মই যাৰ লগত থাকোঁ, চৰকাৰো তেওঁৰ…
নিয়মীয়া বার্তা, ৩০ মার্চঃ যোৱা পোন্ধৰ বছৰ মই যাৰ লগত আছো তাৰেই চৰকাৰ গঠন হৈছে আৰু এইবাৰো মই যাৰ লগত আছো, তাৰেই চৰকাৰ অসমত হ’ব৷ –এই মন্তব্য প্রাক্তন বিটিচিপ্রধান তথা বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীৰ৷
ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ বিপিএফ প্রার্থী চৰণ বড়োৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ মাজবাট ক্রীডা প্রকল্প খেলপথাৰত আয়োজন কৰা বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি এইবাৰ ৰাজ্যত মহাজোঁটৰ চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰি বিটিচিৰ প্রাক্তন মুৰব্বীগৰাকীয়ে কয়– মই য’ত থাকিম ৰাজ্যত তাৰেই চৰকাৰ হ’ব, কোনো সন্দেহ নাই৷
মাজবাট বিধানসভা সমষ্টিৰ প্রার্থী তথা বর্তমানৰ বিধায়ক চৰণ বড়োৰ হৈ নির্বাচনী প্রচাৰ চলাই বিপিএফৰ মুৰব্বীগৰাকীয়ে চৰণ বড়োৱে বিগত পাঁচটা বছৰত সমষ্টিটোৰ বাবে বহু উন্নয়নমূলক কাম কৰাৰ বাবে সমষ্টিবাসী ৰাইজে তেওঁক বিপুল ভোটত জয়যুক্ত কৰাব বুলিও আশা প্রকাশ কৰে৷