নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈত স্থাপন হ’ব ৰজা ধর্ম নাৰায়ণৰ মূর্তি

নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ ১৬১৬ চনত কোচবিহাৰৰ পৰা আহি অবিভক্ত দৰং জিলা (বর্তমান ওদালগুৰি জিলা)ৰ কোৰামোৰ চাহ বাগানৰ সমীপৰ খেৰখেৰীয়াত ৰাজধানী স্থাপন কৰি দৰং ৰাজ্য প্রতিষ্ঠা কৰা ৰজা বলি নাৰায়ণ বা ধর্ম নাৰায়ণৰ এটি পূর্ণাৱয়ব মূর্তি স্থাপন কৰা হ’ব দৰঙৰ সদৰ মঙলদৈত৷ লক্ষণীয় যে দৰং ৰাজ্য প্রতিষ্ঠাৰ ডেৰ বছৰমান পিছতেই খেৰখেৰীয়াৰ পৰা ৰাজধানী উঠাই আনি মঙলদৈৰ মোহনপুৰ হাউলীত ৰাজধানী পাতিছিল৷

মঙলদৈ চহৰৰ মাজমজিয়াত থকা ঐতিহাসিক বৰপুখুৰীৰ পাৰত প্রতিষ্ঠা কৰা হ’ব ধর্ম নাৰায়ণৰ পূর্ণাৱয়ব মূর্তি৷ ইতিমধ্যে পৌৰসভা কর্তৃপক্ষৰ লগত মূর্তি স্থাপনৰ বাবে প্রয়োজনীয় মাটি সম্পর্কে কথা পাতিছে৷ অলপতে মঙলদৈ আৱর্ত ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে সভাপতিত্ব কৰা সভাখনত অংশগ্রহণ কৰি সভাৰ আহ্বায়ক তথা ৰজা ধর্ম নাৰায়ণৰ পৰিনাতি ডাঃ অমৰেন্দ্র নাৰায়ণ দেৱে ধর্ম নাৰায়ণৰ বিষয়ে ভাষণ আগবঢ়ায়৷

ড০ বিজয় শর্মা, জ্যেষ্ঠ সাংবাদিক ভার্গৱ দাস, সাহিত্যিক ইদ্রিছ আলী, অৱসৰী অধ্যক্ষ দীনেশ্বৰ চহৰীয়া, ৰামচৰণ ডেকা আদিয়ে ৰজা ধর্ম নাৰায়ণৰ পূর্ণাৱয়ব মূর্তি স্থাপনৰ পোষকতা কৰে৷ উল্লেখ্য যে এই মূর্তি নির্মাণৰ সম্পূর্ণ খৰচ ডাঃ অমৰেন্দ্র নাৰায়ণ দেৱে কৰিব বুলি ঘোষণা কৰে৷ অৱশ্যে মূর্তি স্থাপনৰ ভেটিটো বিধায়ক আৰু সাংসদ উন্নয়ন পুঁজিৰ পৰা দিব বুলি আশ্বাস দিয়ে৷

মূর্তি স্থাপনৰ কাৰণে প্রয়োজনীয় কাম–কাজ চলাই নিবলৈ ড০ নগেন্দ্র নাথ শর্মা, ড০ বিজয় শর্মা, ৰামচৰণ ডেকা, ইদ্রিছ আলী আদিক উপদেষ্টা, বিধায়ক গুৰুজ্যোতি দাসক সভাপতি, ডাঃ অমৰেন্দ্র নাৰায়ণ দেৱক কার্যকৰী সভাপতি, বাসৱ চন্দ্র ডেকা আৰু কুমাৰ প্রণৱ নাৰায়ণ দেৱক সম্পাদক হিচাপে আৰু কেইবাজনো সদস্যৰে এখন নির্মাণ সমিতি গঠন কৰা হয়৷ লক্ষণীয় যে ধর্ম নাৰায়ণ বীৰ যোদ্ধা হোৱাৰ উপৰি ধার্মিক, সাংস্কৃতিক আৰু প্রজাহিতৈষী আছিল৷

ৰজা ধর্ম নাৰায়ণৰ পূর্ণাৱয়ব মূর্তি স্থাপনৰ বাবে ডাঃ অমৰেন্দ্র নাৰায়ণ দেৱে লোৱা পদক্ষেপক ধর্ম নাৰায়ণৰ পৰিনাতি অধিবক্তা ধর্মেন্দ্র নাৰায়ণ দেৱ, মঙলদৈ মিডিয়া চার্কোলৰ সভাপতি হিতেশ হাজৰিকা, দেওমৰনৈ মহাবিদ্যালয়ৰ অধ্যাপক বিজয় কুমাৰ বৰুৱা, ৰাজপৰিয়ালৰ বোৱাৰী বীণা হাজৰিকা দেৱী, কুমাৰ দীনেন্দ্র নাৰায়ণ দেৱ, দৰং জিলা ছাত্র সন্থা, দৰং জিলা নাগৰিক সন্থাৰ সম্পাদক মনোজ কুমাৰ শর্মা, মঙলদৈ প্রেছ ক্লাব আদিয়ে আদৰণি জনাইছে৷

You might also like