নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত এইডছ আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি 

🔹 ৯০ শতাংশ‌ই ড্ৰাগছ আসক্ত
বিশেষ বাৰ্তা,  ১ ডিচেম্বৰ  : মাৰাত্মক ৰোগ হিচাপে চিহ্নিত এইডছ ৰোগৰ প্ৰাদুৰ্ভাৱ নগাঁও জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বিগত বৰ্ষসমূহৰ তুলনাত চলিত বৰ্ষত জিলাখনত এইডছ আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বিশেষকৈ নবপ্ৰজন্মৰ একাংশ যুৱক-যুৱতী ইয়াৰ চিকাৰ হৈছে। স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে, জিলাখনত ২০২১-২২ বৰ্ষত এইডছত আক্ৰান্ত হয় ৭০৮গৰাকী লোক। ইয়াৰ বিপৰীতে ২০২২ -২৩ বৰ্ষত আক্ৰান্তৰ সংখ্যা ১০৩২গৰাকীলৈ বৃদ্ধি পায়। সূত্ৰটোৱে জনোৱা মতে, এইডছ নিয়ন্ত্ৰণ তথা এইডছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে নগাঁও জিলা এইডছ নিয়ন্ত্ৰণ সমিতিয়ে চলিত বৰ্ষত জিলাখনৰ বিভিন্ন স্থানত ১০৫টা শিবিৰ অনুষ্ঠিত কৰিছিল। এই শিবিৰসমূহত ২৬৭৩গৰাকী লোকে এইডছ সম্পৰ্কীয় পৰীক্ষা কৰিছিল। ইয়াৰ ভিতৰত ৬৬৫গৰাকীৰ এইচ আই ভি পজিটিভ ধৰা পৰে। জিলাখনৰ অধিকাংশ লোকৰ এইচ আই ভি পৰীক্ষা কৰিলে জিলাখনত এই ৰোগত আক্ৰান্তৰ সংখ্যা দহ হাজাৰৰো অধিক হ’ব বুলি সূত্ৰটোৱে আশংকা কৰিছে। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, জিলাখনত হেপাটাইটিছ বি আৰু হেপাটাইটিছ চিত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি হৈছে। সূত্ৰটোৱে জনোৱা মতে, নগাঁও জিলাত হেপাটাইটিছ বি পৰীক্ষা কৰা হৈছিল ২২২৪গৰাকীৰ। ইয়াৰ ভিতৰত হেপাটাইটিছ বিত আক্ৰান্ত হয় ৬৭গৰাকী। একেদৰে হেপাটাইটিছ চি পৰীক্ষা কৰা হয় ২২১৮গৰাকীৰ। ইয়াৰ ভিতৰত ৫৪০গৰাকীৰ হেপাটাইটিছ চি পজিটিভ বা আক্ৰান্ত হয়। তদুপৰি আন এক ভয়াৱহ ৰোগ বহুমূত্ৰ পৰীক্ষা কৰা হয় ২৬৭৩গৰাকীৰ। ইয়াৰ ভিতৰত ৭২গৰাকী এই ৰোগত আক্ৰান্ত হয়। এনেদৰে নগাঁও জিলাত এইডছ আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে এইডছ সম্পৰ্কীয় আন ভয়াৱহ ৰোগত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে। সূত্ৰটোৱে জনোৱা মতে, এইডছ আক্ৰান্তসকলৰ ভিতৰত ৯০ শতাংশংই ড্ৰাগছ আসক্ত লোক। তেজৰ জৰিয়তে আৰু অসুৰক্ষিত একাধিক যৌন সম্পৰ্ক আদিৰ বাবেও এই ৰোগত বিভিন্নজন আক্ৰান্ত হয়। উল্লেখ্য যে নগাঁও জিলাত ড্ৰাগছ আসক্তৰ সংখ্যা আন জিলাৰ তুলনাত বেছি। জিলাখনৰ  উচ্চ বিদ্যালয়, মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থী, যুৱক-যুৱতী, টমটম, টেম্পোচালক, ধনী শ্ৰেণীৰ সন্তান আদি ড্ৰাগছৰ কবলত পৰিছে। ড্ৰাগছ সেৱন কৰি জিলাখনৰ কেইবাগৰাকী যুৱপ্ৰজন্মৰ সম্ভাৱনাপূৰ্ণ যুৱক-যুৱতী পথভ্ৰষ্ট হোৱাৰ লগতে কেইবাজনৰো মৃত্যু হৈছে। ড্ৰাগছ আসক্ত বহু যুৱপ্ৰজন্ম এইডছত আক্ৰান্ত হোৱাৰ কথা শুনা যায় যদিও এক বিশেষ কাৰণত কোনোৱে তথ্য সদৰী কৰিব নিবিচাৰে। কাৰণ এইডছ আক্ৰান্তক অধিকাংশ লোকে ঘৃণাৰ দৃষ্টিৰে চায়। এইডছ সম্পৰ্কীয় পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এ আৰ টি কেন্দ্ৰ আছে। ইয়ালৈ প্ৰতিদিনে একাংশ লোক পৰীক্ষা কৰিবলৈ আহে। ইয়াৰ ভিতৰত বিবাহৰ পুৰ্বে এই পৰীক্ষা কৰিবলৈ অহা লোকো আছে। উক্ত কেন্দ্ৰত এইডছ আক্ৰান্ত লোকক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয়। এইডছ সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে কেবাটাও  স্বেচ্ছাসেৱী সংগঠনে কাম কৰি আছে। ইয়াৰ বাবে চৰকাৰে এই স্বেচ্ছাসেৱী সংগঠনৰ নামত বিপুল ধন ব্যয় কৰি আহিছে যদিও এই স্বেচ্ছাসেৱী সংগঠন কেইটাই জিলাখনত সঠিক ভাবে কাম নকৰাকৈ চৰকাৰৰ আবণ্টিত ধনৰ সিংহভাগ উদৰস্থ কৰাৰ অভিযোগ উঠিছে। জিলাখনত ড্ৰাগছৰ প্ৰচলন বন্ধ কৰিব পাৰিলে ড্ৰাগছ আসক্তৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে এইডছ প্ৰতিৰোধত বহু লাংশে সফলতা লাভ কৰিব পৰা যাব বুলি জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প বিষয়া ডা: গুলজাৰ হুছেইনে জানিবলৈ দিয়ে।

 

প্ৰেৰক কনক হাজৰিকা

You might also like