নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱতিনিশা আখিয়া চান্দৰ গুদামত ৰহস্যজনক অগ্নিকাণ্ডঃ এছআই কেলেংকাৰিৰ নথি–পত্র জ্বলাই দিয়াৰ সন্দেহ

বাসগৃহত চিআইডিৰ চাৰি ঘণ্টাজোৰা অভিযানৰ পাছতে জ্বলিল জুই

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  অসম আৰক্ষীৰ এছ আই নিযুক্তি কেলেংকাৰি সন্দর্ভত চি আই ডি–ক্রাইম ব্রাঞ্চৰ মাৰাথন অভিযান অব্যাহত আছে৷ অভিযানত ইজনৰ পাছত সিজন দালাল ধৰা পৰিছে, উদ্ধাৰ হৈছে বাণ্ডিলে বাণ্ডিলে টকা৷ ইয়াৰ মাজতে দেওবাৰে পুৱতিনিশা উত্তৰ বঙাইগাঁৱত সংঘটিত এক অগ্নিকাণ্ডক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ অগ্নিকাণ্ডটো সংঘটিত হয় এছ আই পদৰ লিখিত পৰীক্ষাৰ দায়িত্বত থকা অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰ বহু বিতর্কিত ব্যৱসায়ী আখিয়া চান্দ ওৰফে  অক্ষয় চান্দ বৈদৰ গুদামত৷ পুৱতিনিশা প্রায় তিনি বজাত সংঘটিত অগ্নিকাণ্ডটোত গুদামটোৰ লগতে শোভা স্কুটার্ছ নামৰ ব্যৱসায়িক প্রতিষ্ঠানখন সম্পূর্ণৰূপে জাহ যায়৷ কেইবাকোটি টকাৰ সা–সম্পত্তি ভস্মীভূত হোৱা এই অগ্ণিকাণ্ডটোক লৈ স্থানীয় ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি হৈছে৷

উল্লেখ্য যে ইতিমধ্যে তদন্তকাৰী সংস্থাৰ জালত পৰা এছ আই নিযুক্তি কেলেংকাৰিৰ দুই অন্যতম মাষ্টাৰ মাইণ্ড ৰুবুল হাজৰিকা ওৰফে ৰুবুল আলী আৰু সৰোজ শর্মাৰ স্বীকাৰোক্তিৰ ভিত্তিত কালি পুৱতিনিশা আৰক্ষীয়ে বৰপেটা, বঙাইগাঁও, অভয়াপুৰী আৰু চিৰাং জিলাৰ ঢ়ালিগাঁৱত অতর্কিতে অভিযান চলাই ৫,৩৬,৮৮,৬৪০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পাছতে সন্ধিয়া প্রায় ৬ বজাৰ পৰা অক্ষয় চান্দ বৈদৰ পাগলাস্থানৰ অটো চেণ্টাৰৰ সমীপত চাৰি ঘণ্টা ধৰি তালাচী চলায় চি আই ডিয়ে৷ গুৱাহাটীৰ পৰা অহা চি আই ডিৰ আঠ–দহজনীয়া দলে তালাচীৰ সময়ত বিতর্কিত ব্যৱসায়ীজনৰ ঘৰৰ পৰা কেতবোৰ নথি–পত্র আৰু সামগ্রী জব্দ কৰে৷ গুৰুত্বপূর্ণ কথাটো হ’ল– চি আই ডিয়ে অভিযান সামৰাৰ কেইঘণ্টামান পাছতে অক্ষয় চান্দ বৈদৰ বাসগৃহৰ পৰা নাতিদূৰৈৰ গুদামত অগ্নিকাণ্ড সংঘটিত হয়৷ এছ আই নিযুক্তি কেলেংকাৰি সম্পর্কীয় নথি–পত্রসহ গুদামটো পৰিকল্পিতভাৱে জ্বলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় বহু লোকে৷ লক্ষণীয়ভাৱে গুদামটো অক্ষয় চান্দ বৈদৰ ভাতৃ নির্মল চান্দ বৈদৰ পত্নীৰ নামত আছে যদিও ব্যৱসায়িক কাম–কাজ অক্ষয় চান্দ বৈদে চোৱাচিতা কৰি আহিছে৷

ইফালে এছ আই পদৰ লিখিত পৰীক্ষাৰ দায়িত্ব লাভ কৰা অক্ষয় টেলিকমিনিউকেচনৰে জড়িত ৰুবুল হাজৰিকা ওৰফে ৰুবুল আলী আৰু সৰোজ শর্মাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিলেও অক্ষয় চান্দ বৈদ সম্প্রতি পলাতক হৈ আছে৷ এনে ক্ষেত্রত প্রতিষ্ঠানটোৰ সৈতে জড়িত নথিপত্রসহ গুদামটো ষড়যন্ত্রমূলকভাৱে জ্বলাই দিয়াৰ সন্দেহ কৰিছে কৃষক মুক্তি সংগ্রাম সমিতিৰ বঙাইগাঁও জিলা সমিতিয়ে৷ সংগঠনটোৰ বঙাইগাঁও জিলাৰ সভাপতি মহীধৰ ৰায়ে এই অগ্নিকাণ্ড পৰিকল্পিত বুলি অভিযোগ কৰি কয় যে অক্ষয় চান্দ বৈদে তথ্য–প্রমাণ নষ্ট কৰাৰ বাবে অগ্ন কাণ্ড সংঘটিত কৰিছে৷ সমগ্র ঘটনাৰ তদন্তৰ দাবী তোলে ৰায়ে৷ এজন মন্ত্রীৰ ঘনিষ্ঠ অক্ষয় চান্দ বৈদক ৰাজনৈতিক সুৰক্ষা প্রদান কৰি পলুৱাই ৰখা বুলিও তেওঁ অভিযোগ কৰে৷

You might also like