নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈৰ ডাবলীত বলেৰ’-এল্ট’ৰ মুখামুখি সংঘৰ্ষ

নিয়মীয়া বাৰ্তা, ১১ জুলাই : দুধনৈৰ ডাবলীত যোৱানিশা সংঘটিত হয় এটা পথ দুৰ্ঘটনা ৷ বলেৰ’ আৰু এল্ট’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাত পাঁচজনকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ দুধনৈ থানাৰ অন্তৰ্গত ডাবলীত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গোৱালপাৰা অভিমুখী AS-16 H-9424 নম্বৰৰ বলেৰ’ বাহনখনৰ গুৱাহাটী অভিমুখী AS-18 AC-0484 নম্বৰৰ এল্ট’ বাহনৰে মুখামুখি সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষৰ ফলত বলেৰ’ বাহনখনে পথৰ কাষত থকা এটা জিৰণি চ’ৰাত প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷ ফলত বলেৰ’ বাহনখনৰ চালকসহ যাত্ৰী পাঁচগৰাকী গুৰুতৰভাৱে আহত হয় ৷ এই দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে দুধনৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত ব্যক্তিসকলক ততাতৈয়াকৈ দুধনৈ এফ আৰ ইউলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ আহত ব্যক্তিকেইগৰাকী হ’ল বগৰীবাৰীৰ আজাদুল হক (৩৫), হাছেনা খাতুন (৩৩), কুদ্দুছ আলী (৫০), মতিয়ৰ ৰহমান (৫০) আৰু মহম্মদ আব্দুল ৷

প্ৰেৰক বেনজিন বড়ো

You might also like