নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান সমস্যা সমাধানত কেন্দ্রৰ সঁহাৰি শূন্য: ৰিপুন বৰা

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ অসমৰ বান সমস্যাত কেন্দ্রৰ সঁহাৰি শূন্য বুলি মন্তব্য কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই৷ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত সভাপতি বৰাই কয় যে প্রধানমন্ত্রীয়ে কেৱল টুইটাৰত অসমৰ বানপানীৰ বাবে দুখ প্রকাশ কৰিলেই আৰু টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ ওপৰত বার্তালাপ কৰিলেই অসমৰ বানপানীৰ সমস্যা সমাধান নহয়৷ তেওঁ কয় যে অসমে এছডিআৰএফত ২০১৪–১৫ বর্ষত ২৮৮.৬ কোটি টকা, ২০১৫–১৬ বর্ষত ৪১৪ কোটি টকা, ২০১৬–১৭ বর্ষত ৪৩৪.৭০ কোটি টকা আৰু ২০১৭–১৮ বর্ষত ৪৫৬ কোটি টকাৰ বাহিৰে আজি পর্যন্ত অসমৰ বিজেপি চৰকাৰে কেন্দ্রীয় চৰকাৰৰ পৰা বানপানীৰ নামত কোনো অনুদান পোৱা নাই৷ ২০১৮–১৯ আৰু ২০১৯–২০ বিত্তীয় বর্ষ দুটাত কোনো কেন্দ্রীয় অনুদান পোৱা নাই৷

তদুপৰি অসম চৰকাৰৰ অকর্মণ্যতাৰ বাবেই এইবাৰ ৰাজ্যখনত বানপানী ভয়াৱহ হৈছে৷ সেইদৰে ক’ৰোনাৰ পিছতেই মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিদিনে কংগ্রেছক ১০০টাকৈ গ’ল দিব বুলি কালি কৰা মন্তব্যত প্রতিক্রিয়া প্রকাশ কৰি ৰিপুন বৰাই কয় যে অহা নির্বাচনত অসমৰ জনসাধাৰণে বিজেপিকহে গ’ল দিব৷ সেইদৰে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কয় যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ক’ভিডৰ সংক্রমণ বঢ়াব বিচৰা নাই যদিও তেওঁ ক’ভিডৰ সংক্রমণ ৰোধ কৰাত ব্যর্থ হৈছে৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াই স্বাস্থ্যমন্ত্রী ড০ শর্মাক সমালোচনা কৰি কয় যে মন্ত্রীগৰাকীয়ে বিভ্রান্তিমূলক মন্তব্য কৰি আহিছে৷ বিভিন্ন সময়ত তেওঁ আইচিএমআৰৰ গাইডলাইনো উলংঘা কৰিছে৷ সোণাৰিৰ বিধায়িকা নৱনীতা সন্দিকৈ ক’ভিডত আক্রান্ত হোৱাৰ পিছতো নিজ গৃহতেই কেনেদৰে থাকিব পাৰিলে, তাক লৈ তেওঁ প্রশ্ণ উত্থাপন কৰে৷ তদুপৰি বহু লোকে ক’ভিড টেষ্ট কৰাৰ পিছত এমাহ পর্যন্ত ৰিপ’ট লাভ নকৰাৰো তেওঁ অভিযোগ কৰে৷

You might also like