নলবাৰীৰ মূলাৰকুছি ছায়াপাৰা চুবুৰিৰ কেইবাটাও মন্দিৰত চুৰি
নিয়মীয়া বার্তা, ৩১ জুলাইঃ একেনিশাই নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ মূলাৰকুছি ছায়াপাৰা চুবুৰিৰ কেইবাটাও মন্দিৰত চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যোৱানিশা চুবুৰিটোৰ প্ৰায় দহঘৰতকৈয়ো অধিক লোকৰ নিজা মন্দিৰৰ ভিতৰত সোমাই চোৰে চুৰিকাণ্ড সংঘটিত কৰি বিভিন্ন মূল্যবান সা-সামগ্ৰী চুৰি কৰি লৈ যায়৷ বৰতাল, পিতলৰ ঘণ্টা, বৰকাহা, লোটা, তাম্ৰপত্ৰ আদিৰ লগতে প্ৰণামীৰ নগদ ধনসমূহো চুৰি কৰি লৈ যোৱাত চিন্তিত হৈ পৰিছে চুবুৰিবাসী৷ ইয়াৰ পৰিত্ৰাণ বিচাৰি ভুক্তভোগী পৰিয়ালকেইটাই স্থানীয় বেলশৰ থানাত ফোনযোগে বিষয়টো সন্দৰ্ভত অৱগত কৰোৱাৰ উপৰি চোৰক কৰায়ত্ব কৰাৰ বাবে আবেদন জনায়৷ লগে লগেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিদৰ্শন আৰু পৰ্যবেক্ষণ কৰি তদন্ত চলায় আৰু ভুক্তভোগী পৰিয়ালকেইটাক আশ্বাস প্ৰদান কৰে৷ উল্লেখ যে ইয়াৰ এসপ্তাহ আগতে নলবাৰীৰ খাৰজাৰাৰ নিউকনলীৰ কেইবাটাও পৰিয়ালৰ মন্দিৰৰ সকলো ভগৱানৰ তাম্রৰ বটা, কাঁহী, শংখ ঘণ্টাকে ধৰি সকলো বস্তু চোৰে নি তহিলং কৰে৷
প্রেৰক তপন কুমাৰ শর্মা