নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবিশ্বাস্য যদিও সত্য… দৰঙত এখন ফুলাম গামোচাৰ দৰ উঠিল ২ লাখ ৫ হাজাৰ টকা

বিশেষ বাৰ্তা, ২১ মে’ : সম্প্ৰতি বজাৰত এখন ফুলাম গামোচাৰ দৰ কিমান হ’ব পাৰে? থলুৱা শিপিনীৰ দ্বাৰা বৈ উলিওৱা ফুলাম গামোচা এখন ২ লাখ ৫ হাজাৰ টকাত বিক্ৰী হ’ব পাৰেনে ? অবিশ্বাস্য যদিও সত্য। দৰঙৰ ডাঁহী অৰ্জুনতল শ্ৰীবিষ্ণু মন্দিৰত কালি এখন ফুলাম থলুৱা গামোচা ২ লাখ ৫ হাজাৰ টকাত বিক্ৰী হয়। দেৱবস্ত্ৰ হিচাপে নামাংকৃত এই বিশেষ ফুলাম গামোচাখন স্হানীয় যুৱক তথা অভিযন্তা ৰাকেশ শৰ্মাই অবিশ্বাস্য দৰত শৰ্মাৰ মাতৃ প্ৰয়াত মিনু দেৱীৰ নামত নিলামযোগে ক্ৰয় কৰে। ৰাকেশ শৰ্মা দৰঙৰ বিদ্যুৎ বিভাগৰ অৱসৰী কৰ্মচাৰী দিনেশ্বৰ শৰ্মাৰ পুত্ৰ আৰু সু-চিকিৎসক ডাঃ দুৰ্গা শৰ্মাৰ ভতিজা আৰু সম্প্ৰতি অভিযন্তা হিচাপে কৰ্মৰত। লক্ষণীয় যে ডাঁহী অৰ্জুনতল বিষ্ণু মন্দিৰৰ বিষ্ণু হোম আৰু জেঠমহীয়া ৰাইজৰ সবাহক লৈ প্ৰতি বছৰে দেৱবস্ত্ৰ নিলাম অনুষ্ঠিত কৰি আহিছে। প্ৰকৃততে এখন ফুলাম গামোচা অধিবাসৰ দিনাৰে পৰা মন্দিৰত বিশেষ পূজা-অৰ্চনাৰে থাপনা থাপি দেৱবস্ত্ৰ হিচাপে ৰাইজৰ মাজত দ্বিতীয় দিনা নিলামত এৰি দিয়া হয়। এই বিশেষ গামোচাখনে মন্দিৰত পূজাৰ পাছত বিশেষ গুণ অৰ্জন কৰা বুলি স্হানীয় ৰাইজে বিশ্বাস কৰে আৰু নিলামত ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগায়। বিগত বৰ্ষতো এনে দেৱবস্ত্ৰৰূপী ফুলাম গামোচা দুই লাখৰো অধিক দৰত নিলাম হৈছিল। স্হানীয় ৰাইজে নিলামযোগে লাভ কৰা ধন মণিকূট নিৰ্মাণত ব্যৱহাৰ কৰাৰ সংকল্প লৈ এই নিলামৰ আয়োজন কৰি আহিছে। দেৱবস্ত্ৰ নিলাম প্ৰক্ৰিয়া ২০১০-১১ চন মানৰে পৰা আৰম্ভ হৈছিল। ইতিপূৰ্বে এই নিলামৰ ধন ব্যৱহাৰ কৰি মন্দিৰৰ মূলছোৱা দুমহলীয়াকৈ নিৰ্মাণ কৰাৰ পাছত পুনৰ দুমহলীয়া মণিকূট নিৰ্মাণাৰ্থে জমা কৰা হৈছে। এই বছৰ মঙলদৈ কলেজৰ অধ্যক্ষ কমলা কান্ত বৰাই মুকলি কৰা কাৰ্যসূচীত অৱসৰী অধ্যাপক পৰেশ শৰ্মাই সঞ্চালনা কৰাৰ লগতে দেৱবস্ত্ৰ নিলাম প্ৰক্ৰিয়াত মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক হিমাংশু ডেকা, সভাপতি হৰিদেৱ শৰ্মা, পূৰ্বৰ সভাপতি খীতেশ্বৰ শৰ্মাৰ লগতে খঙি ডেকাসহ ভিন্নজনে সহায়-সহযোগ কৰে। কাৰ্যসূচীৰ আঁত ধৰে যুৱ সমাজসেৱী হিৰণ্য ডেকাই। তাৎপৰ্যপূৰ্ণ যে নিলাম প্ৰক্ৰিয়াত ১৭জনকৈ লোকে ১ লাখ ৭৫ হাজাৰলৈ আগবাঢ়ে যদিও ৰাকেশ শৰ্মাই পোনে পোনে ২ লাখ ৫ হাজাৰ টকাত অন্তিম ডাক দি দেৱবস্ত্ৰ অৰ্জন কৰে। মন্দিৰ পৰিচালনা সমিতিয়ে এক মাংগলিক কাৰ্যসূচীৰে ১১ দিনৰ অন্তত ডাঁহীৰ ৰাকেশ শৰ্মাৰ পৰিয়ালৰ হাতত বিশেষভাৱে অৰ্পণ কৰিব। মন কৰিবলগীয়া যে প্ৰয়াত অণিৰাম শৰ্মাৰ স্মৃতিত মঙলদৈ বৰজামগুৰিৰ হেমন্ত কুমাৰ শৰ্মা আৰু পৰিয়ালবৰ্গই এইবাৰৰ দেৱবস্ত্ৰৰূপী ফুলাম গামোচাখন মন্দিৰ পৰিচালনা সমিতিলৈ আগবঢ়াইছিল।

প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা

You might also like