নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা খানাপাৰাত অসম গ্রন্থমেলা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ ডিচেম্বৰঃ আজিৰে পৰা অহা ৭ জানুৱাৰীলৈ ১২ দিনীয়া বর্ণিল কার্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব অসম প্রকাশন পৰিষদ তথা সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই যৌথভাৱে আয়োজন কৰা ‘অসম গ্রন্থমেলা, গুৱাহাটী’৷ এইবাৰ চানমাৰিৰ পৰিৱর্তে খানাপাৰাত আয়োজন কৰা হৈছে ‘অসম গ্রন্থমেলা, গুৱাহাটী’। আয়োজক কৰ্তৃপক্ষই কয় যে এইবেলি দুলীয়াজান, যোৰহাট আৰু নলবাৰীত সফল সামৰণিৰ পাছত গুৱাহাটীত আয়োজন কৰা হৈছে বহু প্রতীক্ষিত ‘অসম গ্রন্থমেলা’৷ এই গ্রন্থমেলাত ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ মুঠ ১১৮ প্রকাশন গোষ্ঠী তথা বিপণীয়ে যোগদান কৰিব৷ ইয়াৰ ভিতৰত আছে দিল্লী–হাৰিয়ানাৰ ১৬টা, কলকাতাৰ ১৫টা আৰু পঞ্জাবৰ ২টা প্রকাশন গোষ্ঠী৷ আজি বিয়লি ৩ বজাত অসম গ্রন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠান। অনুষ্ঠানত সভাপতিৰূপে অংশগ্রহণ কৰিব শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷ সভাখনত বিশিষ্ট অতিথিৰূপে থাকিব দিল্লীৰ বিশিষ্ট লেখক, সাংবাদিক, ইতিহাসবিদ হিন্দোল সেনগুপ্ত, বিশিষ্ট সাহিত্যিক ড০ ধ্রুৱজ্যোতি বৰা আৰু দ্য ফেডাৰেচন অৱ পাব্লিচার্ছ এণ্ড বুক ছেলার্ছ এছ’চিয়েচন ইন ইণ্ডিয়াৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘাই৷ ১২দিনীয়া ‘অসম গ্রন্থমেলা, গুৱাহাটী’ৰ কার্যসূচী অনুসৰি প্রতিদিনেই ভাষা–সাহিত্য–সংস্কৃত্, ইতিহাস তথা সমাজ–জীৱনৰ বিভিন্ন প্রাসংগিক আৰু গুৰুত্বপূর্ণ বিষয়ক কেন্দ্র কৰি গ্রন্থমেলাত আলোচনা–সত্র অনুষ্ঠিত হ’ব৷ সেই অনুসৰি ২৮ ডিচেম্বৰৰ দুপৰীয়া ১২ বজাত আছে সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ বিশেষ সম্বর্ধনা অনুষ্ঠান৷ বিয়লি ২ বজাৰ পৰা আয়োজন কৰিবলগীয়া ‘গ্রন্থ প্রকাশৰ দায়বদ্ধতা, প্রচাৰ আৰু কৌশল অৱলম্বন’ শীর্ষক আলোচনা–সত্রত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰিব দ্য ফেডাৰেচন অৱ পাব্লিচার্ছ এণ্ড বুক ছেলার্ছ এছ’চিয়েচন ইন ইণ্ডিয়াৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘাইয়ে৷ বিশিষ্ট অতিথিৰূপে অংশ ল’ব নেচনেল বুক ট্ৰাষ্টৰ আঞ্চলিক (অসমীয়া) সম্পাদক দীপ শহকীয়াই৷ অধ্যাপক গংগাপদ চৌধুৰীয়ে সঞ্চালনা কৰিব আলোচনা–সত্রখন৷ সন্ধিয়া ৬ বজাত দিল্লীৰ বিশিষ্ট লেখক, সাংবাদিক, ইতিহাসবিদ হিন্দোল সেনগুপ্তৰ সৈতে অন্তৰংগ আলাপ পৰিচালনা কৰিব নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য, বিশিষ্ট সাংবাদিক ড০ সমুদ্রগুপ্ত কাশ্যপে৷ ২৯ ডিচেম্বৰৰ বিয়লি ১ বজাৰ পৰা বিশিষ্ট সাহিত্যিক, সমালোচক ড০ আনন্দ বৰমুদৈৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ‘ভিন্ন–সাহিত্য–ধাৰাৰ গ্রন্থ পঠনৰ আনন্দ’ শীর্ষক আলোচনা–সত্র৷ বিয়লি ৩ বজাত আছে ‘গল্পৰ আবেলি’৷ এই অনুষ্ঠান ডদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক মনোজ কুমাৰ গোস্বামীয়ে৷ অনুষ্ঠানটো পৰিচালনা কৰিব অতনু ভট্টাচার্যই৷ ৩০ ডিচেম্বৰৰ বিয়লি ২ বজাৰ পৰা চলচ্চিত্র সমালোচক, কবি অপৰাজিতা পূজাৰীৰ পৰিচালনাৰে অনুষ্ঠিত হ’ব ‘চলচ্চিত্রৰ প্রচাৰ আৰু ব্যৱসায়’ শীর্ষক আলোচনা–সত্র৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰিব মুম্বাইৰ বিশিষ্ট চলচ্চিত্র প্রযোজক, পৰিচালক, লেখক মনোজ শ্রীবাস্তৱে৷ বছৰৰ শেষ দিনটোত অর্থাৎ ৩১ ডিচেম্বৰৰ বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত হ’ব ‘অসমৰ সাংস্কৃতিক বিৱর্তনৰ ইতিহাসঃ পুৰাকালৰ পৰা সাম্প্রতিক সময়লৈ’ শীর্ষক আলোচনা–সত্র৷ বিয়লি ৪ বজাৰ পৰা আছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিৰ সৈতে অন্তৰংগ আলাপ৷ নৱবর্ষৰ প্রথম দিনা অর্থাৎ ১ জানুৱাৰীৰ বিয়লি ১ বজাত অনুষ্ঠিত হ’ব যুৱ–লেখকৰ সমাৰোহ ‘উন্মীলন’৷ ২ জানুৱাৰীৰ বিয়লি ১২.৩০ বজাৰ পৰা ‘অ’ মোৰ সুৰীয়া মাত’ শীর্ষক অসমীয়া ভাষালৈ ধ্রুপদী মর্যাদা বিষয়ক বিশেষ অনুষ্ঠানত অংশগ্রহণ কৰিব নতুন দিল্লীৰ বিশিষ্ট সংস্কৃত পণ্ডিত ড০ বলদেৱানন্দ সাগৰে৷ ইয়াৰ প্রথম পর্বৰ আলোচনা–সত্রৰ বিষয় হৈছে– ‘অসমীয়া শব্দসম্ভাৰৰ ধ্রুপদী চৰিত্র বিশ্লেষণ’৷ ইয়াৰ সঞ্চালনা কৰিব ভাষাবিদ, অভিধান প্রণেতা সুমন্ত চলিহাই৷ দ্বিতীয় পর্বৰ বিষয় হৈছে– ‘ধ্রুপদী অসমীয়া আৰু অসমৰ জনগোষ্ঠীয় ভাষা’৷ এই সত্র পৰিচালনা কৰিব ভাষাবিদ তাৰিণীকান্ত গোস্বামীয়ে৷ ৩ জানুৱাৰীৰ বিয়লি ১ বজাত অনুষ্ঠিত হ’ব ‘লেখক–পাঠকৰ সমাৰোহ’৷ সমাৰোহ উদ্বোধন কৰিব বড়ো সাহিত্য সভাৰ উপ–সভাপতি প্রশান্ত বডোৱে৷ বিয়লি ৩ বজাৰ পৰা আছে ‘সাহিত্য আৰু কৃত্রিম বুদ্ধিমত্তাঃ প্রত্যাহ্বান আৰু সম্ভাৱনা’ বিষয়ক আলোচনা–সত্র৷ আলোচনা–সত্রখন উদ্বোধন কৰিব ড০ ছাইদুল ইছলামে৷ ৪ জানুৱাৰীৰ বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত হ’ব সদ্যপ্রয়াত বিশিষ্ট কবি মীৰা ঠাকুৰ সোঁৱৰণী অনুষ্ঠান৷ ৫ জানুৱাৰীত আয়োজন কৰা হৈছে ‘শিশুৰ দিন’৷ এই অনুষ্ঠান আনুষ্ঠানিকভাৱে মুকলি কৰিব অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ ৬ জানুৱাৰীৰ বিয়লি ১ বজাৰ পৰা সাহিত্য অকাডেমি বঁটাপ্রাপক বিশিষ্ট সাহিত্যিক অনুৰাধা শর্মা পূজাৰীৰ সঞ্চালনাত অনুষ্ঠিত হ’ব ‘উপন্যাস সাহিত্যঃ তত্ত্ব–শৈলী আৰু বিষয়বস্তু’ শীর্ষক আলোচনা–সত্র৷ বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব কবি সন্মিলন৷ কবি সন্মিলন উদ্বোধন কৰিব বিশিষ্ট কবি আনিছ উজ জামানে৷ পৰিচালনা কৰিব বিশিষ্ট সমালোচক প্রদীপ আচার্যই৷ এই কবি সন্মিলনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব সাহিত্য অকাডেমিৰ যুৱ সাহিত্যিকৰ বঁটাপ্রাপক তথা বৰাক উপত্যকাৰ প্রসিদ্ধ কবি সুতাপা চক্রৱর্তী৷ ৭ জানুৱাৰীৰ বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব ‘অসম গ্রন্থমেলা, গুৱাহাটী’ৰ সামৰণী অনুষ্ঠান৷ সামৰণী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰিব ইন্দিৰা গান্ধী ৰাষ্ট্রীয় কলাকেন্দ্রৰ সচিব আৰু কার্যবাহী তথা শৈক্ষিক মুৰব্বী ড০ সচ্চিদানন্দ যোশী, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য, বিশিষ্ট লেখক–গৱেষক ড০ মালিনী গোস্বামী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য, বিশিষ্ট গ্রন্থকাৰ–গৱেষক ড০ ননীগোপাল মহন্ত৷ গ্রন্থমেলাৰ প্রতি সন্ধিয়া আয়োজিত হ’ব মনপৰশা সাংস্কৃতিক প্রতিযোগিতা৷

You might also like