নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰীয় বিদ্যালয় সংগঠন, গুৱাহাটী আঞ্চলিকৰ ক্ৰীড়া সমাৰোহ ২০২৩

বিশেষ বাৰ্তা, ১৭ আগষ্ট : কেন্দ্ৰীয় বিদ্যালয় সংগঠন, গুৱাহাটী আঞ্চলিকৰ ৫২ সংখ্যক ক্ৰীড়া সমাৰোহ ২০২৩ কেভি আই অ’ চি নুনমাটিৰ বাস্কেটবল গ্ৰাউণ্ডত ১৭ আগষ্টৰ পৰা যথেষ্ট উদ্যম আৰু উৎসাহেৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব। ক্ৰীড়া সমাৰোহখনত ১৪ বছৰ অনূৰ্ধ্বৰ ৫টা আৰু ১৭ বছৰ অনূৰ্ধ্ব শাখাত ৯টা দলে ভাগ লয়। সমাৰোহখনত মুঠ ১৪টা দলে অংশগ্ৰহণ কৰে। আজিৰে পৰা আৰম্ভ হোৱা ক্ৰীড়া সমাৰোহখনৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী ৰিফাইনেৰীৰ জি এম (ছিকিউৰিটী নৰ্থ ইষ্ট) আতিশ কুমাৰ বিশ্বাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ প্ৰতিযোগীসকলক উন্নত খেল প্ৰদৰ্শনৰ বাবে শুভেচ্ছা জনায়। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী ৰিফাইনেৰীৰ এ এম (ইএমএছ) এইচ আৰ প্ৰবীৰ মালিক। তদুপৰি ক্ৰীড়া সমাৰোহখনত পৰ্যবেক্ষক হিচাপে কে ভি নগাঁৱৰ টিজিটি (পিএণ্ডএইচই) বি আৰ দৈমাৰীয়ে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানটোত বহু বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি ক্ৰীড়া সমাৰোহখনৰ সৌষ্ঠৱ বৃ্দ্ধি কৰে। অনুষ্ঠানটোত মুখ্য অতিথি আতিশ কুমাৰ বিশ্বাসে বন্তি প্ৰজ্বলন কৰি ক্ৰীড়া সমাৰোহখন উদ্বোধন কৰে। বিশিষ্ট ব্যক্তিসকলৰ উপৰি প্ৰতিযোগীসকলক আদৰণি জনায় কেভি আই অ’ চি নুনমাটিৰ অধ্যক্ষা ডলী দাসে। ক্ৰীড়া সমাৰোহখনৰ নীতি-নিয়ম সম্পৰ্কে প্ৰতিযোগীসকলক কেভি আই অ’ চি নুনমাটিৰ টিজিটি (পিএণ্ডএইচই) বি বি সোণাৰে অৱগত কৰে। ক্ৰীড়া সমাৰোহখনত অল আছাম বাস্কেটবল এছ’চিয়েচনৰ বিষয়ববীয়াই প্ৰতিযোগিতাসমূহ পৰিচালনা কৰিব। উল্লেখ্য যে প্ৰতিযোগিতাখনত মুঠ ১৩০গৰাকী প্ৰতিযোগীয়ে অংশ লৈছে।

You might also like