নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বাধিক বয়স্ক প্রার্থী প্রেমধৰ বৰা, ১২বাৰ নিৰ্বাচনত অৱতীৰ্ণ

নিয়মীয়া বার্তা, ২৮ মার্চঃ কালি প্রথম পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণ দুই-এটা সৰু-সুৰা ঘটনাক বাদ দি শান্তিপূর্ণভাৱে অনুষ্ঠিত হ’ল৷ তিনিটাকৈ পর্যায়ত অনুষ্ঠিত হ’ব লগা অসম বিধানসভা নির্বাচনত এইবাৰ ১২৬টা বিধানসভা সমষ্টিত সর্বমুঠ ৯৪৬গৰাকী প্রার্থী অৱতীর্ণ হৈছে৷

এইসকলৰ ভিতৰত সর্বাধিক বয়স্ক প্রার্থী হ’ল প্রেমধৰ বৰা৷ বিহপুৰীয়া বিধানসভা সমষ্টিক চাৰিবাৰকৈ প্রতিনিধিত্ব কৰা ৮৮ বছৰীয়া ৰাজনীতিবিদগৰাকীয় দ্বাদশবাৰৰ বাবে সমষ্টিটোৰ পৰা এইবাৰ নির্বাচনত অৱতীর্ণ হৈছে৷

পুৱাই ঈশ্বৰৰ ওচৰত প্রার্থনা জনাই বিহপুৰীয়াৰ ছোৱালী হাইস্কুলস্থিত ভোট গ্রহণ কেন্দ্রত ভোটাধিকাৰ সাব্যস্ত কৰে প্রাক্তন শিক্ষামন্ত্রী প্রেমধৰ বৰাই৷ বয়োজ্যেষ্ঠ ৰাজনীতিবিদগৰাকীয় ভোটাধিকাৰ সাব্যস্ত কৰিয়েই এইবাৰ ৰাজ্যত মর্চা চৰকাৰ হ’ব বুলি দাবী কৰে৷

বিভিন্ন ৰাজনৈতিক দল আৰু নির্দলীয়ভাৱে মুঠ ৮গৰাকীকৈ প্রার্থী অৱতীর্ণ হোৱা সমষ্টিটোত এইবাৰ নির্বাচনত উল্লেখনীয়ভাৱে প্রতিগৰাকী ৰাজনৈতিকভাৱে সচেতন ব্যক্তিৰ দৃষ্টি আবদ্ধ হৈ আছে৷

You might also like