তৃতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়ন দাখিল পর্বৰ অন্ত
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ ৰাজ্যত তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নির্বাচনৰ মনোনয়ন পত্র দাখিল পর্বৰ অন্ত পৰিল৷ শুকুৰবাৰে আছিল তৃতীয় পর্যায়ৰ মনোনয়ন পত্র দাখিলৰ অন্তিম দিন৷
ইতিমধ্যে যোৱা ৯ মার্চত প্রথম পর্যায়ৰ আৰু ১২ মার্চত দ্বিতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়ন পত্র জমা দিয়াৰ দিন উকলি গৈছে৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে শুকুৰবাৰে অন্তিম দিনালৈকে তিনি শতাধিক প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে৷
অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি নিশা ৮.৫০ বজা পর্যন্ত ৩০৯জন প্রার্থীয়ে মনোনয়ন পত্র দাখিলৰ তথ্য পোৱা গৈছে৷ এই সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ অন্তিম দিনা বহুকেইজন হেভীৱেট প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে৷ তাৰ ভিতৰত জালুকবাৰী সমষ্টিৰ বিজেপি প্রার্থী বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বঙাইগাঁৱৰ অগপ প্রার্থী যোগান মন্ত্রী ফণীভূষণ চৌধুৰী, ছয়গাঁৱৰ কংগ্রেছ প্রার্থী বিধায়ক ৰেকিবুদ্দিন আহমেদ, চাপাগুৰিৰ ইউপিপিএলৰ প্রার্থী ইউ জি ব্রহ্ম, দুধনৈৰ নির্দলীয় প্রার্থী বিধায়ক দীপক কুমাৰ ৰাভা, বিজনীৰ বিপিএফ প্রার্থী বিধায়ক কমল সিং নার্জাৰী, হাজোৰ বিজেপি প্রার্থী বিধায়িকা সুমন হৰিপ্রিয়া, সৰুক্ষেত্রীৰ অগপ প্রার্থী কল্পনা পাটোৱাৰী, এআইইউডিএফ প্রার্থী মীনাক্ষি ৰহমান আদি অন্যতম৷
উল্লেখ্য যে অহা ৬ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়ন পত্রসমূহ ২০ মার্চত পৰীক্ষা কৰা হ’ব৷ মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন হৈছে অহা ২২ মার্চ৷