নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলুৱৈৰ মাজত খেলৰ সামগ্ৰী বিতৰণ চিথিলা ভিচিডিচিৰ অধ্যক্ষৰ

নিয়মীয়া বাৰ্তা, ২৩ জুলাই : কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ন খণ্ডৰ অধীনৰ চিথিলা ভিচিডিচিৰ অধ্যক্ষ কনকেশ্বৰ ৰায়ে খেলৰ প্ৰতি অধিক গুৰত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে । সেই হেতুকে অধ্যক্ষ কনকেশ্বৰ ৰায়ে ব্যক্তিগতভাৱে বিশ্বজ্যোতি সংঘৰ খেলুৱৈসকলৰ মাজত জাৰ্ছী আৰু ফুটবল যোগান ধৰি খেলুৱৈসকলৰ উৎসাহ বৃদ্ধি কৰে । আজি খেলুৱৈসকলৰ মাজত জাৰ্ছী আৰু ফুটবল বিতৰণ কৰাত খেলুৱৈসকল আনন্দিত হয় । চিথিলা ভিচিডিচি কাৰ্যালয়ৰ সন্মুখত খেলৰ সামগ্ৰীসমূহ বিতৰণৰ সময়ত অধ্যক্ষ কনকেশ্বৰ ৰায়ৰ লগতে উপস্থিত থাকে উপ-সভাপতি সুশান্ত সূত্ৰধৰ, জিআৰএছ চন্দন ৰায় , যগদৈ ভিচিডিচিৰ অধ্যক্ষ কনক বৰ্মন আদি ।

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like