🔹 তেজপুৰ বিশ্ববিঃৰ সহযোগত বিকশিত ‘ছুইট’ টেলিস্ক’পৰ কৃতিত্ব
বিশেষ বার্তা, ১১ ডিচেম্বৰ : তেজপুৰ বিশ্ববিদ্যালয় ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা প্রশংসিত হোৱাত ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত উচ্চ শিক্ষানুষ্ঠানখনৰ এই সফলতাৰ বাবে শলাগ লয় ৷ মুখ্যমন্ত্রী ড০ শর্মাই সামাজিক মাধ্যমত প্রকাশ কৰে এনেদৰে– ‘বঢ়িয়া ! এইটো এটা ডাঙৰ খবৰ৷ অসমৰ গৱেষণাই আদিত্যৰ ওপৰত ভৰিৰ ছাপ এৰি যাব৷ আমোদজনক কথাটো হ’ল– মহাভাৰতত তেজপুৰক অগ্ণিগড় বুলিও জনা যায় আৰু এতিয়া চহৰখনৰ কামে অগ্নি দেৱতাৰ শক্তি সহ্য কৰিব৷’ আনহাতে, ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও এই সফলতাৰ শলাগ লয়৷ তেওঁ সামাজিক মাধ্যমত লিখিছে– তেজপুৰ বিশ্ববিদ্যালয়ৰ আমাৰ বিজ্ঞানী আৰু গৱেষকসকলক নমস্কাৰ৷ আদিত্য–১ মহাকাশযানত থকা ছ’লাৰ আল্ট্রাভায়’লেট ইমেজিং টেলিস্কোপ যন্ত্রই ২০০–৪০০ এনএম তৰংগ দৈর্ঘ্যৰ ভিতৰত সূর্যৰ প্রথম সম্পূর্ণ ডিস্ক ছবি সফলতাৰে ধৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে৷ উল্লেখ্য যে আদিত্য এল–১ অভিযানৰ অংশীদাৰ হোৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ প্রচেষ্টা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা প্রশংসিত হৈছে৷ ইছৰ’ৰ অফিচিয়েল ৱেবছাহটত প্রকাশ পোৱা অনুসৰি আদিত্য–১এ ২০০–৪০০ এনএম তৰংগ দৈর্ঘ্যৰ পৰিসৰত সূর্যৰ প্রথম সম্পূর্ণ ডিস্ক ছবি সফলতাৰে সংগ্রহ কৰিছে৷ আদিত্য এল–১ মহাকাশযান ছুহটত থকা সৌৰ আল্ট্রাভায়’লেট ইমেজিং টেলিস্কোপ যন্ত্রটোৱে বিভিন্ন বৈজ্ঞানিক ফিল্টাৰ ব্যৱহাৰ কৰি এই তৰংগ দৈর্ঘ্যৰ পৰিসৰত সূর্যৰ আলোকমণ্ডল আৰু ক্রম’স্ফিয়াৰৰ ছবি ধৰি ৰাখিছিল৷ ছুহটৰ বিকাশৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়, পুনেৰ ইডনিভার্ছিটী চেণ্টাৰ ফৰ এষ্ট্র’নমী এণ্ড এষ্ট্র’ফিজিক্স, মণিপাল একাডেমী অৱ হায়াৰ এডুকেচন, কলকাতাৰ আইআইএছইআৰ মহাকাশ বিজ্ঞানৰ উৎকৃষ্টতা কেন্দ্রৰ সহযোগিতামূলক প্রচেষ্টা জড়িত আছিল৷ তদুপৰি বেংগালুৰুৰ ভাৰতীয় জ্যোতি পদাৰ্থ বিজ্ঞান প্রতিষ্ঠান, উদয়পুৰ সৌৰ মানৱ নিৰীক্ষণ কেন্দ্রও জড়িত আছিল এই বিশেষ অভিযানত৷ ইপিনে, তেজপুৰ বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ পিএইচডি পণ্ডিত তথা পুনেৰ আইইডচিএএৰ জ্যেষ্ঠ গৱেষক ফেলো জন্মেজয় সৰকাৰ আৰচিএএৰ সৌৰ অতি বেঙুনীয়া ইমেজিং টেলিস্কোপ পেলোড অন–ব’ণ্ড আদিত্য এল–১ বিকশিত কৰাৰ অংশীদাৰ আছিল৷ জন্মেজয়ে এই উন্নয়নক লৈ আনন্দ প্রকাশ কৰি কয় যে অহা দুমাহত দলটোৱে আৰু অধিক ইনপুট লাভ কৰাৰ আশা কৰিছে৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক শম্ভুনাথ সিঙে এই সফলতাত সন্তুষ্টি ব্যক্ত কৰি কয় যে এনে খবৰে ৰাজ্যখনৰ শৈক্ষিক সমাজৰ মনোভাবক নতুন মাত্রা প্রদান কৰিব৷
প্ৰেৰক হিমাংশু শইকীয়া