নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধান ক্ৰয়ৰ ন্যূনতম সমৰ্থন মূল্যই লাভৱান কৰিছে কৃষকক

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাই : কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যযোগে ধান ক্ৰয় কৰা ব্যৱস্থাই উৎসাহিত কৰি তুলিছে ৰাজ্যখনৰ কৃষকক। কৃষকৰ পৰা চৰকাৰে ন্যূনতম সমৰ্থন মূল্যত বিভিন্ন চৰকাৰী সংস্থাৰ জৰিয়তে ধান ক্ৰয় কৰিবলৈ লোৱাৰে পৰা বেচৰকাৰী পৰ্যায়তো ধানৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ইয়াৰ ফলত সামগ্ৰিকভাবে লাভৱান হৈছে ৰাজ্যখনৰ কৃষক। আজি কামৰূপ মহানগৰ জিলাৰ মালয়বাৰীত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ ধান ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে কৃষিমন্ত্ৰী অতুল বৰাই। মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ধান খেতিৰ সৈতে জড়িত কৃষকসকল লাভৱান হোৱাৰ বাবে প্ৰতি কুইণ্টল ধান ন্যূনতম সমৰ্থন মূল্য ২,০৪০ টকা দৰত ক্ৰয় কৰাৰ বাবে সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহক নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ কৃষকসকলৰ মাজত ধান বিক্ৰীৰ ক্ষেত্ৰত এক প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি হোৱা বুলিও মন্ত্ৰী বৰাই প্ৰকাশ কৰে। ধান ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ পাছত কৃষিমন্ত্ৰীগৰাকীয়ে ধান উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰতে বিখ্যাত মালয়বাৰীৰ একাংশ কৃষকৰ সৈতে মত বিনিময় কৰাৰ সময়ত কৃষকসকলে চৰকাৰে ধানৰ ন্যুনতম সমৰ্থন মূল্য বৃদ্ধি কৰাৰ ফলত ৰাজ্যখনৰ লগতে বহি:ৰাজ্যৰ ব্যৱসায়ীসকলেও অধিক মূল্যত পথাৰৰ পৰাই কৃষকৰ পৰা ধান ক্ৰয় কৰিবলৈ আগবাঢ়ি অহা বুলি প্ৰকাশ কৰে। একে সময়তে স্থানীয় কৃষকসকলে ধানৰ উৎপাদন বৃদ্ধিত সহায়ক হোৱাকৈ নিশ্চিত জলসিঞ্চন ব্যৱস্থা, বজাৰ গৃহ স্থাপন, পৰিবহণ ব্যৱস্থা আদিৰ ক্ষেত্ৰত থকা সমস্যাসমূহো কৃষিমন্ত্ৰীগৰাকীক অৱগত কৰে। উল্লেখযোগ্য যে ২০২২ বৰ্ষৰ ১৫ জুলাইলৈ ন্যুনতম সমৰ্থন মূল্যযোগে কৃষকৰ পৰা মুঠ ৪.৩৪ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ বিপৰীতে ২০২৩ বৰ্ষৰ ১৫ জুলাই পৰ্যন্ত ৫.৯২ লাখ মেট্ৰিকটন ধান ক্ৰয় কৰা হোৱা বুলি অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটডৰ তথ্যত প্ৰকাশ। চলিত বৰ্ষত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটডকে ধৰি ভাৰতীয় খাদ্য নিগম, নাফেড, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ আৰু এন চি চি এফৰ ৰাজ্যখনৰ বিভিন্ন জিলাত থকা মুঠ  ১০৯টা ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় কৰাৰ ব্যৱস্থা লোৱা হৈছে। কৃষিমন্ত্ৰীগৰাকীয়ে ধান ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ সময়ত কৃষি সঞ্চালক ভাস্কৰ পেগু, অতিৰিক্ত কৃষি সচিব তথা অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তেজ প্ৰসাদ ভূষাল, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা উপস্থিত থাকে। কৃষিমন্ত্ৰী বৰাই আজি অসম চৰকাৰৰ উদ্যান শস্য সঞ্চালকালয়ৰ ক্ষেত্ৰীত থকা উৎকৰ্ষতাৰ কেন্দ্ৰটোও পৰিদৰ্শন কৰি কেন্দ্ৰটো কাৰ্যক্ষম কৰি তুলিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ধান ক্ৰয় ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ উচ্চ পৰ্যায়ৰ বৈঠক

মালয়বাৰীৰ ধান ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ পাছতেই আজি বিয়লি কৃষিমন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম খাদ্য আৰু অসামৰিক যোগান বিভাগ, অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড, অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ আৰু কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ন্যূনতম সমৰ্থ মূল্যত ধান আৰু সৰিয়হ ক্ৰয় ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন দিশ বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত কৃষি সঞ্চালক ভাস্কৰ পেগু, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা সচিব অনসূয়া দত্ত বৰুৱা আৰু যুটীয়া সচিব ৰাতুল পাঠক, অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ পৰিচালন সঞ্চালক দিগন্ত দাসকে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ বিভিন্ন পৰ্যায়ৰ বিষয়াই অংশগ্ৰহণ কৰে। বৈঠকত নতুন দিল্লীৰ পৰা ৰাজ্যখনৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ডা: আশিস কুমাৰ ভূটানীয়েও ভাৰ্চুৱেলী অংঅশগ্ৰহণ কৰে।

You might also like