৰ্থাৎ ১৯ অক্টোবৰৰ পুৱা চৌহদ নিকাকৰণৰ পাছতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিচিত্ৰানুষ্ঠান। পুৱা ১০ বজাৰ পৰা উদযাপন সমিতিৰ সভাপতি ডাঃ ৰণোজ পেগুৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগা মুকলি সভা উদ্বোধন কৰিব ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই। মুকলি সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত, বিশিষ্ট অতিথি হিচাপে আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পদাৰ্থ বিজ্ঞানী ড° জয়ন্তী চুতীয়া, আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি পৰিচালক ৰীমা দাস আৰু মিষ্টাৰ ৱৰ্ল্ড গোলাপ ৰাভা উপস্থিত থাকিব। তদুপৰি মুকলি সভাত নির্দিষ্ট বক্তা হিচাপে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মুখ্য বন সংৰক্ষক দিগন্ত গগৈ আৰু সন্মানীয় অতিথি হিচাপে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, লখিমপুৰ জিলাৰ আয়ুক্ত সুমিত ছাত্তাৱন, ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শিৱপ্ৰসাদ গগৈকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠানেৰে তিনিদিনীয়া বৰ্ণময় কাৰ্যসূচীৰ সামৰণি পৰিব। ডেৰশ বছৰীয়া জয়ন্তী উদযাপন সমিতি আৰু বিদ্যালয়ৰ পৰিয়ালে শিক্ষানুৰাগী ৰাইজ, সংগঠনৰ লগতে সকলো প্ৰাক্তন শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষক-কৰ্মচাৰী, শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আৰু আন্তৰিক সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like