১ লাখক নিযুক্তিৰ প্রক্রিয়া আৰম্ভ মুখ্যমন্ত্রীৰঃ কলাক্ষেত্রত ৭৬৭গৰাকীক অনুকম্পামূলক–নিয়মীয়া নিযুক্তিপত্র প্রদান
নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: ভিচিয়াব চার্কোল –এই দুষ্টচক্রৰ বাবে আমি শ্রেষ্ঠ ৰাজ্য নোহোৱাৰ এক অন্যতম কাৰণ৷ এই চক্রক আমি ভাঙিব লাগিব৷ তেতিয়াহে আগুৱাব পাৰিম৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ শুকুৰবাৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত ৭৬৭গৰাকী যুৱক–যুৱতীক অনুকম্পামূলক নিয়মীয়া নিযুক্তি–পত্র বিতৰণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে এই মন্তব্য কৰাৰ লগতে কয়– আমি বেলেগৰ পৰা আশা কৰোঁ, কিন্তু দিয়া সময়ত আমি আঁতৰি যাওঁ৷ দিল্লীয়ে আমাক নিদিয়াৰ অভিযোগ কৰি থাকোঁ৷ কিন্তু দিল্লীক আমি আন্দোলন, সমস্যাৰ বাহিৰে আন একো দিয়া নাই৷ আমি নিজকে দায়িত্বশীল হিচাপে গঢ়িব লাগিব৷ ব্যক্তি হিচাপে নিজকে নির্মাণ কৰিব পাৰিলেহে ৰাষ্ট্র নির্মাণ কৰিব পাৰিম৷ চৰকাৰ প্রতিষ্ঠাৰ ১০০ দিন অতিক্রম কৰাৰ দিনটোত নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষক পদত ৩২৩গৰাকী, উচ্চ প্রাথমিক বিদ্যালয় শিক্ষক পদত ১২৭গৰাকী, কনিষ্ঠ সহায়ক পদত ১০গৰাকী, চতুর্থবর্গৰ পদত ১৬৬গৰাকী, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত শিক্ষক পদত ১গৰাকী, কনিষ্ঠ সহায়ক পদত ৩১গৰাকী, উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী অধ্যাপক পদত ১১৩গৰাকী, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্রশিক্ষণ প্রতিষ্ঠানৰ অধীনত তৃতীয়বর্গ পদত ১গৰাকী আৰু চতুর্থবর্গৰ পদত ৫গৰাকীক নিযুক্তি দিয়া হয়৷
ৰাজ্য চৰকাৰখনে ঘোষণা কৰা ১ লাখ নিযুক্তিৰ অংশস্বৰূপে প্রদান কৰা নিযুক্তি–পত্র বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই ভাষণ প্রদান কৰি কয়– স্বাধীনতাৰ অমৃত মহোৎসৱৰ এই ক্ষণতে আমি জাতীয় চেতনা গঢ়িব লাগিব৷ ইয়াৰে আমি আৰম্ভ কৰিব লাগিব শিক্ষানুষ্ঠানত৷ সকলোৱে যদি অতিৰিক্তভাৱে এঘণ্টা কাম কৰে, তেন্তে ৪০ লাখ চৰকাৰী কর্মচাৰীৰ পৰা আমি দিনে ৪০ লাখ ঘণ্টা অতিৰিক্তকৈ পাম৷ কেনেকৈ আমি সমাজখন পৰিৱর্তন কৰিব পাৰোঁ, আমাৰ নৱপ্রজন্মই এই আদর্শ যাতে ল’ব পাৰে, তাৰ বাবে অসমীয়া হিচাপে কাম কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে পুনৰ কয়– চৰকাৰী দৰমহা ল’লেই নহ’ব, চৰকাৰে প্রদান কৰা দায়িত্বও ল’ব লাগিব৷ ১ ছেপ্টেম্বৰৰ পৰা মহাবিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হ’ব৷ সেয়ে নিযুক্তি প্রদান কৰিলোঁ৷ ইয়াৰ পূর্বেও প্রদান কৰিব পাৰিলোঁহেঁতেন, কিন্তু কাম নকৰাকৈ দৰমহা লোৱাটো অপৰাধ৷ সেয়েহে কৰা নাছিলোঁ৷ আমাৰ চিন্তাৰ কঠীয়াতলী হৈছে শিক্ষানুষ্ঠানসমূহ৷ ৫ হাজাৰ বছৰ পুৰণি ভাৰতীয় সভ্যতা সগৌৰৱে বর্তি থকাৰ কাৰণ হৈছে তক্ষশিলা, নালন্দা আদিৰ দৰে বিশ্ববিদ্যালয়সমূহে সেই সময়ত সৃষ্টি কৰা নৱজাগৰণ৷
শিক্ষা বিভাগত কেইবাহাজাৰ পদত নিযুক্তিৰ বাবে শীঘ্রেই বিজ্ঞাপন প্রকাশ কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– প্রাথমিক শিক্ষা বিভাগত শিক্ষক নিযুক্তি প্রক্রিয়া আৰম্ভ কৰাৰ অর্থেও টেট অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ এই সমগ্র নিযুক্তি প্রক্রিয়া আগন্তুক বর্ষৰ মার্চ মাহৰ ভিতৰত সম্পূর্ণ কৰা হ’ব৷ ৰাজ্য চৰকাৰে ৰাজ্যখনত নতুন শিক্ষা নীতি ৰূপায়ণৰ দিশতো অগ্রসৰ হৈছে আৰু এই প্রক্রিয়া ২০২২ চনৰ ১ এপ্রিলৰ পৰা আৰম্ভ কৰা হ’ব৷ নতুন শিক্ষা নীতিৰ আধাৰত নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে চাৰিটা শ্রেণী সংযুক্ত কৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল গঠন কৰা হ’ব৷
ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগৰ বাবে এয়া এক ডাঙৰ প্রত্যাহ্বানৰ কাম হ’ব৷ ইয়াৰ বাবে এবছৰৰ ভিতৰতে শিক্ষানুষ্ঠানসমূহত আন্তঃগাঁথনিসমূহ গঢ়ি তুলিব লাগিব৷ এই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলসমূহত এক বিশেষ পদ্ধতিৰে পাঠদানৰ পৰিকল্পনা লোৱা গৈছে৷ এই পৰিকল্পনাৰ আধাৰত বিজ্ঞান, গণিত, ইংৰাজী আদি বিষয়সমূহ ইংৰাজীতে পাঠদান কৰা হ’ব আৰু অৱশিষ্ট বিষয়সমূহ মাতৃভাষাত পাঠদান কৰা হ’ব৷ প্রতি বছৰতে ৰাষ্ট্রীয় শিক্ষা নীতিৰ একো একোটা নতুন দিশ ৰূপায়ণ কৰি আগন্তুক ৫ বছৰত শিক্ষা বিভাগৰ এক আমূল ৰূপান্তৰ সাধন কৰা হ’ব৷ শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীয়ে আদৰণী ভাষণ প্রদান কৰা অনুষ্ঠানত ভাষণ প্রদান কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে নিযুক্তি–পত্র লাভ কৰা প্রার্থীসকললৈ অভিনন্দন জ্ঞাপন কৰে৷ অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত, শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্রীতম শইকীয়া আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁইবৰুৱাকে ধৰি কেইবাগৰাকীও গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷