চৰকাৰে শিক্ষা খণ্ডত ব্যয় কৰিব জিডিপিৰ ৬ শতাংশ ধন’
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ নতুন শিক্ষানীতিয়ে অসমীয়া ভাষা জীয়াই ৰাখিব আৰু প্রতিগৰাকী অসমীয়া ভাষা কোৱা লোকে মাতৃভাষাতে শিক্ষালাভ কৰিব পাৰিব৷ দেশজুৰি বলৱৎ হোৱা নতুন শিক্ষানীতিৰ সন্দর্ভত অসম চৰকাৰে আয়োজন কৰা প্রথমখন বৈঠকত উপস্থিত থাকি শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইদৰে মন্তব্য কৰে৷ উল্লেখ্য যে অহা বর্ষৰ এপ্রিলৰ পৰা আৰম্ভ কৰিব খোজা শিক্ষানীতিৰ প্রয়োজনীয় পাঠ্যক্রমসমূহ কিধৰণৰ হ’ব, বিষয়সমূহ কি কি হ’ব, তাক লৈ ইতিমধ্যে গঠন কৰা হৈছে এক বিশেষ টাস্ক ফ’চ৷ ইতিপূর্বে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিক্ষক দিৱসৰ দিনাই নতুন শিক্ষানীতি সন্দর্ভত টাস্ক ফ’চৰ বৈঠক আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্রধান সচিব বি কল্যাণ চক্রৱর্তীক আহ্বায়ক হিচাপে লৈ এখন ৭৩জনীয়া উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে৷ এই উচ্চ ক্ষমতাসম্পন্ন সমিতিখনৰ বৈঠক আজি খানাপাৰাৰ প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হয়৷ এই বৈঠকতে নতুন শিক্ষানীতিৰ সন্দর্ভত ৰাজ্য চৰকাৰৰ দৃষ্টিভংগী দাঙি ধৰি শিক্ষামন্ত্রীগৰাকীয়ে কয়– ভাষা, সংস্কৃতিক লৈ যি শংকাৰ সৃষ্টি হৈ আছে, নতুন শিক্ষানীতিয়ে এই শংকা দূৰ কৰাৰ লগতে কঢ়িয়াই আনিব নিয়োগৰ সম্ভাৱনীয়তা৷ তেওঁ কয়– স্বাধীনতাৰ পিছত দেশখনে প্রথমবাৰৰ বাবে বিতর্কবিহীন শিক্ষানীতি লাভ কৰিছে৷
ৰাজ্যখনৰ বাবে ৰাষ্ট্রীয় শিক্ষানীতিৰ আধাৰত সঁচা অর্থত এক প্রণালীবদ্ধ ৰূপৰেখা তৈয়াৰ কৰি লোৱাৰ এয়াই উচিত সময়৷ এই উদ্দেশ্যে ৰাজ্যৰ শিক্ষা, সমাজনীতি, ক্রীড়া, দক্ষতা বিকাশ, তথ্য–প্রযুক্তি, বিজ্ঞান প্রযুক্তিৰ লগত জড়িত বিশেষজ্ঞ আৰু সমল ব্যক্তিসকলক কৈ উচ্চস্তৰীয় সমিতিখন গঠন কৰা হৈছে৷ এই সমিতিয়ে অনাগত ৫০ বছৰলৈ ৰাজ্যখনৰ ভৱিষ্যৎ প্রজন্মক সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে মার্গ নির্দেশনা আগবঢ়াব৷ নতুন শিক্ষানীতি সঠিকভাৱে প্রয়োগ হ’লে আগন্তুক ডেৰ দশকৰ ভিতৰত ৰাজ্যৰ প্রতিখন জিলাতে উচ্চ শিক্ষাৰ প্রতিষ্ঠান নতুনকৈ গঢ় লৈ উঠাৰ লগতে বহু নিযুক্তি সম্ভৱ হ’ব৷ সমিতিৰ সদস্যসকলে প্রয়োজন অনুসৰি ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে হ্রস্বকালীন আৰু দীর্ঘম্যাদী পৰামর্শ আগবঢ়াব বুলিও শিক্ষামন্ত্রীয়ে আজি মন্তব্য কৰে৷ ইফালে, নতুন শিক্ষানীতিৰ জৰিয়তে মাতৃভাষা মাধ্যমত প্রাথমিক শিক্ষাৰ প্রয়োজনীয়তা সম্পর্কতো এই সমিতিখনে সঠিক পৰামর্শ আগবঢ়াব বুলি ড০ শর্মাই জানিবলৈ দিয়ে৷ বৈঠকখনত ভাষণ প্রদান কৰি তেওঁ কয়– নতুন শিক্ষানীতি প্রযোজ্য হ’লে সলনি হ’ব শিক্ষা পদ্ধতি৷ বর্তমানৰ পাঠ্যক্রমৰ দৰে নাথাকিব মেট্রিক, উচ্চতৰ মাধ্যমিকৰ স্থান৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাতো সলনি হ’ব পদ্ধতি৷ কলা শাখাৰ শিক্ষার্থীয়ে অধ্যয়ন কৰিব পাৰিব বিজ্ঞানৰ বিষয় আৰু বিজ্ঞানৰ শিক্ষার্থীয়েও অধ্যয়ন কৰিব পাৰিব কলা, বাণিজ্যৰ বিষয়৷ পদার্থ বিজ্ঞানৰ ছাত্রই সংগীত আদি কলা বিষয়কো পাঠ্যক্রম হিচাপে ল’ব পাৰিব এই শিক্ষানীতিত৷ টেট শিক্ষক হ’বলৈ হ’লে বিশেষ যোগ্যতা থাকিব লাগিব৷ তদুপৰি প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে শিক্ষা ব্যৱস্থাত হ’ব যথেষ্ট সালসলনি৷ বি এ, বি এছ চি ইত্যাদি ডিগ্রীৰ পদ্ধতিগত সালসলনি হোৱাৰ লগতে মহাবিদ্যালয়সমূহে নিজাববীয়াকৈ পৰীক্ষা পতাৰ ক্ষেত্রত অগ্রাধিকাৰ পাব এই শিক্ষানীতিৰ জৰিয়তে৷ কার্যতঃ প্রতিখন শিক্ষানুষ্ঠান স্বতন্ত্র হ’ব৷ এই শিক্ষানীতি বিশ্বমুখী নহয়, ই প্রাচীন ভাৰতীয় শিক্ষাৰ গৌৰৱধ্বজা বহন কৰিব৷ ২০৩৪ চনৰ ভিতৰত দেশজুৰি কার্যক্ষম হ’ব এই শিক্ষানীতি৷ শিক্ষামন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ৰাজ্য চৰকাৰে শিক্ষাখণ্ডত মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ ৬ শতাংশ ধন শিক্ষা খণ্ডত ব্যয় কৰিব৷ এই বৈঠকতে ১১জনীয়া উপ–সমিতি গঠন কৰাৰ পৰামর্শ দিয়ে শিক্ষামন্ত্রীগৰাকীয়ে৷
উল্লেখ্য যে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে নতুন শিক্ষানীতি সন্দর্ভত অহা ৩১ ডিচেম্বৰৰ পূর্বে প্রতিবেদন দাখিল কৰিব৷ শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা আজিৰ এই বৈঠকত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ সকলো সদস্যৰ লগতে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, শিক্ষা বিভাগৰ উপদেষ্টা ড০ মিহিৰকান্তি চৌধুৰী, ছেবাৰ অধ্যক্ষ আৰ চি জৈন, আয়ুক্ত–সচিব প্রীতম শইকীয়াৰ উপৰি শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷