নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু বাংলাদেশীৰ সংস্থাপনৰ প্রক্রিয়া আৰম্ভ: সতি–সন্ততিক চৰকাৰী বিদ্যালয়ত বিনামূলীয়া শিক্ষা

নিয়মীয়া বাৰ্তা,২৯ জুলাই: নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম–নীতি এতিয়াও নির্ধাৰিত হোৱা নাই যদিও পূর্ণোদ্যমে চলিছে হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ প্রক্রিয়া৷ অচিৰেই বিনামূলীয়া শিক্ষা লাভ কৰিব হিন্দু বাংলাদেশীৰ সতি–সন্ততিয়ে৷ কেৱল সেয়াই নহয়, জন্মৰ প্রমাণ–পত্র বা আন কোনো নথিপত্র অবিহনেই হিন্দু বাংলাদেশীৰ সতি–সন্ততিয়ে চৰকাৰী বিদ্যালয়ত নামভর্তি কৰিব পাৰিব৷ সংশ্লিষ্ট ৰাজ্য চৰকাৰে বাধ্যতামূলকভাৱে হিন্দু বাংলাদেশীৰ সতি–সন্ততিৰ নামত খুলিব লাগিব বেংক একাউণ্টো৷ চৰকাৰী বিভিন্ন আঁচনিৰ জৰিয়তে হিন্দু বাংলাদেশীয়ে লাভ কৰিব নিশ্চিত কর্মসংস্থাপন৷

স্মর্তব্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইনে সংসদৰ অনুমোদন লাভ কৰাৰ পিছত হিন্দু বাংলাদেশীক সংস্থাপিত কৰাৰ দিশে এয়াই হৈছে সর্ববৃহৎ পদক্ষেপ৷ ৰাষ্ট্রীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (নেচনেল কমিছন ফৰ প্রটেকচন অফ চাইল্ড ৰাইট্ছ) শেহতীয়াকৈ অসমকে ধৰি সংশ্লিষ্ট সকলো ৰাজ্যক এইক্ষেত্রত এক নির্দেশনা দিছে৷ ধর্মীয় নির্যাতনৰ বলি হৈ বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা পলাই অহা সংখ্যালঘু লোকসকলৰ সতি–সন্ততিসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবেই আয়োগে এই নির্দেশ জাৰি কৰিছে৷ মূলতঃ ৬ৰ পৰা ১৪ বছৰীয়া শিশুসকলৰ বাবে উপৰিউক্ত নির্দেশাৱলী প্রযোজ্য হ’ব৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনে হিন্দু বিদেশীক আইনী মর্যাদা প্রদানৰ পিছত আইনখনৰ জৰিয়তে যাতে শিশুসকল লাভান্বিত হ’ব পাৰে, সেই কথা চালিজাৰি চাবলৈ চলিত বছৰৰ ফেব্রুৱাৰী মাহত ৰাষ্ট্রীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে নতুন দিল্লীত এখন কর্মশালাৰ আয়োজন কৰিছিল৷

উক্ত কর্মশালাত কেন্দ্রীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রালয়ৰ লগতে কেন্দ্রীয় আইন আৰু গৃহ মন্ত্রালয়ৰ প্রতিনিধিসকলেও অংশগ্রহণ কৰিছিল৷ ইয়াৰ পিছতে আয়োগে এখন প্রতিবেদনো প্রস্তুত কৰিছিল৷ পিছে ক’ৰোনা মহামাৰীৰ বাবে এইক্ষেত্রত কোনো পদক্ষেপ গ্রহণ কৰিব পৰা নাছিল৷ উক্ত প্রতিবেদনৰ ভিত্তিতে শেহতীয়াকৈ ৰাজ্যসমূহক এই নির্দেশ দিয়া হৈছে বুলি কেন্দ্রীয় মহিলা আৰু শিশু কল্যাণ মন্ত্রালয়ৰ তৰফত আজি প্রকাশ কৰা হৈছে৷ ৰাজ্যসমূহক প্রদান কৰা নির্দেশনাত কোৱা হৈছে যে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিবলগীয়া সম্ভাব্য লোকৰ সতি–সন্ততিৰ বয়স যদি প্রাথমিক শিক্ষাগ্রহণৰ উপযুক্ত নহয়, তেনে ক্ষেত্রত বিশেষ প্রশিক্ষণ কেন্দ্র স্থাপনেৰে বিশেষ পাঠদানৰো ব্যৱস্থা কৰিব লাগিব সংশ্লিষ্ট ৰাজ্য চৰকাৰে৷

লক্ষণীয়ভাৱে আয়োগৰ প্রতিবেদনৰ ভিত্তিত হিন্দু বাংলাদেশী পৰিয়ালৰ প্রাপ্তবয়স্ক লোকসকলৰ বাবেও বিশেষ নির্দেশনা প্রদান কৰা হৈছে৷ কোৱা হৈছে হিন্দু বাংলাদেশীক এনৰেগা আঁচনিৰ অধীনত কর্মসংস্থান প্রদান কৰিব লাগিব৷ ৰাষ্ট্রীয় গ্রামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্রীয় চহৰ জীৱিকা যোজনাতো এওঁলোকক অন্তর্ভুক্ত কৰিব লাগিব৷ আনহাতে হিন্দু বাংলাদেশীৰ সতি–সন্ততিক কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ ৰাষ্ট্রীয় বাল স্বাস্থ্য কার্যক্রম আঁচনিৰ অধীনত সকলো সুযোগ–সুবিধা আগবঢ়াব লাগিব৷ ৰাষ্ট্রীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ প্রতিবেদনত কোৱা হৈছে– ‘১৯৪৭ চনৰ পৰাই চুবুৰীয়া ৰাষ্ট্রসমূহৰ পৰা ধর্মীয় নির্যাতনৰ বলি হৈ লাখ লাখ শৰণার্থীয়ে নিজা নিজা পৰিয়ালৰ সৈতে দেশ ত্যাগ কৰি ভাৰতত আশ্রয় গ্রহণ কৰি আছে৷ এক নির্ভীক তথা মর্যাদাপূর্ণ জীৱন, সম–ধিকাৰ লাভ সুযোগ পোৱাৰ আশাৰে এইসকল শৰণার্থীয়ে ভাৰতলৈ পলাই আহিছে৷ এতিয়া এওঁলোকক এই সুযোগ দিয়াটো আমাৰ দায়িত্ব তথা কর্তব্য৷’

You might also like