নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ দৰিকা নৈত যুৱতীৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৩ জুলাই : শিৱসাগৰ সদৰ আৰক্ষী থানাৰ সমীপৰ দৰিকাপাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দৰিকা নদীত আজি দুপৰীয়া জীনছ পৰিহিত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্য্যালয়ৰ বিপৰীত দিশে থকা দৰিকা নদীৰ পানীৰ যুৱলিত ঝাওবনৰ জোপোহাৰ কাষত উৱলি যোৱা মৃতদেহটো উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ নদীখনৰ পানী ক্ৰমাত হ্ৰাস হোৱাৰ সময়তে নদীখনৰ নিৰ্দিষ্ট এটা কেঁকুৰি অংশতেই দিনৰ প্ৰায় এঘাৰ বজাত উৎকট গোন্ধৰ উৎস বিচাৰি যাওঁতে একাংশ লোকৰ দৃষ্টিগোচৰ হয় অচিনাক্ত মৃতদেহটো ৷ তললৈ মুখ কৰি পৰি থকা মৃতদেহটো সম্পৰ্কত লগে লগেই সদৰ আৰক্ষী থানাত অৱগত কৰাত আৰক্ষী-দণ্ডাধীশে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ তিনি-চাৰি দিনৰ পূৰ্বে মৃত্যু হোৱা বুলি সন্দেহ কৰা মৃতদেহটো পাৰলৈ তোলাৰ সময়তে যুৱতী বুলি নিশ্চিত হয় ৷ মুখমণ্ডলৰ লগতে শৰীৰৰ বিভিন্ন অংশ প্ৰায় ফুলি গেলিবলৈ ধৰা মৃত যুৱতীগৰাকীৰ বয়স ২৫ৰ পৰা ৩০ বছৰৰ ভিতৰত হব বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে শিৱসাগৰ সদৰ আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত যাৱতীয় অনুসন্ধানৰ অন্তত মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ ইফালে, শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কোনো স্থানৰ পৰা ২৫ৰ পৰা ৩০ বছৰৰ বয়সৰ যুৱতী সন্ধানহীন হোৱাৰ বিশেষ তথ্য নথকা বাবে উদ্ধাৰকৃ্ত যুৱতীগৰাকীৰ মৃতদেহটো আন স্থানৰ পৰা উটি অহা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ মৃতদেহটো সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে জিলাখনৰ প্ৰতিখন থানালৈ  বাৰ্তা প্ৰেৰণ কৰিছে ৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদনতহে যুৱতীগৰাকীৰ মৃত্যু স্বাভাৱিক নে আন কিবা ৰহস্য নিহিত হৈ আছে, সেয়া স্পষ্ট হ’ব ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like