বিশেষ বাৰ্তা, ৮ জুলাই : মহানগৰীৰ হেঙেৰাবাৰীত এটা পৰিত্যক্ত কোৱাৰ্টাৰত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্য বিৰাজ কৰিছে । ঘটনাস্থলীত ছিৰিঞ্জ উদ্ধাৰ হোৱালৈ চাই যুৱক দুজন ড্ৰাগছ আসক্ত আছিল বুলি সন্দেহ কৰা হৈছে। হেঙেৰাবাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমীপত মৃতদেহ দুটা উদ্ধাৰ হয়। বিভাগটোৰ এটা আৱাসত যুৱক দুজনৰ মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা মৃত যুৱক দুজনৰ এজনৰ নাম সুৰজিৎ সিনহা আৰু আনজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। উল্লেখ্য যে সুৰজিৎ সিনহা জিম ইনষ্ট্ৰাক্টৰ আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।