নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : আজি প্ৰতিপদৰ পুৱাৰ পৰাই আৰম্ভ হ’ল ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ ঐতিহ্যমণ্ডিত দুৰ্গাপূজা৷ পুৰণি গৰিমা, কেতবোৰ বিশেষ পৰম্পৰাকে ধৰি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আৰু স্বকীয় বৈশিষ্টৰ এই পূজাখনে এইবেলি ৪০৩ বছৰত ভৰি দিলে৷ উল্লেখ্য যে ১৬২০ চনতেই ৰজা কবিশেখৰে আৰম্ভ কৰা এই বিশেষ দুৰ্গাপূজাখন তেতিয়াৰ পৰাই বৰ্তমানলৈ নিৰৱিচ্ছন্নভাৱে চলি আছে৷ এই পূজাখনৰ ইতিহাস সন্দৰ্ভত ৰাজপৰিয়ালটোৰ সদস্য প্ৰৱীৰ বৰুৱাই কয়- “আমাৰ পূৰ্বপুৰুষ ৰাজা কবিশেখৰে এদিন ঢলপুৱাতে ৰাঙামাটিৰ ৰাজভৱনৰ কাষৰ নৈত গা ধুবলৈ গৈ পাইছিল এটি সৰু সোণৰ দুৰ্গা প্ৰতিমা আৰু হাতত থকা তথ্য মতে ১৬২০ চনৰ পৰা আৰম্ভ হৈছিল আমাৰ দুৰ্গাপূজাখন৷” উল্লেখনীয় যে সোণৰ সেই প্ৰতিমাটোকে ৰাজপৰিয়ালটোৰ ঘৰত থকা মহামায়া মন্দিৰত কুলদেৱী মহামায়া ৰূপে পূজা কৰা হ’লেও প্ৰতিবছৰ মহালয়াৰ পিছদিনা পুৱা মূল মন্দিৰৰ পৰা শোভাযাত্ৰা কৰি গৌৰীপুৰ চহৰৰ মহামায়া খেলপথাৰত থকা মহামায়া দুৰ্গা মন্দিৰলৈ অনা হয়৷ অৱশ্যে ষাঠিৰ দশকত ৰাজপৰিয়ালটোৰ সেই সোণৰ দুৰ্গা প্ৰতিমাটো চুৰি হয়। তেতিয়াৰে পৰা সুদূৰ বেনাৰচৰ পৰা অনা পূৰ্বৰ মূৰ্তিটোৰ অনুৰূপ আকাৰ আৰু শৈলীৰ এটি অষ্টধাতুৰ প্ৰতিমাক পূজা-অৰ্চনা কৰি আহিছে পৰিয়ালটোৱে৷ উল্লেখ্য যে ৰজাঘৰীয়া এই পূজাখনৰ এটি বিশেষ পৰম্পৰা হ’ল কুঁহিলাৰে নিৰ্মিত দেৱী দুৰ্গাৰ পট৷ ৰজাঘৰীয়া এই দুৰ্গাপূজাখনত ৰাজবংশী সম্প্ৰদায়ৰ পূজাৰ অবিচ্ছেদ্য অংগ কুঁহিলাৰ পটত মা দুৰ্গাৰ আৰোধনা কৰা হয় আৰু মা মহামায়াৰ পূজা কৰা হয় ৰাজপৰিয়ালৰ সেই বিশেষ মহামায়া মূৰ্তিটোত ৷ দুয়ো দেৱীৰে পৃথকে পৃথকে ঘট বহুৱাই কৰা এই বিশেষ পূজাখনত পৰিয়ালটোৰ কুল পুৰোহিতৰ পৰিচালনাত মা মহামায়াৰ পূজা অনুষ্ঠিত হোৱাৰ বিপৰীতে পূজাৰীয়ে সম্পন্ন কৰে দেৱী দুৰ্গাৰ আৰাধনা৷ উল্লেখ্য যে আৰম্ভণিৰে পৰা পূজাখনত কুল পুৰোহিত, পূজাৰী আৰু দেউৰী ৰূপে নিযুক্তি পোৱা পৰিয়ালৰ সদস্যইহে কেৱল এই পূজাখন পৰিচালনা কৰাৰ দায়িত্ব লাভ কৰে ৷ প্ৰতিপদৰ পৰা আৰম্ভ হোৱা এই ৰজাঘৰীয়া পূজাখনৰ আছে কেতবোৰ বিশেষ লোকাচাৰ৷ ষষ্ঠীৰ দিনা অনুষ্ঠিত হোৱা পূজাখনৰ বেলবৰণৰ আনুষ্ঠানিকতা সম্পন্ন কৰা হয় গৌৰীপুৰৰ কাষেৰে বৈ যোৱা গদাধৰ নৈৰ পাৰত নিৰ্মিত এক অস্থায়ী মন্দিৰত৷ সেই এই অস্থায়ী মন্দিৰত কুঁহিলাৰে নিৰ্মিত দুৰ্গাপটক দোলাৰে শোভাযাত্ৰা কৰি নিয়া হয় আৰু পিছত পুনৰ দোলাৰে লৈ অনা হয় মহামায়া দুৰ্গা মন্দিৰলৈ৷ ৰজাঘৰীয়া এই পূজাখনৰ আছে কেতবোৰ বিশেষ ৰীতি–নিয়মো। সেই অনুসৰি প্ৰতিপদৰ পৰা পঞ্চমীলৈকে দুৰ্গাদেৱী আৰু মা মহামায়াক পৃথকে পৃথকে এটাকৈ পাৰ চৰাই বলি দি উৎসৰ্গিত কৰা হয়। ষষ্ঠী পূজাৰ বেলবৰণৰ সময়ত এটা বগা ৰঙৰ পঠা বলি দিয়াৰ বিপৰীতে অষ্টমীৰ সন্ধি পূজাৰ সময়ত বলি দিয়া কলা ৰঙৰ পাঠাৰ মাংসেৰে যজ্ঞ কৰা হয়৷ অষ্টমীৰ দিনা ১০০৮টা বেল পাতেৰে দেৱী দুৰ্গাৰ আৰাধনা এই পূজাখনৰ এক স্বকীয় বৈশিষ্ট্য ৷ উল্লেখ্য যে দশমীৰ দিনা পৰিয়ালটোৰ কুলদেৱী মা মহামায়াৰ মূৰ্তিটো পুনৰ শোভাযাত্ৰা কৰি ৰাজপৰিয়ালৰ নিজৰ মন্দিৰলৈ ওভতাই নিয়াৰ বিপৰীতে কুঁহিলাৰ দুৰ্গাপটক বিসৰ্জন দিয়া হয় গৌৰীপুৰৰ গদাধৰ আৰু ব্ৰহ্মপুত্ৰৰ সংগম থলীত৷ আনহাতে, বিসৰ্জনৰ পিছত প্ৰজাৰ মংগলৰ বাবে ৰাজভৱনৰ এটি কামানত মংগলচণ্ডী পূজা কৰাৰ পুৰণি পৰম্পৰা বৰ্তমানেও অৱ্যাহত থকাৰ লগতে দুৰ্গাপূজাত প্ৰতিনিধিত্ব কৰা ৰাজপৰিয়ালৰ সদস্যগৰাকীয়ে উক্ত মংগলচণ্ডী পূজা সম্পন্ন হোৱাৰ লগে লগে তিনি দিনৰ বাবে গৃহত্যাগ কৰাৰ পূৰ্বৰ সেই নিয়ম আজিও মানি চলা হয়৷ অৱশ্যে জাকজমকতা হ্ৰাস পালেও পূৰ্বৰ পৰম্পৰা আৰু ঐতিহ্যবাহী এই পূজাখনত কেৱল গৌৰীপুৰ অথবা ধুবুৰী জিলাৰেই নহয়; ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰি চুবুৰীয়া পশ্চিমবংগৰো বিভিন্ন অঞ্চলৰ পৰা ৰাইজৰ আগমন ঘটে দেৱী দুৰ্গাৰ আশিস ল’বলৈ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী