নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেংনৈ কৃষক উৎপাদক গোটৰ বৰোধান চপোৱা উৎসৱ

নিয়মীয়া বাৰ্তা,  ১৬ জুলাই : নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত এপাৰ্ট (APART) আঁচনিৰ অধীনত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ তত্বাৱধানত যোৱা ১৪ জুলাইত দিঘেলী কৃষি চক্ৰৰ অন্তৰ্গত চেংনৈ কৃষক উৎপাদক গোষ্ঠীৰ পথাৰত “বৰো ধান চপোৱা উৎসৱ” অনুষ্ঠিত কৰা হয়। জিলা কৃষি বিষয়া প্ৰবীণ চন্দ্ৰ মেধিয়ে শতাধিক কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত কৃষকসকলক উদ্দেশ্যি আধুনিক কৃষি পদ্ধতি, খেতিত আধুনিক কৃষি যন্ত্ৰ ব্যৱহাৰ, উন্নত প্ৰজাতিৰ বীজৰ ব্যৱহাৰ, কৃষকৰ খৰচ কম, আয় বৃদ্ধি আদি বিষয়ত আলোচনা কৰাৰ লগতে সজাগ কৰে। ইয়াৰ উপৰি অনুষ্ঠানত বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন অভিলাষী আঁচনি যেনে পি এম কিষাণ, পি এম কে এছ ৱাই, প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা  আদি আঁচনিৰ বিষয়ে উপস্থিত কৃষক ৰাইজক বিতংভাৱে অৱগত কৰে। উক্ত আঁচনিৰ অধীনত কৃষক ৰাইজে কেনেকৈ সুবিধাসমুহ লাভ কৰিব সেই বিষয়ে  অৱগত কৰে। অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ বীজ পৰামৰ্শদাতা ডঃ নিৰাজ ত্যাগীয়ে উন্নত জাতৰ বীজৰ বিষয়ে আৰু ব্যৱহাৰ সম্পৰ্কে অৱগত কৰাৰ লগতে কৃষকৰে মত বিনিময় কৰে। আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ কনিষ্ঠ গৱেষক অম্লান দ্বীপ শইকীয়াই কৃষিযন্ত্ৰ সম্পৰ্কে অৱগত কৰাৰ লগতে কৃষিযন্ত্ৰসমূহ পৰিচয় কৰাই দিয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি চেংনৈ কৃষক উৎপাদক গোষ্ঠীৰ পথাৰত বৰো ধানৰ খেতি আধুনিক কৃষি যন্ত্ৰ কম্বাইন হাৰভেষ্টাৰৰ (Combine Harvester) সহায়ত চপোৱাৰ লগতে কৃষক ৰাইজৰ মাজত কৃষি যন্ত্ৰৰ প্ৰদৰ্শনী কৰা হয়। অনুষ্ঠানটোৰ আঁত ধৰি শলাগৰ শৰাই আগবঢ়ায় জিলা কৃষি বিপণন সমন্বয়ক সত্যেন তালুকদাৰে । অনুষ্ঠানত ডি পি ডি (আত্মা) ডঃ জয়া গগৈ, সমাজকৰ্মী মহেন্দ্ৰ হালৈ, ৫নং গাঁও পঞ্চায়ৰ সভাপতি অঞ্জন তালুকদাৰৰ লগতে এপাৰ্ট ,আত্মা, বিভাগৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকল আৰু চেংনৈ এফ পি চিৰ সভাপতি তথা বিশিষ্ট মীনপালক দীনেশ গোস্বামী, সম্পাদক ধীৰেশ্বৰ বৰ্মন প্ৰমূখ্যে বিষয়ববীয়াসকল আৰু শতাধিক কৃষক  উপস্থিত থাকে। উল্লেখ্য যে চেংনৈ কৃষক  উৎপাদক গোটৰ সভাপতি তথা সমাজ সংগঠক দীনেশ গোস্বামীৰ নেতৃত্বত এইবেলি পৰীক্ষামূলকভাৱে কেইবা হেক্টৰ ভূমিত উন্নত মানৰ বৰো ধানৰ খেতি কৰি সুন্দৰ ফল লাভ কৰা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে। এই গোটটোৰ সুন্দৰ নিদৰ্শন দেখি শিক্ষিত যুৱক-যুৱতীসকল আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। চেংনৈ কৃষি উৎপাদক গোটৰ উৎকৃষ্ট নিদৰ্শনক সচেতন মহলে ধন্যবাদ জ্ঞাপন কৰে।
প্ৰেৰক বীৰেন কলিতা
You might also like