নতুন নাম পালে অসম আৰক্ষীৰ ৭২টা পদে
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ৰাজ্যৰ অসম আৰক্ষীৰ বিভিন্ন পদৰ নাম সলনি কৰা হৈছে৷ ৰাজ্যপালৰ অনুমোদনমর্মে ৰাজ্যৰ গৃহ বিভাগে এই সন্দর্ভত জাননী জাৰি কৰিছে৷ সেই অনুসৰি মুঠ ৭২টা পদৰ নাম সলনি কৰা হৈছে৷ জাননী অনুসৰি সহকাৰী আৰক্ষী মহাপৰিদর্শক (কল্যাণ আৰু ক্রীড়া)ৰ এতিয়াৰে পৰা সহকাৰী আৰক্ষী মহাপৰিদর্শক (কল্যাণ) হিচাপে পৰিগণিত হ’ব৷ কামৰূপ, গুৱাহাটী, দৰং, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, ডিমা–হাচাওৰ এফ আৰ আৰ অ’ৰ আৰক্ষী অধীক্ষকক সহকাৰী আৰক্ষী মহাপৰিদর্শক (প্রশাসন ব্যৱস্থাপনা) হিচাপে বিবেচিত হ’ব৷ কামৰূপ জিলাৰ মান্দাকাটাৰ কামাণ্ডো বেটেলিয়নৰ উপ কমাণ্ডেণ্টক অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (আইন) হিচাপে গণ্য কৰা হ’ব৷ সেইদৰে কোকৰাঝাৰৰ চৰাইখোলাৰ সপ্তম এপিবিএনৰ সহকাৰী কমাণ্ডেণ্টক অসম আৰক্ষীৰ মুখ্য কার্যালয়ৰ উপ আৰক্ষী অধীক্ষক (ডিজিপিৰ ষ্টাফ অফিচাৰ) হিচাপে বিবেচিত হ’ব৷