বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : অসমৰ বিভাজন ঘটাই বাঙালীৰ বাবে সুকীয়া ৰাজ্য দাবী কৰা বৰাকৰ প্ৰদীপ দত্ত ৰয়ক কঠোৰ সকীয়নি প্ৰদান কৰিলে “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)”-এ। আজি আলফা (স্বাধীন)ৰ হৈ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে এক বিবৃতিত কয়- বুৰঞ্জীপ্ৰসিদ্ধ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ পাহাৰ-ভৈয়াম হৈছে অতীজৰে পৰা অসমত বসবাস কৰি অহা বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি৷ বৈচিত্ৰ্যময় জাতি-জনগোষ্ঠীৰ বাসভূমি হ’লেও সকলোৱে অতীজৰে পৰা ঐক্য-সংহতি বজাই আহিছে৷ উল্লেখ্য যে বৰাক উপত্যকাৰ বুৰঞ্জীৰ পাত লুটিয়ালে তাহানিৰ কছাৰী ৰাজ্য কোনো কালেই বঙালীৰ অধীনত নাছিল; ই বেলিৰ পোহৰৰ দৰেই সত্য ৷ আনহাতে, ভূ-ৰাজনীতি পৰিপ্ৰেক্ষিতত স্বাক্ষৰিত হোৱা চুক্তিসমূহতো স্পষ্টভাৱে উক্ত অঞ্চলৰ থলগিৰিৰ কথাহে উল্লেখ আছে৷ সম্প্ৰতি পৰিতাপৰ বিষয় এই যে অসমৰ থলগিৰিসকলৰ ওপজা ভূমিক আজি প্ৰদীপ দত্ত ৰয়ৰ দৰে ধুৰন্ধৰে নিজৰ ভূমি বুলি বিতৰ্ক সৃষ্টিৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ ঐক্য-সম্প্ৰীতিত আঘাত হানি অসমৰ পৰা সমগ্ৰ বৰাক উপত্যকাক বিচ্ছিন্ন কৰিবলৈ উঠি-পৰি লাগিছে৷ অসমক ছিন্ন-ভিন্ন কৰিবলৈ বৰাকখন প্ৰদীপ দত্ত ৰয়ৰ পৈতৃক সম্পত্তি নহয়৷ যি প্ৰদীপ দত্ত ৰয়ৰ দৰে বঙালীসকলৰ পূৰ্বপুৰুষৰ বৰাক উপত্যকাৰ বাবে সামান্যতমো অৰিহণা নাই; আজি তেওঁলোকে শত্ৰু ৰাষ্ট্ৰ ভাৰতৰ তথাকথিত গণতন্ত্ৰৰ দোহাই দি পৃথক ৰাজ্যৰ সপোন দেখে৷ ইয়াৰ বিপৰীতে উক্ত অঞ্চল বিদেশীৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ সমগ্ৰ ৱেছিয়া অঞ্চলৰ থলগিৰিয়ে জীৱন উছৰ্গা কৰিছে৷ দ্ৰষ্টব্য যে অসমক দ্বিখণ্ডিত কৰিবলৈ ঔপনিৱেশিক ভাৰত ৰাষ্ট্ৰৰ কোনো অধিকাৰ নাই। কেৱল ভাৰতেই নহয় ঔপনিৱেশিক ছত্ৰছায়াত লালিত-পালিত কোনো ৰাজনৈতিক নেতা অথবা তথাকথিত বুদ্ধিজীৱীৰো সেই অধিকাৰ নাই৷ সেয়েহে প্ৰদীপ দত্ত ৰয়ৰ উক্ত প্ৰস্তাৱক ৱেছিয়া অঞ্চলৰ প্ৰতিটো স্বাধীনতাকামী বিপ্লৱী সংগঠনৰ হৈ আমি “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনে তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু যিকোনো পৰ্য্যায়ত পৃথক বৰাক ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চল বাস্তৱায়িত হ’বলৈ দিয়া নহ’ব৷ উল্লিখিত বিষয়ৰ সৈতে সংগতি ৰাখি “সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)” সংগঠনৰ ফালৰ পৰা বৰাক উপত্যাকাৰ বা ৱেছিয়াৰ অন্য প্ৰান্তৰ পৰা আহি ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে সমগ্ৰ অসমত বসবাস কৰা বঙালীভাষীসকলে প্ৰদীপ দত্ত ৰয়ৰ প্ৰস্তাৱক কিদৰে বিচাৰ কৰে (সমৰ্থন নে বিৰোধ), সেয়া ৰাজহুৱাকৈ জনাবলৈ ষাঠি দিনৰ সময়সীমা ধাৰ্য্য কৰি দিয়া হ’ল৷ উক্ত সময়ৰ ভিতৰত অসমত বসবাস কৰা বঙালীভাষীসকলক নিজ নিজ মতামত প্ৰকাশ কৰিবলৈ আহ্বান জনোৱা হ’ল৷ অন্যথা ভৱিষ্যতে যিকোনো অনাকাংক্ষিত পৰিস্থিতি উদ্ভৱ হ’লে তাৰ বাবে সমগ্ৰ অসমত বসবাস কৰা বঙালীভাষীসকলেই দায়ী হ’ব লাগিব৷