🔹 শোকত ম্ৰিয়মাণ লাখ লাখ অনুৰাগী
বিশেষ বার্তা, ১১ আগষ্ট : টকাই সকলো নহয়, মানুহক টকাই কেৱল সুখী কৰিব নোৱাৰে। দুৰ্নীতি কৰি টকা উপাৰ্জন কৰিলে মানুহৰ কিদৰে সন্মান হানি হয়, মানুহৰ কিদৰে সুখ নোহোৱা হয়, সেই কথাখিনিকেই যেন বুজাবলৈ যত্ন কৰিছিল তেওঁৰ বিজ্ঞাজ্যোতি ফেচবুক পেজৰ শেষৰ ভিডিঅ’টোত। হাজাৰ হাজাৰ লোকে বিজ্ঞাজ্যোতিৰ পৰা বহু শিকিছিল। বিজ্ঞানৰ কঠিন কথাবোৰ সহজ-সৰল ভাষাত বুজাই গৈছিল তেওঁ । সাধাৰণ মানুহেও যাতে বিজ্ঞান কি বুজিব পাৰে, তাৰ বাবে অহৰহ প্ৰয়াস চলাই গৈছিল। ঘৰৰ চৌপাশৰ উদ্ভিদবোৰ, গছবোৰ কিমান উপকাৰী, সেই কথাও কৈ গৈছিল তেওঁ । কিন্তু হঠাৎ কালি তেওঁৰ এই গতি স্তব্ধ হৈ পৰে । বিশিষ্ট বিজ্ঞানী তথা যোৰহাট বিজ্ঞান কেন্দ্র আৰু তাৰকা গৃহৰ তত্ত্বাৱধায়ক প্রণৱজ্যোতি চেতিয়াৰ হৃদযন্ত্রৰ ক্রিয়া বন্ধ হৈ যোৱানিশা মৃত্যু হয় ৷ সন্ধিয়া জীমৰ পৰা আহি হঠাৎ বুকুৰ বিষ হোৱাত চেতিয়াক এখন চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ ৪৫ বছৰীয়া চেতিয়াই ফেচবুকত ‘বিজ্ঞাজ্যোতি’ শীর্ষক পেজেৰে ৰাইজৰ পৰা মৰম পাবলৈ সক্ষম হৈছিল । বিজ্ঞাজ্যোতিৰ দ্বাৰাই বহুজন উপকৃত হৈছিল । সৰ্বসাধাৰণ মানুহৰ মাজত বিজ্ঞানমনস্কতা সৃষ্টিত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল । তেওঁ মৃত্যুত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংসদ প্ৰদান বৰুৱাকে আদি কৰি বহুজনে গভীৰ শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুই সন্তানক এৰি যায়৷
প্ৰেৰক প্ৰদীপ গগৈ