ৰাজ্যত ৫.৮৮ শতাংশলৈ হ্রাস পালে পজিটিভিটীৰ হাৰ
নিয়মীয়া বাৰ্তা, ২২ মেঃ ক্রমাৎ ৰাজ্যত হ্রাস পাইছে ক’ভিডত আক্রান্তৰ হাৰ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা কেইবাটাও কঠোৰ নীতি–নিয়ম ৰাজ্যজুৰি বলৱৎ হৈ থকাৰ সময়তে আক্রান্তৰ হাৰ হ্রাস পোৱাটো আশাৰ খবৰ হৈ পৰিছে৷
শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত আক্রান্তৰ হাৰ ৫.৮৮ শতাংশলৈ হ্রাস পাইছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান তথা অসমৰ তথ্য অনুসৰি শুকুৰবাৰৰ দিনটোত ৬,০৬৬জন নতুনকৈ ক’ভিড আক্রান্তক চিনাক্ত কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,০৩,১৫৮টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৯০৭জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি কাছাৰৰ ৪৩৬জন, নগাঁৱৰ ৪৩৩জন আৰু কামৰূপৰ ৪২০জন আক্রান্ত হৈছে ক’ভিডত৷ আক্রান্তৰ হাৰ হ্রাস পালেও ৰাজ্যত এতিয়াও কমা নাই মৃত্যু হোৱা লোকৰ সংখ্যা৷ শুকুৰবাৰৰ দিনটোত পুনৰ ৮১জন লোকে ক’ভিডত প্রাণ হেৰুৱাইছে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক ২৪জন কামৰূপ মহানগৰ জিলাৰ৷ ইয়াকে ধৰি বর্তমানলৈ ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ২,৫৮৮জনলৈ বৃদ্ধি পালে৷
অৱশ্যে ৰাজ্যত এতিয়াও দৈনিক সুস্থ হৈ উঠা লোকৰ সংখ্যা সন্তোষজনক৷ শুকুৰবাৰে ৪,৯৮৭জন লোক ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে৷ সম্প্রতি ৰাজ্যৰ বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৫২,৮১৬জন৷