বিশেষ বাৰ্তা, ২৫ আগষ্ট : স্মার্ট আৰক্ষীক প্রত্যাহ্বান জনাই গুৱাহাটী মহানগৰীত অব্যাহত আছে চোৰৰ চাফাই অভিযান৷ নুনমাটি থানাৰ অন্তর্গত মঠঘৰীয়াৰ মাদাৰ টেৰেছা পথত নিশা চোৰে অভিযান চলায় ২০৩নং ঘৰৰ নিবাসী তথা অৱসৰপ্রাপ্ত অভিযন্তা লক্ষেন্দ্র শইকীয়াৰ ঘৰত৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে দুৱাৰৰ তলা ভাঙি ঘৰৰ ভিতৰত প্রৱেশ কৰি চোৰৰ দলে বিভিন্ন সামগ্রী লণ্ডভণ্ড কৰাৰ লগতে গডৰেজৰ তলা ভাঙি সোণৰ গহনা, নগদ ধন, লেপটপকে আদি কৰি বহু মূল্যৱান সামগ্রী লুট কৰি নিয়ে৷ উল্লেখ্য যে অৱসৰপ্রাপ্ত অভিযন্তাগৰাকী পৰিয়ালসহ প্রায় এমাহ পূর্বে দক্ষিণ কোৰিয়ালৈ যায়৷ ৰখীয়া হিচাপে এজন লোক চৌহদৰ এটা দিশত থাকে যদিও মূল ঘৰত কোনো নথকাৰ সুবিধা গ্রহণ কৰি লুটপাত চলায়৷ পুৱা ৰখীয়াজনে ঘৰৰ দুৱাৰ খোলা প্রত্যক্ষ কৰি ভিতৰত প্রৱেশ কৰে আৰু চুৰি হোৱাটো নিশ্চিত হয়৷ পিছত নুনমাটি আৰক্ষীক খবৰ দিয়ে৷ খবৰ পোৱা মাত্রকে নুনমাটি আৰক্ষী উপস্থিত হৈ চুৰি কাণ্ডৰ বুজ লৈ চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰে।