নিয়মীয়া বাৰ্তা,২৫ ফেব্ৰুৱাৰীঃ ৰাছিয়াই ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ লগে লগে বিশ্বৰ অর্থনীতিলৈ নামি আহিছে বিপর্যয়৷ অকল ইউৰোপতেই এই বিপর্যয়ৰ প্রভাৱ নপৰে যে এয়া আজি পুৱাৰ ভাগতে স্পষ্ট হৈ পৰে৷ যুদ্ধৰ প্রভাৱ আহি পৰে ভাৰতীয় শ্বেয়াৰ বজাৰত৷ যেন শ্বেয়াৰ বজাৰত আৰম্ভ হয় ৰক্তক্ষৰণ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগতে বজাৰ খোলাৰ লগে লগেই বৃহৎ বিপর্যয় নামি আহে ছেনছেক্স, নিফ্টীলৈ৷ গতিকে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীসকলে মূৰে–কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷
বজাৰলৈ নামি আহিছে অনিশ্চয়তা৷ ছেনছেক্স বৃহস্পতিবাৰে ২৭০২ পইণ্টলৈ অৱনমিত হৈ ৫৪৫৩০ত বন্ধ হয়৷ ইফালে নিফ্টী ৪১৬ পইণ্ট অৱনমিত হৈ ১৬৬৬৪ত বন্ধ হয়৷ অর্থাৎ শ্বেয়াৰ বজাৰৰ পাৰাস্তম্ভ বৃহস্পতিবাৰে দ্রুতগতিত অৱনমিত হৈছে৷ অকল ভাৰততেই নহয়, এছিয়াৰ প্রায়বোৰ দেশৰেই শ্বেয়াৰ বজাৰত যুদ্ধৰ প্রভাৱ পৰিছে৷
ইফালে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্রতি বেৰেলত ১০০ ডলাৰ বৃদ্ধি পাইছে৷ ভাৰতত বৃহস্পতিবাৰে আটাইতকৈ বেছি ক্ষতিৰ সন্মুখীন হয় আদানিৰ বন্দৰৰ শ্বেয়াৰ৷ আদানিৰ ৪৭ হাজাৰ কোটি টকা বৃহস্পতিবাৰৰ দিনটোত শ্বেয়াৰ বজাৰত লোকচান হোৱাৰ বিপৰীতে মুকেশ আম্বানিৰ ৮১ হাজাৰ কোটি টকা লোকচান হয়৷ ইয়াৰ উপৰি বিপর্যয়ৰ সন্মুখীন হৈছে টাটা ষ্টীল, টাটা মটর্ছ, ইউ পি এল আৰু ইণ্ডাছইণ্ড বেংক৷ কেইবাদিনো ধৰি চলি থকা আশংকাই সত্য হ’ল৷
আন্তর্জাতিক সংবাদ সংস্থা এ এফ পিৰ প্রতিবেদন অনুসৰি খাৰুৱা তেলৰ প্রতি বেৰেলত মূল্য বৃদ্ধি পোৱাৰ ফলত ভাৰতৰ দৰে দেশসমূহত আজিৰ পৰা তেলৰ মূল্য বৃদ্ধি পাব পাৰে৷ অর্থাৎ এই যুদ্ধৰ প্রভাৱ সমগ্র বিশ্বৰ অর্থনীতিত পৰিব৷ যুদ্ধ যদি দীর্ঘস্থায়ী হয়, তেন্তে বহু দেশৰ অর্থনীতিলৈ তীব্র প্রত্যাহ্বান নামি অহাৰো আশংকা আছে৷ লক্ষণীয়ভাৱে এই যুদ্ধৰ আশংকা কৰি বিনিয়োগকাৰীয়ে অধিক ধন বিনিয়োগ কৰিবলৈ অস্বীকাৰ কৰাৰ লগে লগে সোণৰ দামো বৃদ্ধি পাইছে আন্তর্জাতিক বজাৰত৷ ৰাছিয়া হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম খাৰুৱা তেল ৰপ্তানিকাৰী দেশ৷ ইয়াৰ উপৰি বিশ্বৰ আটাইতকৈ বেছি প্রাকৃতিক গেছ ৰপ্তানি কৰে ৰাছিয়াই৷ যুদ্ধৰ ফলত এই ৰপ্তানিলৈ নামি আহিব অনিশ্চয়তা৷ অর্থাৎ বিশ্ব অর্থনীতিত কেউদিশৰ পৰা প্রভাৱ পেলাব পাৰে ৰাছিয়া–ইউক্রেইনৰ যুদ্ধই৷