চকুলো টুকি দিল্লীলৈ উভতিল ব্রঞ্জ কন্যা
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ টকিঅ’ অলিম্পিকৰ পৰা দেশলৈ কঢ়িয়াই অনা ঐতিহাসিক ব্রঞ্জৰ পদক ৰাজ্যৰ উঠি অহা প্রজন্মক চুই চাবলৈ দিব বক্সিং কুইন লাভলীনা বৰগোহাঁয়ে৷ অসম অলিম্পিক সন্থাই শুকুৰবাৰে তাজ ভিভাণ্টাত আয়োজন কৰা এক সম্বর্ধনা অনুষ্ঠানত ৰাজ্যৰ উদীয়মান তাৰকাগৰাকীয়ে এই ইচ্ছাৰ কথা ব্যক্ত কৰে৷ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰা বক্সাৰগৰাকীয়ে কয় যে অসমৰ চৌদিশে প্রতিভা সিঁচৰতি হৈ আছে৷ এই প্রতিভাসমূহ সঠিক ৰূপত উলিয়াই আনিব পাৰিলে অসমে অনাগত দিনত বহুসংখ্যক দক্ষ খেলুৱৈৰ সৃষ্টি কৰিব পাৰিব৷ খেলৰ প্রতি আকর্ষিত কৰিবলৈ ৰাজ্যৰ চেমনীয়াসকলক টকিঅ’ অলিম্পিকৰ ব্রঞ্জৰ পদক চুই চাবলৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি লাভলীনাই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷
অলিম্পিকত পদক জয়েৰে ইতিহাস ৰচা তাৰকাগৰাকীয়ে পুনৰ কয় যে অলিম্পিকৰ পদক হাতেৰে চুই চোৱাৰ হেঁপাহ তেওঁ শৈশৱৰে পৰা বুকুত কঢ়িয়াই লৈ ফুৰিছিল৷ এই হেঁপাহে তেওঁক আগুৱাই যোৱাত সহায় কৰিছিল৷
ইফালে লাভলীনাৰ এই ইচ্ছা পূৰণ কৰা হ’ব বুলি অসম এমেচাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব হেমন্ত কুমাৰ কলিতাই প্রতিশ্রুতি দিয়ে৷ তেওঁ কয় যে ক’ভিড পৰিস্থিতি স্বাভাৱিক হ’লেই ৰাজ্যৰ ভিন্ন প্রান্তত লাভলীনাৰ অলিম্পিক পদক প্রদর্শন কৰা হ’ব৷ ক্রীড়াক কেৰিয়াৰ হিচাপে গ্রহণৰ ক্ষেত্রত পিতৃ–মাতৃৰ পৰা লাভ কৰা সহায়–সহযোগিতাৰ কথা শ্রদ্ধাৰে সোঁৱৰণ কৰিও বক্সাৰগৰাকী শুকুৰবাৰে আৱেগিক হৈ পৰা দেখা যায়৷
উল্লেখ্য যে অলিম্পিকত পদক জয়ৰ পাছত বৃহস্পতিবাৰে গৃহভূমিলৈ উভতি অহা বক্সাৰগৰাকী কালি পুৱা পুনৰ দিল্লীলৈ উভতি যায়৷ অসম অলিম্পিক সন্থাই অসম এমেচাৰ বক্সিং সন্থাৰ সহযোগত তাজ ভিভাণ্টাত আয়োজন কৰা সম্বর্ধনা অনুষ্ঠান আৰু মিট দ্য প্রেছ কার্যসূচীত অংশ লোৱাৰ পাছত তেওঁ বৰঝাৰ বিমানবন্দৰ অভিমুখে ৰাওনা হয়৷ অহা ১৫ আগষ্টত নতুন দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ কার্যসূচীত অংশ লোৱাৰ পাছত ১৬ আগষ্টত লাভলীনাই ৰাষ্ট্রপতি ভৱনত ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দক সাক্ষাৎ কৰিব৷
ইয়াৰ পাছতে তেওঁ ১৭ আগষ্টত পুনৰ গৃহভূমিলৈ উভতিব আৰু জন্মস্থান বৰপথাৰত উপস্থিত হ’ব৷