আজি সামৰণি পৰিব দ্বিতীয় পর্যায়ৰ হাই ভল্টেজ নির্বাচনী প্রচাৰৰ
নিয়মীয়া বার্তা, ৩০ মার্চঃ অহা ১ এপ্রিলত ভোটগ্রহণ হ’বলগীয়া দ্বিতীয় পর্যায়ৰ নির্বাচনী প্রচাৰৰ আজি সন্ধিয়া ৬ বজাত সামৰণি পৰিব৷ দেশৰ নির্বাচন আয়োগে জনপ্রতিনিধিত্ব আইন–১৯৫১ৰ ধাৰা ১২৬ অনুসৰি অসম বিধানসভা নির্বাচনৰ প্রতিটো পর্যায়তে ভোটগ্রহণ সমাপ্ত হোৱাৰ ৪৮ ঘণ্টা আগতে প্রার্থীসকলক নির্বাচনী প্রচাৰ সমাপ্ত কৰিবলৈ নির্দেশনা জাৰি কৰিছে৷
সেই অনুসৰি দ্বিতীয় পর্যায়ত ৩৯টা সমষ্টিত অহা ১ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া ভোটগ্রহণৰ ক্ষেত্রত আজি সন্ধিয়া ৬ বজাত নির্বাচনী প্রচাৰৰ অন্ত পেলাব লাগিব৷ তদুপৰি দ্বিতীয় পর্যায়ৰ ভোটগ্রহণৰ পূর্বৰ ৭২ ঘণ্টা আৰু ভোটগ্রহণৰ দিনা বাইক ৰেলী উলিওৱাৰ ক্ষেত্রত আয়োগে নিষেধাজ্ঞা জাৰি কৰিছে৷
আজি সন্ধিয়া ৬ বজাৰ লগে লগে দ্বিতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহত বাইক ৰেলীৰ সামৰণি পৰিব৷ নির্বাচন আয়োগে এক বিবৃতিত কয় যে এই সময়ছোৱাত কোনো ব্যক্তিয়ে নির্বাচনী প্রচাৰ সম্পর্কীয় কোনো সভা, শোভাযাত্রা আদি অনুষ্ঠিত কৰা বা উপস্থিত থকাৰ পৰা বিৰত থাকিব লাগিব৷ এই সময়ছোৱাত চলচ্চিত্র, টেলিভিছন আদি গণ মাধ্যমসমূহতো প্রচাৰ কার্য বন্ধ ৰাখিব লাগিব৷
তদুপৰি ভোটাৰসকলক আকর্ষিত কৰিব পৰা কোনো মনোৰঞ্জনধর্মী অনুষ্ঠান আয়োজন কৰাৰ পৰাও এই সময়ছোৱাত বিৰত থাকিব লাগিব৷ আনহাতে, ৰাজ্যসমূহত চলি থকা নির্বাচনী প্রক্রিয়া সম্পূর্ণ নোহোৱা পর্যন্ত এগ্জিট প’ল অনুষ্ঠিত কৰা বা এগ্জিট প’ল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খোজা নির্বাচনী ফলাফলৰ পূর্বানুমানো এই সময়ছোৱাত ঘোষণা কৰিব নোৱাৰিব৷
তদুপৰি কেইবাটাও পর্যায়ত আৰু কেইবাখনো ৰাজ্যত একেলগে নির্বাচন অনুষ্ঠিত হৈ থকা বাবে এই সকলো ৰাজ্যৰ সকলো পর্যায়ৰ ভোটগ্রহণ প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছতহে কোনো এগ্জিট প’ল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খোজা নির্বাচনী ফলাফলৰ পূর্বানুমান ঘোষণা কৰিব পাৰিব৷
উল্লেখ্য যে দ্বিতীয় পর্যায়ৰ নির্বাচনত মুঠ ৩৪৫গৰাকী প্রার্থী নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ মুঠ ৭৩,৪৪,৬৩১গৰাকী ভোটাৰে প্রার্থীসকলৰ ভাগ্য নির্ণয় কৰিব৷ ইয়াৰে ৩৭,৩৪,৫৩৭জন পুৰুষ, ৩৬,০৯,৯৫৯গৰাকী মহিলা আৰু ১৩৫ তৃতীয় লিংগৰ ভোটাৰ৷