নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধন নিদিলে গোচৰ পঞ্জীয়ন নকৰে সাতগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়াই

বিশেষ বাৰ্তা, ৯ জুলাই : অসম আৰক্ষীক লজ্জানত কৰিছে একাংশ অসাধু আৰক্ষী বিষয়াই ৷ আৰক্ষী সঞ্চালকপ্রধানে দুর্নীতিগ্রস্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ পাছতো একাংশ অসাধু আৰক্ষী বিষয়াই ধনৰ মোহ এৰিব পৰা নাই ৷ ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰাৰ পাছতো দাবী কৰা ধন নিদিয়াৰ বাবে মাহৰ পিছত মাহ ধৰি গোচৰ পঞ্জীয়ন নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, সাতগাঁও থানাত যোৱা ১৭ মে’ত পাঞ্জাবাৰীৰ হেমন্ত ৰাভা আৰু বডিউজ জামালে ৫খন মটৰচাইকেল চুৰি হোৱা বুলি এজাহাৰ দাখিল কৰিছিল ৷ সাতগাঁও থানাৰ ভাৰপ্রাপ্ত বিষয়া সন্দীপ কুমাৰ কানুৱে এজাহাৰকাৰীৰ পৰা পাঁচ হাজাৰ টকা দাবী কৰিছিল ৷ এই ধন আদায় নিদিয়া বাবে আজিলৈকে গোচৰ ৰুজু নকৰা বুলি ভুক্তভোগী এজাহাৰকাৰীয়ে অভিযোগ কৰিছে ৷ উল্লেখ্য যে সাতগাঁৱৰ তালতলাত দিব্যাংগ মাতৃ–কন্যাক দলবদ্ধভাৱে নির্যাতন চলোৱা ঘটনাৰ অভিযুক্তৰ পৰা মোটা অংকৰ ধন লৈ অন্য ৰূপ দিয়াৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপন হৈছিল সন্দীপ কুমাৰ কানুৰ বিৰুদ্ধে ৷

You might also like