৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে কটন বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ অনলাইন আবেদন প্ৰক্ৰিয়া
নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ২০২০-২১ বৰ্ষৰ স্নাতকোত্তৰ প্ৰথম ষান্মাসিকৰ অনলাইন আবেদন প্ৰপত্ৰ ভৰ্তিকৰণ প্ৰক্ৰিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে। প্ৰপত্ৰ পূৰণৰ বাবে পঞ্জীয়ন কৰাৰ শেষ তাৰিখ হৈছে ৮ অক্টোবৰ।
পঞ্জীয়নৰ লিংক ইতিমধ্যে https://admissions.cottonuniversity.ac.in যোগে উপলব্ধ কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীয়ে প্ৰৱেশ পৰীক্ষাৰ মাচুল এই লিংকযোগে আদায় দি অনলাইন আবেদন প্ৰপত্ৰ পূৰণ কৰিবলৈ পঞ্জীয়ন কৰিব পাৰিব।
সম্পূৰ্ণ আবেদন প্ৰপত্ৰ পঞ্জীকৃত একাউণ্টৰ যোগেৰে জমা দিয়াৰ শেষ তাৰিখ ৯ অক্টোবৰ। প্ৰৱেশ পৰীক্ষাৰ তাৰিখ ১৫ৰ পৰা ২১ অক্টোবৰ।
উল্লেখ্য যে কটন বিশ্ববিদ্যালয়ৰ ২০১৯-২০ বৰ্ষত উত্তীৰ্ণ স্নাতক শিক্ষাৰ্থীৰ বাবে ৫০% আসন সংৰক্ষিত আছে। আনহাতে বাকী শিক্ষাৰ্থীসকলৰ নামভৰ্তি প্ৰক্ৰিয়া প্ৰৱেশ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত হ’ব।
প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ প্ৰথম পৰ্যায়ৰ বাচনি তালিকা অহা ৪ নৱেম্বৰত প্ৰকাশ পাব। লগতে ইয়াৰ ওপৰত ভিত্তি কৰি নামভৰ্তিৰ প্ৰক্ৰিয়া (কটনৰ বাবে সংৰক্ষিত আৰু প্ৰথম পৰ্যায়ৰ বাচনি তালিকাৰ শিক্ষাৰ্থীসকল) ৬ আৰু ৭ নৱেম্বৰত অনুষ্ঠিত হ’ব।
উল্লেখ্য যে সকলো পৰীক্ষাৰ্থীয়ে অনলাইন আবেদনৰ মাচুল ৮০০ টকা অনলাইন আবেদনৰ সময়ত পৰিশোধ কৰিব লাগিব।