🔹 বৰ্ণাঢ্য কাৰ্যসূচীৰে মণ্ডপৰ লাইখুঁটা স্থাপন
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ : ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত ইতিহাসপ্ৰসিদ্ধ হাৰ্হি অঞ্চলৰ গোবিন্দপুৰত ১৯৯৮ চনতে প্ৰতিষ্ঠা হৈছিল ঢকুৱাখনা মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান হাৰ্হি মহাবিদ্যালয়। বিগত ২৫ বছৰীয়া গৌৰৱোজ্জ্বল বৰ্ণিল বিদ্যায়তনিক পৰিক্ৰমাত বৌদ্ধিক আৰু শৈক্ষিক উত্তৰণেৰে উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা মহাবিদ্যালয়খনৰ পঁচিশ বছৰীয়া স্মৃতি ৰোমন্থনৰ মানসেৰে অহা ৯ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ উদযাপন কৰা হ’ব হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱ। এই উপলক্ষে আজি মহাবিদ্যালয়ৰ খেলপথাৰত স্থাপন কৰা হয় ৰূপালী জয়ন্তী মহোৎসৱৰ মূল মণ্ডপৰ লাইখুঁটা । এক গম্ভীৰ্যপূৰ্ণ পৰিৱেশত পুৱা ৮ বজাত গায়ন-বায়ন, উৰুলি, মংগল ধ্বনিৰ মাজত ধৰ্মীয় নীতি-নিয়মেৰে ৰূপালী জয়ন্তীৰ মূল সভাগৃহৰ লাইখুঁটা স্থাপন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই। উদযাপন সমিতিৰ কাৰ্যকৰী ক্ষীৰোদ শইকীয়া, সম্পাদক ড° মানসজ্যোতি নেওগসহ গৰিষ্ঠসংখ্যক বিষয়ববীয়া, কৰ্মকর্তা, মহাবিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰী, শিক্ষাৰ্থী, শিক্ষানুৰাগী ৰাইজ, শুভাকাংক্ষীৰ সহযোগিতাত লাইখুঁটা স্থাপন কৰি সাংসদ বৰুৱাই এই দিনটো ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ শৈক্ষিক ইতিহাসৰ এক স্বৰ্ণিল দিন বুলি মন্তব্য কৰি ৰূপালী জয়ন্তী মহোৎসৱ সফল উদযাপনৰ হেতু সাংসদগৰাকীয়ে প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ নিশ্চয়তা প্রদান কৰে। ইয়াৰ পিছতে ৰূপালী জয়ন্তী উপলক্ষত মহাবিদ্যালয়খনলৈ উৎসৰ্গিত স্থায়ী মুখ্য তোৰণৰ শিলান্যাস কৰা হয় মংগল ধ্বনিৰ মাজত। মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ অৰ্থসাহায্যৰে নিৰ্মিত হ’বলগীয়া জয়ন্তীৰ মূল স্থায়ী তোৰণৰ আধাৰশিলা স্থাপন কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই। ইয়াৰ আগতে ৰাষ্ট্ৰীয় উচ্চ শিক্ষা অভিযান, অসমৰ দ্বাৰা আৱন্টিত ১ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা শ্ৰেণীকোঠা ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰে সাংসদ প্ৰদান বৰুৱাই। তিনিওটি অনুষ্ঠানতে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূত, ব্ৰহ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ গুণীন্দ্ৰ নাথ পেগু, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° জিতেন দত্ত, হাৰ্হি জিলা পৰিষদৰ সদস্য টিটোমণি গোহাঁই চেতিয়াকে ধৰি অভিভাৱক, জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন ছাত্ৰ আৰু শিক্ষাব্রতী ৰাইজ উপস্থিত থাকে । অহা ৯ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীত হাৰ্হি মহাবিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী তথা সকলো শুভাকাংক্ষীৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱ উদযাপন সমিতিয়ে।
প্ৰেৰক পুলকজ্যোতি বৰা