নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে সকলোৰে স্বার্থ সুৰক্ষিত কৰিছেঃ মুখ্যমন্ত্রী সোণোৱাল

শ্বহীদ ভৱনলৈ ২.৫ কোটি টকাৰ সাহায্য ঘোষণা মন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ ‘ৰাজ্যৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে যিসকলে সর্বস্ব ত্যাগ কৰি গ’ল তেওঁলোকৰ ত্যাগক বিশ্ববাসীৰ লগত পৰিচয় কৰাই দিব লাগিব৷ সকলো মানুহ শ্বহীদ হ’ব নোৱাৰে৷ তেওঁলোকেই বাস্তৱিকতে জাতীয় নায়ক৷ তেওঁলোকৰ স্মৃতিৰক্ষাৰ বাবেই গুৱাহাটীত এশ বিঘা ভূমিত শ্বহীদ ক্ষেত্র গঢ়াৰ কাম আৰম্ভ কৰাৰ লগতে বিজেপি চৰকাৰে জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে পদক্ষেপ গ্রহণ কৰিছেছা আৰু এইক্ষেত্রত ৰাজ্যৰ বৰাক, ব্রহ্মপুত্র আৰু পাহাৰ–ভৈয়ামৰ ৰাইজে সহযোগ কৰিছে৷ বিজেপি শাসনত থকালৈকে বৃহত্তৰ অসমীয়া ৰাইজৰ স্বার্থ সুৰক্ষিত হৈ থাকিব৷’ তেজপুৰত আজি এইদৰে ক’লে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ তেজপুৰত বিজেপিৰ যুৱ মর্চাৰ উদ্যোগত অনুষ্ঠিত শ্বহীদ দিৱসত অংশ লৈ মুখ্যমন্ত্রী সোণোৱালে এইদৰে কয়৷ নির্ধাৰিত সময়তকৈ বহু পলমকৈ সভাত প্রায় ৪.৪৫ বজাত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে আৰু ৰাজ্যিক সভাপতি তথা সতীর্থ মন্ত্রী, সাংসদ, বিধায়ক তথা দলীয় সতীর্থসকলৰ সৈতে শ্বহীদলৈ শ্রদ্ধাঞ্জলি অর্পণ কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে বিজেপিয়ে সকলো জাতি তথা ধর্মাৱলম্বীসকলৰ স্বার্থ সুৰক্ষা কৰিব বুলি তেওঁৰ চমু ভাষণত কয়৷ ইয়াৰ পূর্বে এই শ্বহীদ দিৱস কার্যসূচীত অংশ লৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– ‘১৯৮৫ৰ ১৫ আগষ্টত এটা বিশাল গণ সংগ্রামৰ পিছত অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু সেয়া আছিল সর্বজনৰ স্বতঃস্ফূর্ত অংশগ্রহণেৰে৷ ১৯৮৩ৰ ১০ ডিচেম্বৰত অসম আন্দোলনৰ প্রথমজন শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ হত্যাৰ দিনটোত মই ষষ্ঠ শ্রেণীৰ ছাত্র আছিলোঁ৷ এতিয়া সমস্যা অধিক বৃদ্ধি পাইছে৷’ আনহাতে বিধায়ক পদ্ম হাজৰিকাৰ আহ্বানমর্মে মন্ত্রী শর্মাই তেজপুৰৰ জাতীয় শ্বহীদ বাকৰিত সুদীর্ঘকাল অর্ধনির্মিতভাৱে থকা শ্বহীদ ভৱনৰ নির্মাণ সম্পূর্ণ কৰাৰ বাবে জানুৱাৰীৰ ভিতৰত আঢ়ৈ কোটি টকাৰ চৰকাৰী সাহায্য আগবঢ়াব বুলি ঘোষণা কৰে৷ এই শ্বহীদ দিৱসৰ কার্যসূচীত অংশ লৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে তেওঁৰ ভাষণত কয় যে বিজেপিয়ে শ্বহীদ দিৱস কোনো ৰাজনীতিৰ বাবে নহয়, নৱপ্রজন্মৰ মনত জাতীয়তাবাদী ভাবধাৰা উজ্জীৱিত কৰাৰ লগতে অসমীয়া স্বাভিমানৰ বাবেহে এই শ্বহীদ দিৱস উদ্যাপন কৰা হয়৷ তেওঁ বিজেপিতকৈ কোনো জাতীয়তাবাদী নাই বুলি মন্তব্য কৰি লগতে কয় যে বিজেপিয়ে জাতি, মাটি আৰু ভেটিৰ কথা কৈছিল, সেয়া বহুতেই বিজেপিৰ শ্লোগান বুলি ভাবিছিল যদিও সেয়া আচলতে বিজেপিৰ প্রতিজন সদস্যৰ অন্তৰত পুঞ্জীভূত ভাবহে৷ বিজেপিৰ ৰাজ্যিক সভাপতিজনে বিজেপি চৰকাৰে কৰা বিভিন্ন কাম–কাজৰ লগতে অসম সাহিত্য সভা আৰু বডো সাহিত্য সভালৈ আগবঢ়োৱা অনুদান তথা নামঘৰ, সত্রলৈ অনুদান আগবঢ়োৱা আৰু বেদখলমুক্ত কৰাৰ কথা উল্লেখ কৰে৷

২০২১ত পুনৰ ৰাজ্যত নিশ্চিতভাৱে বিজেপি চৰকাৰেই হ’ব বুলি উল্লেখ কৰি দাসে ইয়াৰ পাছত পুনৰ সকলো ভূমিহীন খিলঞ্জীয়াক মাটিৰ পট্টা দিব বুলি উল্লেখ কৰে৷ তেওঁ কংগ্রেছৰ কার্যকালত চৰ অঞ্চলত একাংশক ভূমি পট্টা দিয়াৰ কথা উল্লেখ কৰি সেইসকলৰ মাজত এজনো খিলঞ্জীয়া নাছিল বুলি কয়৷ তেওঁ আৰু কয় যে কংগ্রেছে অসম চুুক্তিৰ নামত অবৈধ বিদেশীক স্বদেশী কৰিলে বুলিও কয়৷ বিটিচি নির্বাচনত বিজেপিয়ে জয়ী হৈ তাত চৰকাৰ গঠন কৰিব বুলি কৈ ৰাজ্যৰ মিচিং, ৰাভা, কার্বি, দেউৰীকে ধৰি সকলো জনগোষ্ঠী বিজেপিৰ লগত থকাৰ উপৰি বডো জনগোষ্ঠীকো বিজেপিৰ মজিয়ালৈ আনিবলৈ সক্ষম হ’ব বুলি কয়৷ তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত আজি বিজেপিৰ যুৱ সংগঠন ভাৰতীয় জাতীয় যুৱ মর্চাৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত শ্বহীদ দিৱসৰ কার্যসূচীত আদৰণী ভাষণ দি ভাৰতীয় জাতীয় যুৱ মর্চাৰ ৰাজ্যিক সভাপতি অনুপ বর্মনে কয় যে ১৯৭৯ত আৰম্ভ হোৱা অবৈধ বিদেশী বহিষ্কাৰৰ দাবীত হোৱা আন্দোলন অবৈধ বংগমূলীয় মুছলমানৰ বিৰদ্ধে হোৱা আন্দোলন বুলি কয়৷ সেই সময়ত কংগ্রেছে আন্দোলনকাৰীক নির্যাতন চলোৱাৰ লগতে আন্দোলনকাৰীক হত্যা আৰু গ্রেপ্তাৰ কৰিছিল৷ সেই সময়ত কেৱল বিজেপিৰ নেতা অটল বিহাৰী বাজপেয়ীহে আন্দোলনকাৰীৰ পক্ষত থিয় দিয়াৰ উপৰি ১৯৮৩ৰ ২২ ফেব্রুৱাৰীত গুৱাহাটীলৈ আহি আন্দোলনত যোগদান কৰাৰ লগতে বিষয়টো সংসদত তুলি ধৰি আন্দোলনকাৰীসকলক কাৰামুক্ত কৰাৰ আহ্বান জনাইছিল৷ কিন্তু বর্তমান একাংশই এইবোৰ কথা গাপ দি শ্বহীদক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে৷

ইপিনে চতিয়াৰ বিধায়ক তথা তেজপুৰত অনুষ্ঠিত শ্বহীদ দিৱসৰ কার্যসূচীৰ মুখ্য পৃষ্ঠপোষক পদ্ম হাজৰিকাই কয় যে সেই সময়ত কংগ্রেছ চৰকাৰে একাংশক হত্যা কৰিছিল আৰু একাংশক মিঞাই হত্যা কৰিছিল৷ অসম আন্দোলনৰ প্রথমজন শ্বহীদ খর্গেশ্বৰ তালুকদাৰক আবেদা আহমেদ আৰু তেওঁৰ গুণ্ডা বাহিনীয়ে হত্যা কৰাৰ দৰেই লালেটাপুত শ্বহীদ ভূপেন ডেকা, বলীন নাথসহ সাতজনক মিঞাই হানি–খুঁচি বিধায়ক হাজৰিকাৰ চকুৰ সন্মুখতে হত্যা কৰিছিল বুলি মন্তব্য কৰি লগতে তেওঁ কয় যে যদিও চৰকাৰীভাৱে অসম আন্দোলনত ৮৫৫জন শ্বহীদ হৈছিল বুলি কোৱা হয় প্রকৃততে শ্বহীদৰ সংখ্যা ৮৬০৷ জ্যোতিপ্রসাদ আগৰৱালাৰ কবিতা ‘যুদ্ধ’ আবৃত্তি কৰি বিধায়কজনে সকলো ভাৰতীয়ক জাতি–মাটি–ভেটিৰ সুৰক্ষাৰ স্বার্থত একত্রিত হৈ জাতি–মাটি–ভেটি ৰক্ষাৰ আহ্বান জনাই লগতে কয় যে এতিয়া ৰাজপথত আন্দোলন কৰিলেই নহ’ব, কৃষি পথাৰতো আন্দোলন কৰিব লাগিব৷ তেওঁ চতিয়াৰ চকীঘাটত চলোৱা উচ্ছেদৰ ন্যায্যতাক ভাষণত উল্লেখ কৰি বর্তমান বিজেপি চৰকাৰৰ দিনতে থলুৱাৰ অধিকাৰ আৰু স্বার্থ সুৰক্ষিত বুলি কয়৷ বিধায়ক হাজৰিকাই বর্তমান কংগ্রেছৰ ৰিপুণ বৰা আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল মিলি খিলঞ্জীয়াক পদানত কৰাৰ ষডযন্ত্র কৰিছে বুলিও মন্তব্য কৰে৷

আনহাতে মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই অসম চুক্তিৰ ছয় নম্বৰ দফা কার্যকৰীকৰণৰ বাবে পূর্বৰ কোনো চৰকাৰে চেষ্টা নকৰিলে৷ বিজেপিয়ে বিদেশী সমস্যাটো কেৱল ৰাজ্যৰ নহয়, সর্বভাৰতীয় সমস্যা হিচাপে গ্রহণ কৰাৰ লগতে ১৯৮২ত অটল বিহাৰী বাজপেয়ীয়ে তেতিয়াই ‘ছেভ অসম টুডে’, ছেভ ইণ্ডিয়া টুমৰ’ বুলি শ্লোগান দিছিল বুলিও সাংসদ শইকীয়াই মন্তব্য কৰে৷ স্বর্গদেউ চুকাফা, লাচিত বৰফুকন, চিলাৰায়ৰ বংশধৰ অসমীয়া একত্রিত হ’লে মিঞাই ফৰিং ছিটিকা দিব বুলিও তেওঁ মন্তব্য কৰে৷ ‘কা’ আন্দোলৰ নামত দুই কোটি বিদেশী আহিব বুলি এচামে কৈছিল, কিন্তু এতিয়ালৈকে এজনো বিদেশী অসমত প্রৱেশ কৰা নাই বুলি মন্তব্য কৰি শইকীয়াই ইয়াৰ কাৰণ সীমান্ত ছীল কৰা বিজেপিৰ বাবেই সম্ভৱ হোৱা বুলি কয়৷ ইপিনে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছাই ‘কা’বিৰোধী আন্দোলনৰ নামত এচামে ৰাজ্যত অত্যাচাৰ আৰু ধ্বংস কৰিলে বুলি কয়৷ সভাত ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকা, সাংসদ পল্লৱলোচন দাস, বিধায়ক অশোক সিংহল, গণেশ লিম্বু, পর্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়, শোণিতপুৰ বিজেপিৰ সভাপতি তুলসী বৰঠাকুৰ, যুৱ মর্চাৰ জিলা সভাপতি ৰাকেশ দাস আদিয়েও অংশ লয়৷ আজিৰ এই শ্বহীদ দিৱসৰ কার্যসূচীত একাংশ শ্বহীদ পৰিয়াল আৰু অসম আন্দোলনত নির্যাতিত ব্যক্তিক সম্বর্ধনা জনোৱা হয়৷ গীতে–মাতে জীপাল হৈ উঠা সভাত কেইবা হাজাৰ লোকে অংশগ্রহণ কৰে৷

You might also like