নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰদিনলৈ তলা ওলমিব নামৰূপ সাৰ কাৰখানাত

🔹 নিটি আয়োগৰ পৰামর্শমর্মে কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্ত

বিশেষ বাৰ্তা, ২২ জুলাই : নগাঁও আৰু কাছাৰ কাগজ কলৰ দৰেই চিৰদিনলৈ তলা ওলমিব নামৰূপ সাৰ কাৰখানাত ৷ নিটি আয়োগৰ পৰামর্শমর্মে কেন্দ্রীয় চৰকাৰে নামৰূপ সাৰ কাৰখানা হিচাপে পৰিচিত ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন লিমিটেড (বিভিএফচিএল)ক বন্ধ ঘোষণা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৷ কালি লোকসভাত কেন্দ্রীয় ৰসায়ন আৰু সাৰ ৰাজ্যমন্ত্রী ভগৱন্ত খুবাই এটা বিবৃতিযোগে আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে৷ মন্ত্রী খুবাই প্রকাশ কৰা মতে, ২০২২ চনৰ ১২ আগষ্টত তদানীন্তন চি ই অ’ পৰমেশ্বৰন আয়াৰৰ অধ্যক্ষতাত অনুষ্ঠিত বিষয়া গোটৰ কমিটীৰ বৈঠকত নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ পৰামর্শাৱলী আগবঢ়াইছিল৷ পিছে অতি ৰহস্যজনকভাৱে কেন্দ্রীয় চৰকাৰে এই কথা ইমানদিন গোপনে ৰাখিছিল৷ পিছে কালি সদনৰ প্রশ্ণোত্তৰ কালত সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা এটা প্রশ্ণৰ উত্তৰত মন্ত্রী খুবাই নিটি আয়োগৰ পৰামর্শমর্মে নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ কথা ৰাজহুৱা কৰে৷ তেওঁ লিখিত বিবৃতিত এই কথাও লগতে উল্লেখ কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘আত্মনির্ভৰ ভাৰত’ৰ অধীনত গ্রহণ কৰা নব্য ৰাজহুৱা খণ্ডৰ উদ্যোগ নীতিত সাৰ উদ্যোগক ‘নন–ষ্ট্রেটেজিক’ খণ্ড হিচাপে গ্রহণ কৰা হৈছে৷ ‘নন–ষ্ট্রেটেজিক’ খণ্ডত চিহ্ণিত হোৱা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক ব্যক্তিগতকৰণ বা বন্ধ কৰাৰ প্রক্রিয়া হাতত লোৱা হৈছে৷ পিছে মৃতপ্রায় নামৰূপ সাৰ কাৰখানাৰ ব্যক্তিগতকৰণ যে মুঠেই সম্ভৱ নহয়, সেই কথা অনুধাৱন কৰি নিটি আয়োগৰ পৰামর্শমর্মে কেন্দ্রীয় চৰকাৰে সাৰ কাৰখানাটো চিৰদিনলৈ বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে প্রথমতে নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয় গোটটো পুনৰুজ্জীৱিত নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ কিন্তু কেন্দ্রত মোদী চৰকাৰ ক্ষমতালৈ অহাৰ ঠিক পিছতেই নামৰূপ সাৰ কাৰখানাটোৰ চতুর্থটো গোট স্থাপন কৰা হ’ব বুলি ২০১৫ চনৰ ২১ মে’ত কেবিনেট বৈঠকত গ্রহণ কৰা সিদ্ধান্তৰ কথা বিবৃতিযোগে প্রকাশ কৰিছিল৷ আনকি প্রস্তাৱমর্মে অসম চৰকাৰ আৰু আন ৰাজহুৱা খণ্ডই সন্মিলিতভাৱে চতুর্থ গোটৰ ৪৮ শতাংশ মালিকানা আৰু ব্যক্তিগত খণ্ডই বাকী ৫২ শতাংশ বিনিয়োগ কৰিব বুলি কেবিনেট বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হৈছিল ৷ আনকি চতুর্থ গোটটোৱে বছৰি ১২ লাখ মেট্ৰিকটন সাৰ উৎপাদন কৰিব পাৰিব বুলিও লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷ পিছে কেন্দ্রীয় কেবিনেটৰ এই সিদ্ধান্ত কাগজৰ পাততেই সীমাবদ্ধ হৈ থাকিল৷ ইয়াৰ পিছত ২০২১ চনৰ ৯ নৱেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অনুৰোধমর্মে সাৰ কাৰখানাটোৰ দ্বিতীয় আৰু তৃতীয় গোটৰ মেৰামতিৰ বাবে কেন্দ্রীয় ৰসায়ন আৰু সাৰ মন্ত্রালয়ে মাত্র ১০০ কোটি টকা মোকলাই দিছিল৷ ইয়াৰ বাদে নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ নামত কেন্দ্রৰ মোদী চৰকাৰে কোনো ধন ব্যয় কৰা নাছিল ৷ যোৱা বছৰ ২৮ মার্চত কেন্দ্রীয় বিত্ত ৰাজ্যমন্ত্রী ভাগৱত কৃষাণৰাও কাৰাডেও নামৰূপ সাৰ কাৰখানাই যে মৃত্যুৰ ক্ষণ গণিছে, সেই কথা লোকসভাৰ মজিয়াত আকাৰে–ইংগিতে স্পষ্ট কৰি দিছিল ৷ কাৰখানাটোৱে যে প্রতিবছৰ কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ আছে, সেই কথা তেওঁ প্রকাশ কৰিছিল৷ কাৰাডে প্রকাশ কৰা মতে, ২০১৮–১৯ বিত্তীয় বর্ষৰ পৰা ২০২০–২১ বিত্তীয় বর্ষলৈকে নামৰূপ সাৰ কাৰখানাৰ ৩৩০.৬০ কোটি টকা লোকচান হৈছিল৷ অৱশেষত মন্ত্রী কামৰাডে যোৱা বছৰ ব্যক্ত কৰা আশংকাই এতিয়া বাস্তৱত ৰূপ লোৱা পৰিলক্ষিত হৈছে ৷ নগাঁও আৰু কাছাৰ কাগজ কলৰ দৰেই চিৰদিনৰ বাবে বন্ধ হ’বলৈ গৈ আছে সমগ্র নামৰূপ সাৰ কাৰখানা৷

You might also like