নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব শৰণীয়াত পিষ্টল দেখুৱাই দুর্বৃত্তই নিলে মহিলাৰ চেইন

বিশেষ বাৰ্তা, ৯ জুলাই : গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ মহানগৰ আৰক্ষীক অংগুষ্ঠ প্রদর্শন কৰি দুর্বৃত্তই ধাৰাবাহিকভাৱে পিষ্টল দেখুৱাই লুটপাত চলাই আহিছে ৷ আজি পুনৰ পূব শৰণীয়াত বাইকত অহা দুই দুর্বৃত্তই পিষ্টল দেখুৱাই এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিয়ে ৷ ক’লা ৰঙৰ পালছাৰত অহা দুই দুর্বৃত্তই প্রাতঃভ্ৰমণত ওলাই অহা মণিৰা ৰাভা নামৰ মহিলাগৰাকীৰ পৰা সোণৰ চেইন কাঢ়ি নিয়ে ৷ পুৱাই সংঘটিত এই ঘটনাত অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰিছে ৷

You might also like